--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই নিজৰ শোৱনি কোঠাত আয়না ৰাখে৷ কিন্ত ফেংছুইৰ মতে এয়া ভাল নে বেয়া? ফেংছুইৰ মতে ঘৰুৱা শান্তিৰ বাবেই শোৱনি কোঠাত আয়না ৰখাটো উচিত নহয়। আয়নাৰ পৰা অনবৰতে একধৰণৰ শক্তি নির্গত হৈ থাকে। এই শক্তিয়ে গৃহস্থৰ উন্নতিও সাধন কৰিব পাৰে অথবা গৃহস্থৰ বাবে অমংগলজনকো হ'ব পাৰে। সেইবাবে শোৱনি কোঠাৰ ভিতৰত আয়না নৰখাই ভাল। আয়নাত মানুহৰ ছবি প্ৰতিফলিত হয়। 

সেই ছবি শোৱাৰ সময়ত দেখিলে মানুহৰ টোপনিত ব্যাঘাত জন্মিব পাৰে। অৱশ্যে শোৱনি কোঠাৰ ভিতৰত যদি আয়না ৰাখিবলগীয়া হয় তেন্তে তেনে আয়না কোনো কাপোৰ অথবা আন কোনো সামগ্ৰীৰে ঢাকি ৰাখিব লাগে। শোৱনি কোঠাৰ ভিতৰত বিছনাৰ বিপৰীত দিশে কেতিয়াও আয়না ৰাখিব নালাগে। ইয়াৰ ফলত নানান অমংগল হ'ব পাৰে। 

শোৱনি কোঠাৰ বিছনাৰ বিপৰীত দিশত আয়না ৰাখিলে স্বামী-স্ত্রীৰ মাজত কাজিয়া-পেচাল হয়। সেয়ে শোৱনি কোঠাৰ ভিতৰত আয়না নৰখাই ভাল।ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখতো আয়না থাকিব নালাগে৷ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত বহুতেই আয়না একোখন ওলোমাই থয়। বাহিৰলৈ যোৱাৰ সময়ত অথবা বাহিৰৰ পৰা অহাৰ পিছত বহুতে সেই আয়নাত নিজৰ মুখখন চাই লয়। কিন্তু এয়া ফেংছুইৰ মতে শুভ ফলদায়ক নহয়। ফেংছুইৰ মতে শুভ প্রভাৱসমূহ সেই আয়নাত প্ৰতিফলিত হৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ সলনি ঘৰৰ বাহিৰলৈ ওলাই যায় ৷ সেইবাবে ঘৰৰ মুখ্য দ্বাৰৰ সন্মুখত কেতিয়াও আয়না ওলোমাই ৰাখিব নালাগে।

ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত যদি দেৱাল আদি থাকে তেন্তে সেই দেৱাল উকা কৰি ৰখাৰ সলনি তাত সুন্দৰ ৰং, ছবি আদি আঁকি থ’লে গৃহস্থৰ মন প্ৰসন্ন হৈ পৰিব।

তেনে দেৱালত বিভিন্ন প্রাকৃতিক দৃশ্য আদিৰ ছবি আঁকি থ’ব পাৰি । তেনে প্রাকৃতিক দৃশ্যই গৃহস্থই ঘৰৰ মুখ্য দুৱাৰেৰে বাহিৰলৈ ওলোৱাৰ সময়ত গৃহস্থৰ মনত ইতিবাচক চিন্তাৰ সঞ্চাৰ ঘটাব আৰু গৃহস্থৰ মন প্রফুল্ল হৈ পৰিব ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান