--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাত দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত মইনা নায়কৰ ঘটনাই উন্মোচন কৰিলে শোষিত ব্যৱস্থাৰ জীয়া ছবি৷ বুৰ্জোৱা সমাজ ব্যৱস্থাত আজিও মইনা নায়কৰ দৰে শ্ৰমিকে সৰ্বস্ব হেৰুৱাবলগীয়া হয় জীয়াই থকাৰ তাড়ণাত৷ সামাজিক মাধ্যমত হোৱা প্ৰতিবাদৰ অন্তত চৰকাৰে মইনা নায়কৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিলে। মইনা নায়কৰ বিষয়টোত সৰব হৈছে ৰাইজৰ দল৷

ৰাইজৰ দলে ছোৱালীজনীৰ চিকিৎসা দিল্লীৰ এইমছত কৰিবলৈ চৰকাৰক দাবী জনাইছে। মইনা নায়কৰ ঘটনাই কেইবাটাও তথ্য উন্মোচিত কৰিছে। ৰাইজৰ দলে আঙুলিয়াই দেখুৱাইছে তেনে কেতবোৰ তথ্য৷ স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো অসমৰ শ্ৰমিকে সুৰক্ষা নোলোৱাকৈ কাম কৰি থাকিবলগীয়া হৈছে। যিসময়ত মূল্যবৃদ্ধিয়ে আকাশ চুইছে সেইসময়ত অসমৰ চাহ শ্ৰমিকসকলে মাত্ৰ ২০৫ টকা মজুৰিত বিপজ্জনকভাৱে কাম কৰিবলগীয়া হৈছে।

ৰাইজৰ দলৰ অভিযোগ- Factories Act, 1948 ৰ ২২ নং দফা অনুসৰি মেচিনৰ কাষত কেৱল প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাপ্তবয়স্ক পুৰুষ শ্ৰমিকেহে কাম কৰিব পাৰে। তাৰ পিছতো আইন উলংঘা কৰি মইনা নায়কক মেচিনৰ ওচৰত কামত লগাইছিল।
অসমৰ এজন শ্ৰম মন্ত্ৰী, এটা বিয়াগোম শ্ৰম বিভাগ থকাৰ পিছতো উদ্যোগসমূহত মুকলিকৈ শ্ৰম আইনসমূহ উলংঘন হৈ থকাৰ অভিযোগ তুলিছে ৰাইজৰ দলে৷ 
এইসমূহ চূড়ান্ত বিফলতাৰ বাবে শ্ৰম মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত নহয়নে বুলি প্ৰশ্ন তুলিছে দলটোৱে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ