--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ  মন্ত্ৰী তথা শক্তি মন্ত্ৰী মনোহৰ লালে ।
 



কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল  আৰু মুখ্যমন্ত্ৰী শৰ্মাৰ  মাজত হোৱা আলোচনাত শক্তি তথা  নগৰ উন্নয়ন খণ্ডৰ সৈতে জড়িত বিষয়সমূহে গুৰুত্ব লাভ কৰে।  কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মনোহৰ লালে অসমত আৰ ডি এছ এছৰ অধীনত স্মাৰ্ট মিটাৰিং আৰু লোকচান হ্ৰাস কৰিবলৈ গ্ৰহণ কৰা  অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি এইক্ষেত্ৰত অসম চৰকাৰৰ  প্ৰচেষ্টাক শলাগ লয়।




অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটী মহানগৰীৰ বাবে স্মাৰ্ট বিতৰণ প্ৰকল্পৰ অনুমোদনৰ বাবে অনুৰোধ জনায়। তেওঁ লগতে  আৰ এ পি ডি আৰ পি আঁচনিৰ বাকী থকা বিষয়সমূহৰ বিষয়ে ৰাজ্য চৰকাৰে জনোৱা  অনুৰোধ বিবেচনাৰ বাবেও অনুৰোধ জনায়।  কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত অসম চৰকাৰক  সকলো ধৰণৰ  সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

অসমত পৰিকল্পনা আৰু স্থাপত্য বিদ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় অনুদান প্ৰদানৰ বাবেও মুখ্যমন্ত্ৰী শৰ্মাই  অনুৰোধ জনায়। তেওঁ লগতে ৪৩খন নগৰীয়া নিকায়  আৰু ৩খন অম্ৰুট  চহৰৰ নলা পৰিশোধন প্ৰকল্পত  ১০০% সফলতা লাভৰ বাবে  অম্ৰুট (AMRUT)আঁচনিৰ অধীনত পুঁজি মুকলি কৰিবলৈয়ো অনুৰোধ জনায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ