--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাতৰ আখৰত মানুহ এজনৰ ব্যক্তিত্ব ফুটি উঠে৷ সকো মানুহৰে আখৰ একে নহয়৷ দৰাচলতে মগজুৰ নিৰ্দেশতহে আমাৰ হাত খনে আখৰ লিখি যায়৷ সেয়ে হাতৰ আখৰত মানুহ এজনৰ সেই সময়ৰ মানসিক স্থিতিৰ কথাও ভালে খিনি প্ৰকাশ পায়৷ 

যদি আখৰ লিখোতে সোঁফালে সামান্য হেলনীয়া যেন হয় তেন্তে তেনে আখৰ লিখা লোকসকল সদায় ইতিবাচক মনৰ হয়৷ আনহাতে আখৰ লিখোতে যদি বাওঁফালে হালি গৈ থাকে তেন্তে সেয়া নেতিবাচক চিন্তাৰ প্ৰতিফলন৷ আমি সচৰাচৰ কাগজ বা বোৰ্ডত বাওঁফালৰ পৰা সোঁফাললৈ আখৰ লিখি যাওঁ৷ কিন্তু তেনেদৰে লিখা আখৰ যদি বাওঁফালেই হালি যায়(যিফালৰ পৰা লিখা আৰম্ভ হয়) তেন্তে সেয়া লোক এজনৰ বাবে চিন্তাৰ কাৰণ৷ 

এনেদৰে বাওঁফালে আখৰ হালি যোৱা লোকসকলৰ মনত অনৱৰতে এক নিচাত্মিকাবোধে ক্ৰিয়া কৰে৷ তেওঁলোকে সহজে আনৰ সৈতে মিল নোৱাৰে৷ সোঁতৰ বিপৰীতে চিন্তা কৰে৷ প্ৰৱঞ্চনাৰ ঘটনা যেনে  বেংক জালিয়াতি বা আন  যিকোনো অপৰাধৰ অনুসন্ধানতো গ্ৰাফোল’জিয়ে এতিয়া গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে৷  মগজুৰ নিৰ্দেশত আমাৰ হাত খনে আখৰ লিখি যায়৷ সেয়ে হাতৰ আখৰত মনৰ অৱস্থাটো সঠিক ভাবে ধৰা পৰে৷ সুখৰ মুহূৰ্তত লিখা আখৰ আৰু দুখ, ভয় আদিৰ পৰিবেশৰ মাজত লিখা আখৰৰ বহ খিনি পৰিৱৰ্তন হোৱা দেখা যায়৷ 

গ্ৰাফোল’জিয়ে হাতৰ আখৰৰ তেনেবোৰ কথাই বিশ্লেষণ কৰে৷বিশ্বৰ বহু দেশে সেয়ে ব্যক্তিৰ চৰিত্ৰ জানিবলৈ হাতৰ আখৰ বিশ্লেষণৰ সহায় লয়৷ আনকি অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰতো হাতৰ আখৰে বহু পৰিমাণে সহায় কৰি আহিছে৷

মগজুৰ চিন্তা তৰংগ যিহেতু হাতৰ আখৰত পৰিস্ফুট হয় সেয়ে আখৰৰ গোট চায়েই ক’ব পাৰি লোক এজন কেনে হ’ব পাৰে৷ এই লেখাৰ সৈতে ইংৰাজী  এ, জি , ডি আদি কেইটামান আখৰ লিখাৰ ধৰণ চায়েই মানুহ এজনৰ বিষয়ে বহু কথা ক’ব পাৰি৷ 

দৰাচলতে ইয়াত উল্লেখ কৰা আখৰ কেইটাক গ্ৰাফোল’জিত অভেল (ডিম্বাকৃতিৰ)আকৃতিৰ আখৰ বুলি কোৱা হয়৷এনে অভেল আকৃতিৰ আখৰ লিখা লোকসকল উদাৰ আৰু সমাজ সচেতন হয়৷ 

তেওঁলোকৰ বন্ধুৰ সংখ্যা বহু বেছি হয়৷বহু সময়ত নিজৰ ক্ষতি কৰি হ’লেও এনে আখৰ লিখা লোকে আনৰ উপকাৰ সাধিবলৈ যায়৷ এনে আখৰ লিখা লোকসকল উদাৰ আৰু পৰোপকাৰী হোৱাৰ বাবে বহু সময়ত আনৰ দ্বাৰা প্ৰতাৰিও হ’বলগীয়া হয়৷ তথাপি এনে বাধা সমূহে এনে ধৰণৰ অভেল আকৃতিৰ আখৰ লিখা লোকসকলক হতাশ কৰিব নোৱাৰে৷ কবিতা, গল্পকে ধৰি আন সৃষ্টিমূলক কামত এনে আখৰ লিখা লোকসকল বেছিকৈ জৰিত হৈ পৰা দেখা যায়৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান