--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কোলাত ২০ দিনীয়া সন্তান। কোলাত সদ্যোজাতক লৈয়েই দৈনিক ৬০ কিলোমিটাৰ পথ অতিক্ৰমি পৰীক্ষা দিবলৈ যায় এগৰাকী মহিলা। তেওঁৰ কাষে-কাষে যোগ্য সহযোগীৰ ৰূপত থাকে স্বামী। পৰীক্ষা চলি থকা সময়ত কোলাত সন্তানক লৈ পৰীক্ষা গৃহৰ বাহিৰত ৰৈ থাকে স্বামী। স্বামী-স্ত্ৰীৰ মাজৰ অতুলনীয় প্ৰেম আৰু সহযোগিতাৰ এই কাহিনীয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। সুখী আৰু বুজাবুজিপূৰ্ণ সাংসাৰিক জীৱন লাভ কৰাটো সকলোৰে ভাগ্য নাথাকে। কিন্তু বিবাহোত্তৰ প্ৰেম আৰু সহযোগিতাৰ এটা অতুলনীয় নিদৰ্শন দাঙি ধৰিছে মধ্যপ্ৰদেশৰ গোৱালিৰৰ এক দম্পতীয়ে। দ্বাদশ শ্ৰেণীৰ ছাত্ৰী পত্নীৰ পঢ়া-শুনা যাতে ব্যাহত নহয় আৰু তেওঁ যাতে সুকলমে নিজৰ পৰীক্ষাত বহিব পাৰে তাৰ বাবে দিন-ৰাতি একাকাৰ কৰি কষ্ট কৰে তেওঁৰ স্বামী খেয়ৰ সিঙে। বিয়াৰ পাছতো পত্নীক পঢ়া-শুনা অব্যাহত ৰাখিবলৈ উৎসাহিত কৰিছিল খেয়ৰ সিঙে। কিন্তু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মাত্ৰ কুৰি দিনৰ আগেয়ে পত্নী প্ৰিয়ংকা বাঘেলে এটি সন্তান প্ৰসৱ কৰাত প্ৰত্যাহ্বান বৃদ্ধি পায় দম্পতীটোৰ। সন্তান জন্মৰ পাছত স্বাভাৱিক শাৰীৰিক দুৰ্বলতাৰ চিকাৰ হ’বলগীয়া হয় প্ৰিয়ংকা। তদুপৰি কণমানি সন্তানক চম্ভালি পৰীক্ষা দিয়াটো অসম্ভৱপ্ৰায় হৈ উঠে। কিন্তু এষাৰ কথা আছে যে, স্ত্ৰী-পুৰুষ হৈবা একমতি, তেবেসে সিজিব কৃষ্ণত ভকতি। একমতি হৈয়েই অসাধ্যকো সাধন কৰি দেখুৱালে এই স্বামী-স্ত্ৰীয়ে। পৰীক্ষাৰ কেইদিন পত্নীক সদায় পৰীক্ষাগৃহলৈ লৈ যোৱাৰ লগতে সদ্যোজাতক কোলাত লৈ নিজেও খয়েৰ সিং ৰৈ আছিল পৰীক্ষাগৃৰ বাহিৰ। সকলো যত্ন লৈছিল সন্তানৰ। নিজে আর্থিক অনাটনৰ বাবে পঢ়া-শুনা সম্পূৰ্ণ কৰিব পৰা নাছিল খয়েৰ সিঙে। কিন্তু পত্নীৰ পঢ়াৰ ধাউতিত যাতে কোনো যতি নপৰে তাৰ বাবে যৎপৰোনাস্তি সকলো কৰিবলৈ অংগীকাৰ কৰিছিল লোকজনে। ২০২০চনত তেওঁলোকৰ বিয়া হৈছিল। বিয়াৰ দিনাই তেওঁ জানিব পাৰে যে, পত্নীৰ পঢ়াৰ প্ৰতি আছে অশেষ ধাউতি আৰু তেওঁ সপোন হৈছে চিকিৎসক হোৱাৰ। পত্নীৰ এই সপোনক নিজৰো সপোন কৰি লৈ তাৰ পিছদিনাৰ পৰাই দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰে খয়েৰ সিঙে। পত্নীক চিকিৎসকৰ ৰূপত চাবলৈ তেওঁ সকলো কষ্ট স্বীকাৰ কৰিবলৈ সাজু হয়। আৰু তেওঁৰ পঢ়-শুনা আগুৱাই নিবলৈ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। আৰু পৰীক্ষাৰ মাত্ৰ ২০ দিনৰ আগেয়ে যেতিয়া পত্নীয়ে সন্তান প্ৰসৱ কৰে তেতিয়া তেওঁ দুগুণ দায়িত্বৰে পত্নীক সহায় কৰিবলৈ সাজু হয়। পত্নীক ৬০ কিলোমিটাৰ আঁতৰৰ পৰীক্ষাকেন্দ্ৰই লৈ যোৱাই নহয়, সন্তানক চম্ভালি, পৰীক্ষাগৃহৰ বাহিৰতে বহি থাকি তেওঁৰ মনোবলো বৃদ্ধি কৰে। পত্নীৰ প্ৰতি প্ৰেম আৰু দায়বদ্ধতাৰ এই নিদৰ্শনে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। খয়েৰ সিঙৰ দৰে ব্যক্তিৰ দায়বদ্ধতা এতিয়া সকলো বিদ্যোৎসাহী নাৰীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ