--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জয়পুৰৰ নিয়া আদালতত তেতিয়া কঠোৰ নিৰাপত্তা বেহু৷ আদালতলৈ অনা হব উদয়পুৰৰ হত্যাকাণ্ডৰ অভিযুক্তক৷ কঠোৰ নিৰাপত্তাৰ মাজতেই কানহায়ালালৰ হত্যাৰ আদালতত হাজিৰ কৰোৱা হব বুলি জানিব পাৰি আদালত চৌহদত সমবেত হবলৈ ধৰিলে ইজনৰ পাছত সিজন লোক৷ সময় আগবাঢ়িল৷ সমবেত লোকৰ সংখ্যাও বৃদ্ধি পাই গৈ থাকিল৷

আৰু যথাসময়ত পানী নসৰকা নিৰাপত্তা বেষ্টনীৰে আদালতলৈ অনা হল কানহাইয়ালালৰ হত্যাৰ অভিযুক্তক৷ আৰু আদালত চৌহদত অভিযুক্তক দেখি উত্তেজিত হৈ পৰিল উপস্থিত জনতা৷ তাৰ পাছত অভিযুক্তৰ ওপৰত জঁপিয়াই পৰিল উত্তেজিত জনতা৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) আদালতৰ চৌহদৰ বাহিৰত উত্তেজিত জনতাই আক্ৰমণৰ লক্ষ্য কৰি লয় অভিযুক্তকেইগৰাকীক।

অভিযুক্তক আৰক্ষীয়ে আগবঢ়াই নিয়াৰ সময়ত আদালত চৌহদৰ বাহিৰত উকীল আৰু উত্তেজিত জনতাৰ দ্বাৰা প্ৰহাৰ কৰা হৈছিল। অধিবক্তাসকলে আনকি অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবীৰে আদালতকক্ষৰ চৌহদৰ ভিতৰতো প্ৰৱেশ কৰিছিল৷ যেতিয়া মুখ্য অভিযুক্তজনক আৰক্ষীয়ে আদালতৰ বাহিৰত লৈ গৈছিল, ক্ষুব্ধ জনতাই তেওঁলোকক বটল আৰু চটিৰে আক্ৰমণ কৰিছিল। তেওঁলোকে আনকি আৰক্ষীৰ সৈতে সংঘৰ্ষ কৰিছিল আৰু অভিযুক্তজনক প্ৰহাৰ কৰিছিল। অৱশ্যে, আৰক্ষীয়ে সোনকালেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়৷

ইতিমধ্যে, চাৰিজন অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ উদয়পুৰ হত্যাকাণ্ডৰ গোচৰৰ চাৰিজন অভিযুক্ত- মুখ্য অভিযুক্ত মহম্মদ ৰিয়াজ আৰু ঘৌচ মহম্মদকে ধৰি ১২ জুলাইলৈকে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

২৮ জুনত ৰিয়াজ আৰু ঘোচে কানহাইয়া লাল নামৰ এজন হিন্দু ব্যক্তিৰ শিৰচ্ছেদ কৰিছিল৷ উদয়পুৰ হত্যাকাণ্ডটো কেমেৰাত ৰেকৰ্ড কৰা হৈছিল আৰু ইয়াৰ ভিডিঅইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

নূপুৰ শৰ্মাক সমৰ্থন কৰা এটা সামাজিক মাধ্যমৰ পোষ্টৰ বাবে লালক হত্যা কৰা হৈছিল৷ হত্যাৰ সন্দৰ্ভত কালি আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। মহছিন আৰু আচিফ নামৰ অভিযুক্তজন সমগ্ৰ অপৰাধটোৰ আঁৰৰ ষড়যন্ত্ৰ আৰু প্ৰস্তুতিত জড়িত আছিল। চাৰিওজন অভিযুক্তক এতিয়া এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

গোচৰটোত কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত পঞ্জীয়ন কৰা হৈছে আৰু ৰাজস্থান আৰক্ষীৰ সন্ত্ৰাসবাদী বিৰোধী দল আৰু বিশেষ অভিযান গোটৰ (এছ.ও.জি.) সমৰ্থনত এন.আই.এ.-ৰ দ্বাৰা তদন্ত অব্যাহত আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত