--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত উদ্ধাৰ হৈছে অসমৰ টেটু আৰ্টিষ্টৰ মৃতদেহ। প্ৰেমিকৰ বিৰুদ্ধে তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। যুৱতীগৰাকীয়ে অনলাইনযোগে যুৱকজনৰ সৈতে কথা-বতৰা পাতিছিল। ছোৱালীজনীয়ে তেওঁক লগ কৰিবলৈ মহাৰাষ্ট্ৰৰ মূৰ্তিজাপুৰলৈ গৈছিল। তাতেই তেওঁক হত্যা কৰাৰ অভিযোগ। যুৱকজন পলাতক। আৰক্ষীয়ে তেওঁক বিচাৰি আছে।

আৰক্ষীৰ তথ্য অনুসৰি, মৃত কিশোৰীগৰাকীৰ নাম শান্তিৰিয়া কাশ্যপ ওৰফে কোৱেল (২৬)। অসমৰ বাসিন্দা যদিও বিগত কেইবছৰমানৰ পৰা মাতৃৰ সৈতে দিল্লীত বাস কৰিছিল। তাৰ পৰাই তেওঁ কামৰ সন্ধানত মুম্বাইলৈ গৈছিল। ইয়াৰ পিছত কুনাল ওৰফে ছানী শ্ৰিংগাৰৰ সৈতে অনলাইনত কথা-বতৰা পাতিছিল। তেওঁ মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ মূৰ্তিজাপুৰ চহৰৰ বাসিন্দা। যুৱকজনে স্থানীয় বাৰ এখনত কাম কৰে। আৰক্ষীয়ে জানিব পাৰিলে যে অভিযুক্তই যুৱতীগৰাকীক তেওঁৰ পাবত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই ভিত্তিতে ছোৱালীজনী তাৰ ঘৰত থাকিবলৈ গ’ল।

কিন্তু বাৰৰ মালিকে যুৱতীগৰাকীক চাকৰি দিব নোৱাৰিলে। যোৱা ২১ জুলাইৰ পৰা যুৱকজনৰ ঘৰত বাস কৰিছিল যুৱতীগৰাকী। চাকৰি নোপোৱাৰ বাবে তেওঁলোকৰ মাজত সমস্যাৰ সৃষ্টি হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। যুৱকজনে হাতত পোৱা চোকা অস্ত্ৰৰে যুৱতীগৰাকীৰ মূৰত আঘাত কৰে। পিছত তাৰ পৰা পলায়ন কৰে। বুধবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছত বৃহস্পতিবাৰে পুৱা চুবুৰীয়াই সন্দেহজনক হৈ পৰাত আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১০৩ ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই গোচৰৰ মূল সন্দেহযুক্ত যুৱতীগৰাকীৰ প্ৰেমিক। তেওঁক বিচাৰিবলৈ এটা দল গঠন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু