--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এন আই আৰ এফ ৰেংকিঙে পাঠদান, শিক্ষণ সম্পদ, গৱেষণা আৰু পেছাদাৰী পদ্ধতি, স্নাতক ডিগ্ৰীৰ ফলাফল, প্ৰসাৰ, নামভর্তি আদি বিভিন্ন দিশ চালি-জাৰি চাই শিক্ষা প্রতিষ্ঠানসমূহৰ মূল্যায়ন কৰে।

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় পর্যায়ত জিলিকিল গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি ৰাজ্যৰ আন কেইবাখনো শিক্ষানুষ্ঠান। শিক্ষা মন্ত্ৰ্যালয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয় প্রাতিষ্ঠানিক ৰেংকিং (এন আই আৰ এফ) ২০২৫ ৰেংকিঙত ভাৰতৰ শীর্ষ ১০খন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ ভিতৰত নৱম স্থান দখল কৰি গুৱাহাটী বিশ্ববিদ্যালয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।


আনহাতে, গবেষণা প্রতিষ্ঠান আৰু অভিযান্ত্রিক শিক্ষানুষ্ঠানৰ তালিকাত আই আই টি গুৱাহাটীয়ে ক্রমে ১০নং স্থান আৰু ৮নং স্থান আৰু কৃষি শিক্ষানুষ্ঠানৰ তালিকাত অসম বিশ্ববিদ্যালয় যোৰহাটে ১৮নং স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এন আই আৰ এফ ৰেংকিঙে পাঠদান, শিক্ষণ সম্পদ, গৱেষণা আৰু পেছাদাৰী পদ্ধতি, স্নাতক ডিগ্ৰীৰ ফলাফল, প্ৰসাৰ, নামভর্তি আদি বিভিন্ন দিশ চালি-জাৰি চাই শিক্ষা প্রতিষ্ঠানসমূহৰ মূল্যায়ন কৰে।


ইফালে এন আই আৰ এফৰ প্রকাশিত তালিকা অনুসৰি সামগ্রিকভাবে সকলো ক্ষেত্ৰৰে দেশৰ শীৰ্ষত থকা এশখন শিক্ষানুষ্ঠানৰ তালিকাত আই আই টি গুৱাহাটীয়ে একাদশ স্থান (স্ক'ৰ ৬৭.৬৭), গুৱাহাটী বিশ্ববিদ্যালয়ে ৫২তম স্থান (স্ক'ৰ ৫৫.২৭) আৰু নেশানেল ইনষ্টিটিউট অব টেকন 'লজি ছায়েন্সে ৯৭তম স্থান (স্ক'ৰ ৪৯.৫১) লাভ কৰিছে। আনহাতে, এশখন বিশ্ববিদ্যালয়ৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ে ৩৩তম স্থান (স্ক'ব ৫৭.৩৭), তেজপুৰ বিশ্ববিদ্যালয়ে ৭৯৩ম স্থান (স্ক'ৰ ৪৯.৩১), অসম বিশ্ববিদ্যালয়ে ৯৭তম স্থান (স্ক'ৰ ৪৭.২৮) লাভ কৰিছে। অৱশ্যে, শীর্ষত থকা এশখন কলেজ, মেনেজমেন্ট শিক্ষানুষ্ঠান, মেডিকেল, ডেণ্টেল, আর্কিটেকচাৰ এণ্ড প্লেনিং, মুক্ত বিশ্ববিদ্যালয়ৰ তালিকাত অসমৰ এখনো কলেজৰ নাম অন্তর্ভুক্ত হোৱা নাই।


গবেষণা প্রতিষ্ঠানৰ তালিকাত আই আই টি গুৱাহাটীয়ে ১০নং স্থান (স্ক'ৰ ৬৪.১৮), ইঞ্জিনীয়াৰিং শিক্ষানুষ্ঠানৰ তালিকাত আই আই টি গুৱাহাটীয়ে ৮নং স্থান (স্ক'ৰ ৭২.২৮), নেশানেল ইনষ্টিটিউট অব টেকন'লজি শিলচৰে ৫০নং স্থান (স্ক'ৰ ৫৫.৯১) লাভ কৰিছে। সেইদৰে ফাৰ্মাচী শিক্ষানুষ্ঠাৰ তালিকাত নেশানেল ইনষ্টিটিউট অব্ ফার্মাচিউটিকেল এডুকেশান এণ্ড বিচাৰ্ছ গুৱাহাটীয়ে ১২নং স্থান (স্ক'ব ৬৯.৬৪), ডিব্রুগড় বিশ্ববিদ্যালয়ে ৫৩নং স্থান (স্ক'ব ৫০.৯১), শিলচৰ বিশ্ববিদ্যালয়ে ৭৬নং স্থান (স্ক'ৰ ৪৪.২৪), আইনৰ শিক্ষানুষ্ঠানৰ তালিকাত নেশ্যনেল ল ইউনিভাৰ্ছিটি এণ্ড জুডিচিয়াৰী একাডেমিয়ে ৩৫নং স্থান (স্ক'ৰ ৫৩.৩৯), কৃষি শিক্ষানুষ্ঠানৰ তালিকাত অসম বিশ্ববিদ্যালয় যোৰহাটে ১৮নং স্থান (স্ক'ৰ ৫৭.২০), ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়ৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ে ৯নং স্থান (স্ক'ৰ ৬৪.২৪) আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ৩০নং স্থান (স্ক'ব ৫৪.৭৩) লাভ কৰিবলৈ সক্ষম হৈছে।


উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ তথা ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ A+ স্বীকৃতিপ্রাপ্ত গুৱাহাটী বিশ্ববিদ্যালয়ে আই আৰ এফ ৰেংকিঙৰ পূৰ্বৰ ১৩সংখ্যক স্থানক অতিক্ৰম কৰি ২০২৫ বৰ্ষত নৱম স্থান লাভ কৰিছে। ৰাজ্যৰ শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুরে সামাজিক মাধ্যমৰ জৰিয়তে গুৱাহাটী বিশ্ববিদ্যালয়ক অভিনন্দন জ্ঞাপন কৰি এয়া ৰাজ্যখনৰ বাবে 'গৌৰৱৰ মুহূৰ্ত' বুলি অভিহিত কৰে। বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক ড° ননী গোপাল মহন্তই এই অভূতপূর্ব সাফল্য সন্দর্ভত কয়, 'এই সাফল্য বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, শিক্ষার্থী আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰতিটো স্তৰৰ সমন্বিত প্রচেষ্টাৰ ফল। গুৱাহাটী বিশ্ববিদ্যালয়ে অসমৰ শৈক্ষিক তথা বৌদ্ধিক উত্তৰণৰ ক্ষেত্ৰত পূৰ্বৰে পৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়ত অসমক গৌৰৱান্বিত কৰি আহিছে, এন আই আৰ এফ বেংকিং তাৰ এক উল্লেখযোগ্য নিদর্শন মাত্র। আশা কৰিছোঁ ভৱিষ্যৎ দিনলৈ আমি আমাৰ প্ৰচেষ্টাৰ ফলত শীর্ষস্থান লাভ কৰিবলৈ সক্ষম হ'ম।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ