--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাঘৱ চাদ্দা আৰু পৰিনীতি চোপ্ৰাৰ এংগেজমেণ্টৰ পিছতে সংসদত আম আদমি পাৰ্টিৰ নেতাগৰাকীক ‘পেহলা প্যাৰ (প্ৰথম প্ৰেম)’ বুলি জোকাই থকা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। পৰিনীতিৰ সৈতে ৰাঘৱৰ এংগেজমেণ্টৰ বহু আগতেই সংঘটিত হোৱা এই কাণ্ডত ৰাঘৱৰ সৈতে প্ৰেমৰ বিষয়টো আলোচনা কৰা দেখা গৈছে সেইসময়ৰ উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে।

এটা পাপাৰাজী একাউণ্টে শ্বেয়াৰ কৰা এই ভিডিঅ’টোৰ আৰম্ভণিতে ৰাঘৱে সংসদত এটা বিষয়ক সম্বোধন কৰি ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰেম আৰু সম্পৰ্কৰ বিষয়টো উত্থাপন কৰিছিল৷

লাজতে ৰঙা পৰা ৰাঘৱে উত্তৰ দিলে, “মই ইমান অভিজ্ঞ নহয় ছাৰ।" উল্লেখযোগ্য যে ১৩ মে’ শনিবাৰে ৰাঘৱ আৰু পৰিনীতিৰ এংগেজমেণ্ট হয়।মধ্য দিল্লীৰ কাপুৰথালা হাউচত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু পৰিনীতিৰ ভগ্নী তথা চলচ্চিত্ৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছকে ধৰি প্ৰায় ১৫০ জন অতিথিয়ে অংশগ্ৰহণ কৰে . এংগেজমেণ্টৰ খবৰৰ পিছতে পৰিনীতি আৰু ৰাঘৱে অনুষ্ঠানৰ একেধৰণৰ ফটো শ্বেয়াৰ কৰি নিজৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰে।

সোমবাৰে তেওঁলোকৰ ওপৰত দিয়া মৰমৰ বাবে কৃতজ্ঞতাৰ বাৰ্তা শ্বেয়াৰ কৰে।পৰিনীতিয়ে লিখিছে 'ৰাঘৱ আৰু মই যোৱা কেইসপ্তাহমানৰ পৰা লাভ কৰা মৰম আৰু ইতিবাচকতাৰ প্ৰচুৰতাত আপ্লুত হৈছো, বিশেষকৈ আমাৰ এংগেজমেণ্টৰ ওপৰত,' পৰিয়ে লিখিছে আৰু লগতে কয়, 'আমি দুয়োজনেই বিভিন্ন জগতৰ পৰা আহিছো আৰু এইটো জানি আচৰিত লাগে যে আমাৰ জগতদুয়োখনো একত্ৰিত হওক। আমি কল্পনা কৰাতকৈও ডাঙৰ পৰিয়াল এটা লাভ কৰিছো।"

পৰিনীতিয়ে ছ’চিয়েল মিডিয়াত এই প্ৰেমে ‘স্পৰ্শ’ বুলিও শ্বেয়াৰ কৰি লিখিছে, ‘আমি শুনা, দেখা সকলো কথাই আমাক ইমানেই চুই গৈছে আৰু আপোনালোক সকলোকে যথেষ্ট ধন্যবাদ দিব নোৱাৰো। আমি এই যাত্ৰাত নামিছো এই কথা জানি যে আপোনালোক সকলোৱে আমাৰ লগত থিয় দিছে। তাৰ বাবে ধন্যবাদ৷" উল্লেখ্য যে একেখিনি বক্তব্য ৰাঘৱেও নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰিছে৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস