--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জয়পুৰৰ নিয়া আদালতত তেতিয়া কঠোৰ নিৰাপত্তা বেহু৷ আদালতলৈ অনা হব উদয়পুৰৰ হত্যাকাণ্ডৰ অভিযুক্তক৷ কঠোৰ নিৰাপত্তাৰ মাজতেই কানহায়ালালৰ হত্যাৰ আদালতত হাজিৰ কৰোৱা হব বুলি জানিব পাৰি আদালত চৌহদত সমবেত হবলৈ ধৰিলে ইজনৰ পাছত সিজন লোক৷ সময় আগবাঢ়িল৷ সমবেত লোকৰ সংখ্যাও বৃদ্ধি পাই গৈ থাকিল৷

আৰু যথাসময়ত পানী নসৰকা নিৰাপত্তা বেষ্টনীৰে আদালতলৈ অনা হল কানহাইয়ালালৰ হত্যাৰ অভিযুক্তক৷ আৰু আদালত চৌহদত অভিযুক্তক দেখি উত্তেজিত হৈ পৰিল উপস্থিত জনতা৷ তাৰ পাছত অভিযুক্তৰ ওপৰত জঁপিয়াই পৰিল উত্তেজিত জনতা৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) আদালতৰ চৌহদৰ বাহিৰত উত্তেজিত জনতাই আক্ৰমণৰ লক্ষ্য কৰি লয় অভিযুক্তকেইগৰাকীক।

অভিযুক্তক আৰক্ষীয়ে আগবঢ়াই নিয়াৰ সময়ত আদালত চৌহদৰ বাহিৰত উকীল আৰু উত্তেজিত জনতাৰ দ্বাৰা প্ৰহাৰ কৰা হৈছিল। অধিবক্তাসকলে আনকি অভিযুক্তৰ মৃত্যুদণ্ডৰ দাবীৰে আদালতকক্ষৰ চৌহদৰ ভিতৰতো প্ৰৱেশ কৰিছিল৷ যেতিয়া মুখ্য অভিযুক্তজনক আৰক্ষীয়ে আদালতৰ বাহিৰত লৈ গৈছিল, ক্ষুব্ধ জনতাই তেওঁলোকক বটল আৰু চটিৰে আক্ৰমণ কৰিছিল। তেওঁলোকে আনকি আৰক্ষীৰ সৈতে সংঘৰ্ষ কৰিছিল আৰু অভিযুক্তজনক প্ৰহাৰ কৰিছিল। অৱশ্যে, আৰক্ষীয়ে সোনকালেই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়৷

ইতিমধ্যে, চাৰিজন অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে৷ উদয়পুৰ হত্যাকাণ্ডৰ গোচৰৰ চাৰিজন অভিযুক্ত- মুখ্য অভিযুক্ত মহম্মদ ৰিয়াজ আৰু ঘৌচ মহম্মদকে ধৰি ১২ জুলাইলৈকে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (এনআইএ) জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

২৮ জুনত ৰিয়াজ আৰু ঘোচে কানহাইয়া লাল নামৰ এজন হিন্দু ব্যক্তিৰ শিৰচ্ছেদ কৰিছিল৷ উদয়পুৰ হত্যাকাণ্ডটো কেমেৰাত ৰেকৰ্ড কৰা হৈছিল আৰু ইয়াৰ ভিডিঅইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

নূপুৰ শৰ্মাক সমৰ্থন কৰা এটা সামাজিক মাধ্যমৰ পোষ্টৰ বাবে লালক হত্যা কৰা হৈছিল৷ হত্যাৰ সন্দৰ্ভত কালি আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। মহছিন আৰু আচিফ নামৰ অভিযুক্তজন সমগ্ৰ অপৰাধটোৰ আঁৰৰ ষড়যন্ত্ৰ আৰু প্ৰস্তুতিত জড়িত আছিল। চাৰিওজন অভিযুক্তক এতিয়া এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

গোচৰটোত কঠোৰ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত পঞ্জীয়ন কৰা হৈছে আৰু ৰাজস্থান আৰক্ষীৰ সন্ত্ৰাসবাদী বিৰোধী দল আৰু বিশেষ অভিযান গোটৰ (এছ.ও.জি.) সমৰ্থনত এন.আই.এ.-ৰ দ্বাৰা তদন্ত অব্যাহত আছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ