--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লেখিকা আৰু সমাজহিতৈষী- সুধা মূৰ্তিয়ে শেহতীয়াকৈ দ্য কপিল শৰ্মা শ্ব'ৰ এটা  খণ্ডত এটা কাহিনী ভাগ বতৰা কৰিছে। তেওঁ স্মৰণ কৰে যে এজন ইমিগ্ৰেচন  বিষয়াই তেওঁৰ আৱাসিক ঠিকনা দেখি সেয়া বিশ্বাস কৰিবলৈ টান পাইছিল। তেওঁৰ আৱাসিক ঠিকনা  '১০ ডাউনিং ষ্ট্ৰীট' বুলি লিখা আছিল। সেই ঠিকনাটো ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ ঘৰৰ ঠিকনা। 

সেয়ে ইমিগ্ৰেচন বিষয়াজনে সুধা মূৰ্তিৰ ঠিকনাকলৈ সন্দেহ ব্যক্ত কৰিছিল। উল্লেখ্য সুধা  মূৰ্তিৰ জীয়ৰী অক্ষতাৰ চৰকাৰী বাসভৱনৰ ঠিকনা হৈছে  লণ্ডনৰ '১০ ডাউনিং ষ্ট্ৰীট'।  সুধা  মূৰ্তিৰ জীয়ৰী অক্ষতা হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ পত্নী।  চুনাকে  যি যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।সুধা মূৰ্তিয়ে তেওঁৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কয় " এবাৰ যেতিয়া মই লণ্ডনলৈ  গৈছিলো, তেওঁলোকে মোক মোৰ আৱাসিক ঠিকনা সুধিছিল। 'আপুনি  লণ্ডনৰ ক’ত থাকে’? মোৰ বাইদেউও মোৰ লগত আছিল।  মই ভাবিছিলো যে মই '১০ ডাউনিং ষ্ট্ৰীট' লিখিব লাগিব। মোৰ ল'ৰাও ব্ৰিটেইনত বাস কৰে, কিন্তু তেওঁৰ সম্পূৰ্ণ ঠিকনা মোৰ মনত পৰা নাছিল। সেয়ে  মই অৱশেষত ১০ ডাউনিং ষ্ট্ৰীট লিখিছিলো," ।

 ইমিগ্ৰেচন বিষয়াই সুধা মূৰ্তিক চিনি পোৱা নাছিল, সেয়ে তেওঁৰ ঠিকনাটোকলৈ সন্দেহ প্ৰকাশ কৰিছিল।মূৰ্তিয়ে  কয় যে ইমিগ্ৰেচন বিষয়াজনে সম্পূৰ্ণ অবিশ্বাসেৰে তাইৰ ফালে চাই সুধিছিল, "আপুনি ধেমালি কৰিছে নেকি?!" তেওঁ উত্তৰ দিছিল, "নহয়, মই আপোনাক সঁচা কথাই কৈছো। উল্লেখ্য ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ শাহুৱেক হ’লেও সুধা মূৰ্তিয়ে অি সহজ- সৰল জীৱন যাপন কৰে।

 সেয়ে প্ৰথম দৃষ্টি কোনেও ধাৰণা কৰিব নোৱাৰে যে তেওঁ চুনাকৰ শাহুৱেক। মূৰ্তিয়ে অনুষ্ঠানটোত কৈছিল " কোনেও বিশ্বাস কৰিবলৈ টান পাইছিল   যে মই এগৰাকী ৭২ বছৰীয়া সাধাৰণ মহিলাই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ শাহু হ'ব পাৰোঁ," শেহতীয়াকৈ দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ বঁটালাভ কৰা সুধা মূৰ্তিৰ উপৰি অনুষ্ঠানটোত   প্ৰযোজক গুনীত মঙ্গা আৰু অভিনেত্ৰী ৰবীনা টেণ্ডনেও যোগদান কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস