--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাতৰ আখৰত মানুহ এজনৰ ব্যক্তিত্ব ফুটি উঠে৷ সকো মানুহৰে আখৰ একে নহয়৷ দৰাচলতে মগজুৰ নিৰ্দেশতহে আমাৰ হাত খনে আখৰ লিখি যায়৷ সেয়ে হাতৰ আখৰত মানুহ এজনৰ সেই সময়ৰ মানসিক স্থিতিৰ কথাও ভালে খিনি প্ৰকাশ পায়৷ 

যদি আখৰ লিখোতে সোঁফালে সামান্য হেলনীয়া যেন হয় তেন্তে তেনে আখৰ লিখা লোকসকল সদায় ইতিবাচক মনৰ হয়৷ আনহাতে আখৰ লিখোতে যদি বাওঁফালে হালি গৈ থাকে তেন্তে সেয়া নেতিবাচক চিন্তাৰ প্ৰতিফলন৷ আমি সচৰাচৰ কাগজ বা বোৰ্ডত বাওঁফালৰ পৰা সোঁফাললৈ আখৰ লিখি যাওঁ৷ কিন্তু তেনেদৰে লিখা আখৰ যদি বাওঁফালেই হালি যায়(যিফালৰ পৰা লিখা আৰম্ভ হয়) তেন্তে সেয়া লোক এজনৰ বাবে চিন্তাৰ কাৰণ৷ 

এনেদৰে বাওঁফালে আখৰ হালি যোৱা লোকসকলৰ মনত অনৱৰতে এক নিচাত্মিকাবোধে ক্ৰিয়া কৰে৷ তেওঁলোকে সহজে আনৰ সৈতে মিল নোৱাৰে৷ সোঁতৰ বিপৰীতে চিন্তা কৰে৷ প্ৰৱঞ্চনাৰ ঘটনা যেনে  বেংক জালিয়াতি বা আন  যিকোনো অপৰাধৰ অনুসন্ধানতো গ্ৰাফোল’জিয়ে এতিয়া গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে৷  মগজুৰ নিৰ্দেশত আমাৰ হাত খনে আখৰ লিখি যায়৷ সেয়ে হাতৰ আখৰত মনৰ অৱস্থাটো সঠিক ভাবে ধৰা পৰে৷ সুখৰ মুহূৰ্তত লিখা আখৰ আৰু দুখ, ভয় আদিৰ পৰিবেশৰ মাজত লিখা আখৰৰ বহ খিনি পৰিৱৰ্তন হোৱা দেখা যায়৷ 

গ্ৰাফোল’জিয়ে হাতৰ আখৰৰ তেনেবোৰ কথাই বিশ্লেষণ কৰে৷বিশ্বৰ বহু দেশে সেয়ে ব্যক্তিৰ চৰিত্ৰ জানিবলৈ হাতৰ আখৰ বিশ্লেষণৰ সহায় লয়৷ আনকি অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰতো হাতৰ আখৰে বহু পৰিমাণে সহায় কৰি আহিছে৷

মগজুৰ চিন্তা তৰংগ যিহেতু হাতৰ আখৰত পৰিস্ফুট হয় সেয়ে আখৰৰ গোট চায়েই ক’ব পাৰি লোক এজন কেনে হ’ব পাৰে৷ এই লেখাৰ সৈতে ইংৰাজী  এ, জি , ডি আদি কেইটামান আখৰ লিখাৰ ধৰণ চায়েই মানুহ এজনৰ বিষয়ে বহু কথা ক’ব পাৰি৷ 

দৰাচলতে ইয়াত উল্লেখ কৰা আখৰ কেইটাক গ্ৰাফোল’জিত অভেল (ডিম্বাকৃতিৰ)আকৃতিৰ আখৰ বুলি কোৱা হয়৷এনে অভেল আকৃতিৰ আখৰ লিখা লোকসকল উদাৰ আৰু সমাজ সচেতন হয়৷ 

তেওঁলোকৰ বন্ধুৰ সংখ্যা বহু বেছি হয়৷বহু সময়ত নিজৰ ক্ষতি কৰি হ’লেও এনে আখৰ লিখা লোকে আনৰ উপকাৰ সাধিবলৈ যায়৷ এনে আখৰ লিখা লোকসকল উদাৰ আৰু পৰোপকাৰী হোৱাৰ বাবে বহু সময়ত আনৰ দ্বাৰা প্ৰতাৰিও হ’বলগীয়া হয়৷ তথাপি এনে বাধা সমূহে এনে ধৰণৰ অভেল আকৃতিৰ আখৰ লিখা লোকসকলক হতাশ কৰিব নোৱাৰে৷ কবিতা, গল্পকে ধৰি আন সৃষ্টিমূলক কামত এনে আখৰ লিখা লোকসকল বেছিকৈ জৰিত হৈ পৰা দেখা যায়৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস