--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰামায়ণত বৰ্ণিত 'জটায়ু'ক পুনৰ মানুহৰ দৃষ্টিলৈ আনিছে  আমিৰ খানৰ ছবি 'লাল সিং চাড্ডা'ৰ ট্ৰেইলাৰে৷ ডেউকা মেলি থকা এটা বিশাল আকাৰৰ চৰাই, এই উৰো উৰো কৰি আছে৷ চৰাইটোৰ বিষয়ে হয়তো আমিৰ খানৰ ছবিৰ ট্ৰেইলাৰৰ আগতে ভাৰতৰ বহু লোকে জনাই নাছিল৷

 কেৰালাৰ যি স্থানত এই চৰাইটোৰ প্ৰতিমূৰ্তি আছে  সেই ভৱনটো পৃথিৱীৰ আটাইতকৈ ওখ স্থানত থকা  অট্টালিকাবোৰৰ ভিতৰৰে এটা হিচাবে গণ্য কৰা হয়। পাহাৰৰ শীৰ্ষস্থানত থকা এই ভৱনটো হৈছে কেৰালাৰ বিখ্যাত জাততুপাৰা বা জটায়ু ভৱন৷ কেৰালাৰ কোল্লাম জিলাৰ চাদয়ামঙ্গলমত এই ভৱনটো অৱস্থিত।ইয়াতেই আছে আমিৰ খানৰ ছবিত দেখুওৱা জটায়ুটো৷

জটায়ু আৰ্থ চেণ্টাৰ নামেৰে জনাজাত জটায়ুৰ মূৰ্তিটো অবিকল চৰাইৰ ৰূপত নিৰ্মাণ কৰা হৈছে। এই মূৰ্তিটো পৃথিৱীৰ আটাইতকৈ ওখ মূৰ্তি হিচাপে বিখ্যাত। ৬৫  একৰ ভূমি সামৰি  নিৰ্মাণ কৰা হৈছে এই ভৱন আৰু মূৰ্তি৷ লক্ষ্যণীয় কথাটো হ’ল এই জটায়ুৰ মূৰ্তি সাগৰপৃষ্ঠৰ পৰা ১২০০ ফুট উচ্চতাত স্থাপন কৰা হৈছে। সেয়ে এনে লাগে যেন মেঘৰ মাজে মাজে উৰি ফুৰিছে জটায়ুটোৱে৷

জটায়ুৰ মূৰ্তিটোৰ মুঠ দৈৰ্ঘ্য ২০০ ফুট আৰু ই বহলে  ১৫০ ফুট । কেৰালাৰ  চাদয়ামঙ্গলম গাঁৱত থকা তিনিমহলীয়া ভৱনৰযত স্থাপিত মূৰ্তিটোৱে আগুৰি থকা ঠাইৰ দেৱালবোৰো বিশাল। ইয়াৰ  ভিতৰত এখন ডাঙৰ পৰ্দাও আছে, য'ত আপুনি ৬ ডিত সীতাৰ অপহৰণৰ কাহিনী চাব পাৰে। তৃতীয় মহলাত ছিয় হৈ  আপুনি চৌপাশৰ প্ৰাকৃতিক উপভোগ কৰিব পাৰে ৷ ওপৰৰ পৰা দেখা পোৱা জাতৌপাৰাৰ সৌন্দৰ্যই আপোনাৰ মনত দিব অপাৰ আনন্দ৷ 

 জটায়ু আৰ্থ চেণ্টাৰৰ ওচৰত এখ উদ্যানো নিৰ্মাণ কৰা হৈছে। ইয়াত ব কে ক্লাইম্ব, কমাণ্ডো নেট, পেইণ্টবল, ৰ’প  হেংগিং, ভেলী ক্ৰছিং, চিমনি ক্লাইম্বিং, শ্বুটিং,  ৱাল ক্লাইম্বিং, ট্ৰেকিং, আৰ্চাৰী আৰু ৰছীৰে নিৰ্মিত বাৰ্মা ব্ৰীজ আদি আছে। এই সুন্দৰ অট্টালিকাটো ৰাজীৱ জোনে নিৰ্মাণ কৰিছিল। তেওঁ মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ এজন জনপ্ৰিয়  চলচ্চিত্ৰ পৰিচালক, ভাস্কৰ্যশিল্পী আৰু চিত্ৰনাট্যকাৰ । তেওঁ ইয়াৰ বাবে ৰাজ্যিক বঁটাও লাভ কৰিছে৷

 ১৯৭৭ চনত ৰাজীৱ জোনে কেৰালাৰ ললিতা কলা একাডেমীৰ ভাস্কৰ্য বঁটা প্ৰদান কৰা হৈছিল। কেৰালাৰ প্ৰতিমূৰ্তিটোৰ উপৰি তেওঁ আন ভালেকেইটা  ভাস্কৰ্যও নিৰ্মাণ কৰিছে৷ চুইজাৰলেণ্ডৰ পৰা অনা সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ কেবল কাৰত উঠি আপুনি ইয়াত প্ৰমোদ ভ্ৰমণো কৰিব পাৰে৷ কেবল কাৰত ভ্ৰমণ কৰাৰ ব্যয় হৈছে ৫০০ টকা।
কোল্লামৰ পৰা চন্দমালয়ামলৈ নিয়মীয়া বাছ সেৱাও আছে। ৰামায়ণৰ সৈতে সম্পৰ্কিত 'জটায়ু'ক চাবলৈ যাব নেকি কেৰালালৈ? 




FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ