--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এক নাৰীবিদ্বেষী মন্তব্যই এতিয়া  তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হাতাহিত জ্ঞান হেৰুৱাই আৰজেডিৰ মহিলা বিধায়িকা এগৰাকীক উদ্দেশ্যি বতৰ্কিত মন্তব্য কৰে। নীতিশ কুমাৰে কয় , ‘আপুনি এগৰাকী মহিলা। বিষয়বোৰ একো বুজি নাপায়।’ তেওঁৰ এনে মন্তব্যৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে।

বিহাৰ বিধানসভাত বৰ্তমান বৰ্ষাকালীন অধিৱেশন চলি আছে। বুধবাৰে সংৰক্ষণৰ বিষয়ক লৈ বিৰোধীয়ে এন ডি এ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে। বিৰোধীয়ে পিছপৰা সম্প্ৰদায়ৰ বাবে যোৱা বছৰ প্ৰস্তাৱিত সংৰক্ষণক ৯ নং অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। নীতিশ কুমাৰে কয়, ‘আমি চেষ্টা কৰি আছো। বিষয়টো কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে’।  কিন্তু তেওঁৰ আশ্বাসে বিৰোধী শিবিৰক শান্ত কৰিব নোৱাৰিলে। বিৰোধী শিবিৰৰ পৰা শ্ল’গান দি আছিল আৰজেডিৰ মহিলা বিধায়িকা ৰেখা দেৱীয়ে। তেওঁৰ ওপৰত  খং উজাৰি  নীতিশে কয়, “ আপুনি এগৰাকী মহিলা।বিষয়বোৰ  বুজি নাপায়। ? তেওঁ লগতে ক'লে, "এতিয়া মই কথা পাতিছো।" মনে মনে মোৰ কথা শুনক।”

স্বাভাৱিকতে এগৰাকী মহিলা বিধায়িকাক লৈ নীতিশৰ নাৰীবিদ্বেষী মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধীৰ অভিযোগ যে বিজেপি আৰু এন ডি এই মহিলা সৱলীকৰণৰ কথা যিমানেই কথা নকওক কিয়, তেওঁলোকৰ হৃদয় নাৰীৰ প্ৰতি ঘৃণাৰে ভৰি আছে। উবিহাৰৰ বিৰোধী শিবিৰে এনে বিতৰ্কিত মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা ৰাজহুৱা ক্ষমা বিচাৰিছে। বুধবাৰে এনে উত্তপ্ত পৰিস্থিতিৰ বাবে বিহাৰ বিধানসভাৰ অধ্যক্ষই অধিৱেশন স্থগিত ৰাখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু