--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে আফগানিস্তানৰ শিখ-হিন্দুসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰি আশ্বাস দিয়ে যে, ‘ভাৰত তেওঁলোকৰ নিজৰ ঘৰ আৰু প্ৰতিজন ভাৰতীয়ই তেওঁলোকৰ প্ৰতি অপৰিসীম মৰম আৰু সন্মান ৰাখে’। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসভৱনত শিখ সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তি আৰু আধ্যাত্মিক নেতাসকলৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰাৰ পাছত এই বৈঠকখন অনুষ্ঠিত কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে তালিবানে দেশখন দখল কৰাৰ পাছত আফগানিস্তানত উৎপীড়নৰ সন্মুখীন হোৱা সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘ভাৰতভূমি আপোনালোকৰ নিজা ঘৰ। আপোনালোক আমাৰ বাবে অতিথি নহয় আৰু প্ৰতিজন ভাৰতীয়ৰে আপোনালোকৰ প্ৰতি প্ৰেম আৰু সন্মান আছে।’ প্ৰধানমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী আইনৰ সুবিধা আৰু সমাজৰ বাবে ইয়াৰ লাভালাভৰ বিষয়েও আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে আফগান শিখ-হিন্দুসকলৰ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে আশ্বাস প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন