--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাঘৱ চাদ্দা আৰু পৰিনীতি চোপ্ৰাৰ এংগেজমেণ্টৰ পিছতে সংসদত আম আদমি পাৰ্টিৰ নেতাগৰাকীক ‘পেহলা প্যাৰ (প্ৰথম প্ৰেম)’ বুলি জোকাই থকা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। পৰিনীতিৰ সৈতে ৰাঘৱৰ এংগেজমেণ্টৰ বহু আগতেই সংঘটিত হোৱা এই কাণ্ডত ৰাঘৱৰ সৈতে প্ৰেমৰ বিষয়টো আলোচনা কৰা দেখা গৈছে সেইসময়ৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে।

এটা পাপাৰাজী একাউণ্টে শ্বেয়াৰ কৰা এই ভিডিঅ’টোৰ আৰম্ভণিতে ৰাঘৱে সংসদত এটা বিষয়ক সম্বোধন কৰি ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰেম আৰু সম্পৰ্কৰ বিষয়টো উত্থাপন কৰিছিল৷

লাজতে ৰঙা পৰা ৰাঘৱে উত্তৰ দিলে, “মই ইমান অভিজ্ঞ নহয় ছাৰ।" উল্লেখযোগ্য যে ১৩ মে’ শনিবাৰে ৰাঘৱ আৰু পৰিনীতিৰ এংগেজমেণ্ট হয়।মধ্য দিল্লীৰ কাপুৰথালা হাউচত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু পৰিনীতিৰ ভগ্নী তথা চলচ্চিত্ৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছকে ধৰি প্ৰায় ১৫০ জন অতিথিয়ে অংশগ্ৰহণ কৰে . এংগেজমেণ্টৰ খবৰৰ পিছতে পৰিনীতি আৰু ৰাঘৱে অনুষ্ঠানৰ একেধৰণৰ ফটো শ্বেয়াৰ কৰি নিজৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰে।

সোমবাৰে তেওঁলোকৰ ওপৰত দিয়া মৰমৰ বাবে কৃতজ্ঞতাৰ বাৰ্তা শ্বেয়াৰ কৰে।পৰিনীতিয়ে লিখিছে 'ৰাঘৱ আৰু মই যোৱা কেইসপ্তাহমানৰ পৰা লাভ কৰা মৰম আৰু ইতিবাচকতাৰ প্ৰচুৰতাত আপ্লুত হৈছো, বিশেষকৈ আমাৰ এংগেজমেণ্টৰ ওপৰত,' পৰিয়ে লিখিছে আৰু লগতে কয়, 'আমি দুয়োজনেই বিভিন্ন জগতৰ পৰা আহিছো আৰু এইটো জানি আচৰিত লাগে যে আমাৰ জগতদুয়োখনো একত্ৰিত হওক। আমি কল্পনা কৰাতকৈও ডাঙৰ পৰিয়াল এটা লাভ কৰিছো।"

পৰিনীতিয়ে ছ’চিয়েল মিডিয়াত এই প্ৰেমে ‘স্পৰ্শ’ বুলিও শ্বেয়াৰ কৰি লিখিছে, ‘আমি শুনা, দেখা সকলো কথাই আমাক ইমানেই চুই গৈছে আৰু আপোনালোক সকলোকে যথেষ্ট ধন্যবাদ দিব নোৱাৰো। আমি এই যাত্ৰাত নামিছো এই কথা জানি যে আপোনালোক সকলোৱে আমাৰ লগত থিয় দিছে। তাৰ বাবে ধন্যবাদ৷" উল্লেখ্য যে একেখিনি বক্তব্য ৰাঘৱেও নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়