--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাত দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত মইনা নায়কৰ ঘটনাই উন্মোচন কৰিলে শোষিত ব্যৱস্থাৰ জীয়া ছবি৷ বুৰ্জোৱা সমাজ ব্যৱস্থাত আজিও মইনা নায়কৰ দৰে শ্ৰমিকে সৰ্বস্ব হেৰুৱাবলগীয়া হয় জীয়াই থকাৰ তাড়ণাত৷ সামাজিক মাধ্যমত হোৱা প্ৰতিবাদৰ অন্তত চৰকাৰে মইনা নায়কৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিলে। মইনা নায়কৰ বিষয়টোত সৰব হৈছে ৰাইজৰ দল৷

ৰাইজৰ দলে ছোৱালীজনীৰ চিকিৎসা দিল্লীৰ এইমছত কৰিবলৈ চৰকাৰক দাবী জনাইছে। মইনা নায়কৰ ঘটনাই কেইবাটাও তথ্য উন্মোচিত কৰিছে। ৰাইজৰ দলে আঙুলিয়াই দেখুৱাইছে তেনে কেতবোৰ তথ্য৷ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো অসমৰ শ্ৰমিকে সুৰক্ষা নোলোৱাকৈ কাম কৰি থাকিবলগীয়া হৈছে। যিসময়ত মূল্যবৃদ্ধিয়ে আকাশ চুইছে সেইসময়ত অসমৰ চাহ শ্ৰমিকসকলে মাত্ৰ ২০৫ টকা মজুৰিত বিপজ্জনকভাৱে কাম কৰিবলগীয়া হৈছে।

ৰাইজৰ দলৰ অভিযোগ- Factories Act, 1948 ৰ ২২ নং দফা অনুসৰি মেচিনৰ কাষত কেৱল প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাপ্তবয়স্ক পুৰুষ শ্ৰমিকেহে কাম কৰিব পাৰে। তাৰ পিছতো আইন উলংঘা কৰি মইনা নায়কক মেচিনৰ ওচৰত কামত লগাইছিল।
অসমৰ এজন শ্ৰম মন্ত্ৰী, এটা বিয়াগোম শ্ৰম বিভাগ থকাৰ পিছতো উদ্যোগসমূহত মুকলিকৈ শ্ৰম আইনসমূহ উলংঘন হৈ থকাৰ অভিযোগ তুলিছে ৰাইজৰ দলে৷ 
এইসমূহ চূড়ান্ত বিফলতাৰ বাবে শ্ৰম মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত নহয়নে বুলি প্ৰশ্ন তুলিছে দলটোৱে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?