--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকাতা আৰক্ষীৰ চমনৰ প্ৰতি সঁহাৰি নজনোৱা বাবে নূপুৰ শৰ্মালৈ কলকাতা আৰক্ষীয়ে জাৰি কৰিছে  লুকআউট ন’টিচ৷ হজৰত মহম্মদ সম্পৰ্কে আপত্তিজনক মন্তব্য কৰাৰ পাছত পশ্চিম বংগৰ কিছু অংশত সংঘটিত হৈছিল ব্যাপক হিংসাত্মক ঘটনা৷ নূপুৰ শৰ্মাই চতুৰ্থবাৰৰ বাবে ৰাজ্যখনৰ চোৰাংচোৱাসকলৰ সন্মুখত হাজিৰ হ’বলৈ বিফল হোৱাৰ পাছত কলকাতা আৰক্ষীয়ে আজি বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাৰ বাবে লুকআউট ন’টিচ জাৰি কৰিছে।

নূপুৰ শৰ্মাই আমহাৰ্ষ্ট ষ্ট্ৰীট আৰু নাৰ্কেলডাংগা আৰক্ষী থানাৰ বিষয়াসকলৰ দ্বাৰা জাৰি কৰা চমনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল৷ ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই এটি ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক জনোৱা মতে, কেইবাবাৰো মাতি অনা স্বত্বেও নূপুৰ শৰ্মাই বিষয়াসকলৰ সন্মুখত হাজিৰ হ’বলৈ বিফল হোৱাৰ পিছত আজি লুকআউট জাননী জাৰি কৰা হৈছে।

দুখন আৰক্ষী থানাই তেওঁক দুবাৰকৈ মাতি পঠিয়াইছিল বুলি তেওঁ সদৰী কৰে৷ নুপুৰ শৰ্মাই তেওঁৰ ওপৰত সম্ভাৱ্য আক্ৰমণৰ আশংকাৰ কথা উল্লেখ কৰিছিল৷ তেওঁ কলকাতা ভ্ৰমণ কৰিবলৈ আৰু আৰক্ষী বিষয়াসকলৰ সন্মুখত হাজিৰ হ’বলৈ চাৰি সপ্তাহৰ সময় বিচাৰিছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ