--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত হাত সাৰিবলৈ বহু ব্যৱস্থা গ্ৰহণ কৰে। যেনে- গৰম খাদ্য গ্ৰহণ কৰা, গৰম পানীৰে গা ধোৱাৰ লগতে গৰম কাপোৰ পিন্ধা আদি যৎপৰোনাস্তি চেষ্টা কৰো। কিন্তু এই সকলোবোৰ কৰাৰ পাছতো কিছুমান লোকৰ ঠাণ্ডা অনুভৱ হয়। যিমানেই কাপোৰ পিন্ধক কিয়, তাৰ পাছতো শৰীৰৰ কঁপনি উঠে। যদি আপোনাৰ ক্ষেত্ৰতো একেই হয় তেন্তে এই লক্ষণবোৰক কেতিয়াও আওকাণ নকৰিব। কম-বেছি পৰিমাণে ঠাণ্ডা অনুভৱ কৰাৰ সম্পৰ্ক আপোনাৰ খাদ্যাভ্যাস, জীৱনশৈলী আৰু শৰীৰৰ আভ্যন্তৰীণ ক্ষমতাৰ সৈতে জড়িত। সেইবাবেই এই সমস্যাৰ পৰা সময়মতে পৰিত্ৰাণ পোৱাটো প্ৰয়োজন।

 আপুনি আনতকৈ বেছি ঠাণ্ডা অনুভৱ কৰেনে?

এই কথাটো আমি সহজভাৱে ল’লেও। কিন্তু আপোনাৰ শৰীৰৰ যিকোনো অভাৱৰ বাবেও এই সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেতিয়াবা যদি থাইৰয়ডৰ অৱনতি ঘটে, তেন্তে আপুনি অধিক ঠাণ্ডা অনুভৱ কৰে। ইয়াৰ বাহিৰেও তেজৰ চলাচল কম হোৱাৰ বাবে শৰীৰৰ সকলো অংশতে তেজ সঠিক পৰিমাণত প্ৰৱাহিত নহয়, ফলত অধিক ঠাণ্ডা অনুভৱ হ’ব পাৰে। সঠিক টোপনিৰ অভাৱো ঠাণ্ডা হোৱাৰ কাৰণ হ’ব পাৰে। লগতে ডিহাইড্ৰেচনৰ বলি হ’লেও আপুনি অধিক ঠাণ্ডা অনুভৱ কৰিব পাৰে। আপোনাৰ ওজন আপোনাৰ উচ্চতাৰ অনুপাতে কম হ’লেও আপুনি আনতকৈ বেছি ঠাণ্ডা অনুভৱ কৰিব পাৰে।

 আজিয়েই এই অভ্যাসবোৰ সলনি কৰক-

যদি আপোনাৰ থাইৰয়ড আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰীক্ষা কৰোৱাও। তেজ পাতল হোৱাৰ বাবে বহু সময়ত মানুহৰ অধিক ঠাণ্ডা অনুভৱ হয়। ইয়াৰ বাবে স্বাস্থ্যসন্মত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়। সেউজীয়া শাক-পাচলি আৰু প্ৰটিনসমৃদ্ধ খাদ্য খাব লাগে। বিশেষজ্ঞসকলৰ মতে যদি তাপমাত্ৰা বেছি কম হয় তেন্তে শৰীৰৰ বহু অংশই কাম বন্ধ কৰি দিয়ে। কেতিয়াবা বহু অংগ বিকল হোৱাৰ বাবে এজন ব্যক্তিৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। এনে পৰিস্থিতিত তীব্ৰ শীতকালত বিশেষকৈ নিশা খাদ্য তালিকাত কণী, হালধি গাখীৰ আৰু শুকান ফল অন্তৰ্ভুক্ত কৰক। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ