--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত উদ্ধাৰ হৈছে অসমৰ টেটু আৰ্টিষ্টৰ মৃতদেহ। প্ৰেমিকৰ বিৰুদ্ধে তেওঁক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। যুৱতীগৰাকীয়ে অনলাইনযোগে যুৱকজনৰ সৈতে কথা-বতৰা পাতিছিল। ছোৱালীজনীয়ে তেওঁক লগ কৰিবলৈ মহাৰাষ্ট্ৰৰ মূৰ্তিজাপুৰলৈ গৈছিল। তাতেই তেওঁক হত্যা কৰাৰ অভিযোগ। যুৱকজন পলাতক। আৰক্ষীয়ে তেওঁক বিচাৰি আছে।

আৰক্ষীৰ তথ্য অনুসৰি, মৃত কিশোৰীগৰাকীৰ নাম শান্তিৰিয়া কাশ্যপ ওৰফে কোৱেল (২৬)। অসমৰ বাসিন্দা যদিও বিগত কেইবছৰমানৰ পৰা মাতৃৰ সৈতে দিল্লীত বাস কৰিছিল। তাৰ পৰাই তেওঁ কামৰ সন্ধানত মুম্বাইলৈ গৈছিল। ইয়াৰ পিছত কুনাল ওৰফে ছানী শ্ৰিংগাৰৰ সৈতে অনলাইনত কথা-বতৰা পাতিছিল। তেওঁ মহাৰাষ্ট্ৰৰ আকোলা জিলাৰ মূৰ্তিজাপুৰ চহৰৰ বাসিন্দা। যুৱকজনে স্থানীয় বাৰ এখনত কাম কৰে। আৰক্ষীয়ে জানিব পাৰিলে যে অভিযুক্তই যুৱতীগৰাকীক তেওঁৰ পাবত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই ভিত্তিতে ছোৱালীজনী তাৰ ঘৰত থাকিবলৈ গ’ল।

কিন্তু বাৰৰ মালিকে যুৱতীগৰাকীক চাকৰি দিব নোৱাৰিলে। যোৱা ২১ জুলাইৰ পৰা যুৱকজনৰ ঘৰত বাস কৰিছিল যুৱতীগৰাকী। চাকৰি নোপোৱাৰ বাবে তেওঁলোকৰ মাজত সমস্যাৰ সৃষ্টি হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। যুৱকজনে হাতত পোৱা চোকা অস্ত্ৰৰে যুৱতীগৰাকীৰ মূৰত আঘাত কৰে। পিছত তাৰ পৰা পলায়ন কৰে। বুধবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ পিছত বৃহস্পতিবাৰে পুৱা চুবুৰীয়াই সন্দেহজনক হৈ পৰাত আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১০৩ ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই গোচৰৰ মূল সন্দেহযুক্ত যুৱতীগৰাকীৰ প্ৰেমিক। তেওঁক বিচাৰিবলৈ এটা দল গঠন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ