--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লেখিকা আৰু সমাজহিতৈষী- সুধা মূৰ্তিয়ে শেহতীয়াকৈ দ্য কপিল শৰ্মা শ্ব'ৰ এটা  খণ্ডত এটা কাহিনী ভাগ বতৰা কৰিছে। তেওঁ স্মৰণ কৰে যে এজন ইমিগ্ৰেচন  বিষয়াই তেওঁৰ আৱাসিক ঠিকনা দেখি সেয়া বিশ্বাস কৰিবলৈ টান পাইছিল। তেওঁৰ আৱাসিক ঠিকনা  '১০ ডাউনিং ষ্ট্ৰীট' বুলি লিখা আছিল। সেই ঠিকনাটো ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ ঘৰৰ ঠিকনা। 

সেয়ে ইমিগ্ৰেচন বিষয়াজনে সুধা মূৰ্তিৰ ঠিকনাকলৈ সন্দেহ ব্যক্ত কৰিছিল। উল্লেখ্য সুধা  মূৰ্তিৰ জীয়ৰী অক্ষতাৰ চৰকাৰী বাসভৱনৰ ঠিকনা হৈছে  লণ্ডনৰ '১০ ডাউনিং ষ্ট্ৰীট'।  সুধা  মূৰ্তিৰ জীয়ৰী অক্ষতা হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকৰ পত্নী।  চুনাকে  যি যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।সুধা মূৰ্তিয়ে তেওঁৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কয় " এবাৰ যেতিয়া মই লণ্ডনলৈ  গৈছিলো, তেওঁলোকে মোক মোৰ আৱাসিক ঠিকনা সুধিছিল। 'আপুনি  লণ্ডনৰ ক’ত থাকে’? মোৰ বাইদেউও মোৰ লগত আছিল।  মই ভাবিছিলো যে মই '১০ ডাউনিং ষ্ট্ৰীট' লিখিব লাগিব। মোৰ ল'ৰাও ব্ৰিটেইনত বাস কৰে, কিন্তু তেওঁৰ সম্পূৰ্ণ ঠিকনা মোৰ মনত পৰা নাছিল। সেয়ে  মই অৱশেষত ১০ ডাউনিং ষ্ট্ৰীট লিখিছিলো," ।

 ইমিগ্ৰেচন বিষয়াই সুধা মূৰ্তিক চিনি পোৱা নাছিল, সেয়ে তেওঁৰ ঠিকনাটোকলৈ সন্দেহ প্ৰকাশ কৰিছিল।মূৰ্তিয়ে  কয় যে ইমিগ্ৰেচন বিষয়াজনে সম্পূৰ্ণ অবিশ্বাসেৰে তাইৰ ফালে চাই সুধিছিল, "আপুনি ধেমালি কৰিছে নেকি?!" তেওঁ উত্তৰ দিছিল, "নহয়, মই আপোনাক সঁচা কথাই কৈছো। উল্লেখ্য ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ শাহুৱেক হ’লেও সুধা মূৰ্তিয়ে অি সহজ- সৰল জীৱন যাপন কৰে।

 সেয়ে প্ৰথম দৃষ্টি কোনেও ধাৰণা কৰিব নোৱাৰে যে তেওঁ চুনাকৰ শাহুৱেক। মূৰ্তিয়ে অনুষ্ঠানটোত কৈছিল " কোনেও বিশ্বাস কৰিবলৈ টান পাইছিল   যে মই এগৰাকী ৭২ বছৰীয়া সাধাৰণ মহিলাই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ শাহু হ'ব পাৰোঁ," শেহতীয়াকৈ দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ বঁটালাভ কৰা সুধা মূৰ্তিৰ উপৰি অনুষ্ঠানটোত   প্ৰযোজক গুনীত মঙ্গা আৰু অভিনেত্ৰী ৰবীনা টেণ্ডনেও যোগদান কৰিছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰাবাটত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
থলুৱা কাঁহ উদ্যোগীয়ে ঘূৰাই পাব নগদ ধন
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক