--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টলীউডৰ অভিনেত্ৰী নুছৰত জাহানৰ ব্যক্তিগত জীৱনত বাৰে বাৰে বিতৰ্কথশত লিপ্ত হয়।  আজিও ছ’চিয়েল মিডিয়াত বিশেষকৈ তেওঁৰ বিবাহিত জীৱন, জীৱন সংগী‌ আৰু সন্তানক লৈ তীব্ৰ জল্পনা-কল্পনা চলি থাকে।  টলীউডৰ এই সুন্দৰীগৰাকীৰ ব্যক্তিগত জীৱন যেন এখন মুকলি ডায়েৰীৰ দৰে। বিবাহৰ পৰা বিবাহ বিচ্ছেদ, লিভ-ইনৰ পৰা কনচেপচন, সন্তান জন্মলৈকে তেওঁ একো গোপন হৈ থকা নাছিল।

নিখিল জৈনৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰে পৰা নুছৰতৰ বিতৰ্ক আৰম্ভ হৈছিল। তুৰস্কৰ বড্ৰোমত জাতি-ধৰ্মৰ বেৰ পাৰ হৈ সাধুকথাৰ দৰে বিয়া পাতিলে টলীউডৰ এইগৰাকী অভিনেত্ৰী। পিছলৈ কিন্তু বিবাহ প্ৰত্যাখ্যান কৰি যশ দাসগুপ্তৰ প্ৰেমত পৰে। বৰ্তমান তেওঁ এগৰাকী গৃহিণী। একমাত্ৰ সন্তান ঈশানৰ লগত ‘স্বামী’ যশৰ সৈতে তাই আনন্দৰে দিনবোৰ পাৰ কৰে।

অৱশ্যে দেওবাৰে নিশা ইনষ্টাগ্ৰামত ফ’ল’ৱাৰৰ সৈতে সময় অতিবাহিত কৰি থকাৰ সময়তে  অভিনেত্ৰীগৰাকীয়ে  #Askmeanything ট্ৰেণ্ডিংত অশংগ্ৰহন কৰি অনুৰাগীসকলৰ বাবে প্ৰশ্নৰ দুৱাৰ মুকলি কৰে। তাতেই এজন ব্যক্তিয়ে তেওঁৰ ব্যক্তিগত জীৱনক লৈ আক্ৰমণ কৰিছিল। তেওঁ নুছৰতক সুধিলে, "আপুনি এজন অমুছলমানক বিয়া কৰালে কিয়?"

তৃণমূলৰ তাৰকা সংসদৰ এই প্ৰশ্নটো এৰাই চলিব নোৱাৰিলে। সেই প্ৰশ্নৰ স্ক্ৰীণশ্বট দেখুৱাই তেওঁ প্ৰশ্ন কৰাজনক স্পষ্টকৈ উত্তৰ দিলে। নুছৰতে ট্ৰ'লাৰজনক উত্তৰত লিখিলে, "আপুনি কোনটো গ্ৰহৰ প্ৰানী? আপুনি কি মানুহ ...!” মন কৰিবলগীয়া যে যদিও নুছৰতৰ নিখিলৰ সৈতে বিবাহ বহু আড়ম্বৰেৰে আয়োজন কৰা হৈছিল, তথাপিও সেয়া ১৯৫৪ চনৰ বিশেষ বিবাহ আইন অনুসৰি হোৱা নাছিল।

নিখিলৰ লগত বিচ্ছেদ হোৱাৰ পাছতে যশক স্বামী বুলি উল্লেখ কৰিছিল, কিন্তু সিহঁতৰ বিবাহ আইনগতভাৱে হৈছিল নে নাই সেয়া জানিব পৰা হোৱা নাই। যশক বিয়া কৰাবলৈ নুছৰতে কেতিয়াও ৰাজহুৱাকৈ একো কোৱা নাছিল। কিন্তু বিশেষ বিবাহ আইন ১৯৫৪ অনুসৰি যদি দুজন বেলেগ বেলেগ ধৰ্মৰ লোকে বিবাহ কৰে তেন্তে ভাৰতত ইয়াক বৈধ বুলি গণ্য কৰা হয়।

নিখিলৰ সৈতে বিবাহৰ মাত্ৰ এবছৰৰ পাছতে নুছৰতে সম্পৰ্ক শেষ কৰে। সেই সময়লৈকে তেওঁ যশক চিনি পালে। দুয়ো একেলগে থাকিবলৈ ধৰিলে। নিখিল-নুছৰত বিচ্ছেদৰ বিতৰ্কৰ মাজতে জানিব পৰা গৈছে যে নুছৰত গৰ্ভৱতী। নিখিলে সেই সন্তানৰ পিতৃত্বক অস্বীকাৰ কৰিছিল। অৱশ্যে কঠিন সময়ত যশে নুছৰতৰ কাষত থিয় দিছিল। আজি বিতৰ্কৰ মাজতো দুয়োৰে সন্তানৰ সৈতে সুখৰ সংসাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি