--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ এক নাৰীবিদ্বেষী মন্তব্যই এতিয়া  তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  মুখ্যমন্ত্ৰী নীতিশ কুমাৰে হাতাহিত জ্ঞান হেৰুৱাই আৰজেডিৰ মহিলা বিধায়িকা এগৰাকীক উদ্দেশ্যি বতৰ্কিত মন্তব্য কৰে। নীতিশ কুমাৰে কয় , ‘আপুনি এগৰাকী মহিলা। বিষয়বোৰ একো বুজি নাপায়।’ তেওঁৰ এনে মন্তব্যৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে।

বিহাৰ বিধানসভাত বৰ্তমান বৰ্ষাকালীন অধিৱেশন চলি আছে। বুধবাৰে সংৰক্ষণৰ বিষয়ক লৈ বিৰোধীয়ে এন ডি এ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে। বিৰোধীয়ে পিছপৰা সম্প্ৰদায়ৰ বাবে যোৱা বছৰ প্ৰস্তাৱিত সংৰক্ষণক ৯ নং অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। নীতিশ কুমাৰে কয়, ‘আমি চেষ্টা কৰি আছো। বিষয়টো কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে’।  কিন্তু তেওঁৰ আশ্বাসে বিৰোধী শিবিৰক শান্ত কৰিব নোৱাৰিলে। বিৰোধী শিবিৰৰ পৰা শ্ল’গান দি আছিল আৰজেডিৰ মহিলা বিধায়িকা ৰেখা দেৱীয়ে। তেওঁৰ ওপৰত  খং উজাৰি  নীতিশে কয়, “ আপুনি এগৰাকী মহিলা।বিষয়বোৰ  বুজি নাপায়। ? তেওঁ লগতে ক'লে, "এতিয়া মই কথা পাতিছো।" মনে মনে মোৰ কথা শুনক।”

স্বাভাৱিকতে এগৰাকী মহিলা বিধায়িকাক লৈ নীতিশৰ নাৰীবিদ্বেষী মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিৰোধীৰ অভিযোগ যে বিজেপি আৰু এন ডি এই মহিলা সৱলীকৰণৰ কথা যিমানেই কথা নকওক কিয়, তেওঁলোকৰ হৃদয় নাৰীৰ প্ৰতি ঘৃণাৰে ভৰি আছে। উবিহাৰৰ বিৰোধী শিবিৰে এনে বিতৰ্কিত মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীৰ পৰা ৰাজহুৱা ক্ষমা বিচাৰিছে। বুধবাৰে এনে উত্তপ্ত পৰিস্থিতিৰ বাবে বিহাৰ বিধানসভাৰ অধ্যক্ষই অধিৱেশন স্থগিত ৰাখে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement