--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টলীউডৰ অভিনেত্ৰী নুছৰত জাহানৰ ব্যক্তিগত জীৱনত বাৰে বাৰে বিতৰ্কথশত লিপ্ত হয়।  আজিও ছ’চিয়েল মিডিয়াত বিশেষকৈ তেওঁৰ বিবাহিত জীৱন, জীৱন সংগী‌ আৰু সন্তানক লৈ তীব্ৰ জল্পনা-কল্পনা চলি থাকে।  টলীউডৰ এই সুন্দৰীগৰাকীৰ ব্যক্তিগত জীৱন যেন এখন মুকলি ডায়েৰীৰ দৰে। বিবাহৰ পৰা বিবাহ বিচ্ছেদ, লিভ-ইনৰ পৰা কনচেপচন, সন্তান জন্মলৈকে তেওঁ একো গোপন হৈ থকা নাছিল।

নিখিল জৈনৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰে পৰা নুছৰতৰ বিতৰ্ক আৰম্ভ হৈছিল। তুৰস্কৰ বড্ৰোমত জাতি-ধৰ্মৰ বেৰ পাৰ হৈ সাধুকথাৰ দৰে বিয়া পাতিলে টলীউডৰ এইগৰাকী অভিনেত্ৰী। পিছলৈ কিন্তু বিবাহ প্ৰত্যাখ্যান কৰি যশ দাসগুপ্তৰ প্ৰেমত পৰে। বৰ্তমান তেওঁ এগৰাকী গৃহিণী। একমাত্ৰ সন্তান ঈশানৰ লগত ‘স্বামী’ যশৰ সৈতে তাই আনন্দৰে দিনবোৰ পাৰ কৰে।

অৱশ্যে দেওবাৰে নিশা ইনষ্টাগ্ৰামত ফ’ল’ৱাৰৰ সৈতে সময় অতিবাহিত কৰি থকাৰ সময়তে  অভিনেত্ৰীগৰাকীয়ে  #Askmeanything ট্ৰেণ্ডিংত অশংগ্ৰহন কৰি অনুৰাগীসকলৰ বাবে প্ৰশ্নৰ দুৱাৰ মুকলি কৰে। তাতেই এজন ব্যক্তিয়ে তেওঁৰ ব্যক্তিগত জীৱনক লৈ আক্ৰমণ কৰিছিল। তেওঁ নুছৰতক সুধিলে, "আপুনি এজন অমুছলমানক বিয়া কৰালে কিয়?"

তৃণমূলৰ তাৰকা সংসদৰ এই প্ৰশ্নটো এৰাই চলিব নোৱাৰিলে। সেই প্ৰশ্নৰ স্ক্ৰীণশ্বট দেখুৱাই তেওঁ প্ৰশ্ন কৰাজনক স্পষ্টকৈ উত্তৰ দিলে। নুছৰতে ট্ৰ'লাৰজনক উত্তৰত লিখিলে, "আপুনি কোনটো গ্ৰহৰ প্ৰানী? আপুনি কি মানুহ ...!” মন কৰিবলগীয়া যে যদিও নুছৰতৰ নিখিলৰ সৈতে বিবাহ বহু আড়ম্বৰেৰে আয়োজন কৰা হৈছিল, তথাপিও সেয়া ১৯৫৪ চনৰ বিশেষ বিবাহ আইন অনুসৰি হোৱা নাছিল।

নিখিলৰ লগত বিচ্ছেদ হোৱাৰ পাছতে যশক স্বামী বুলি উল্লেখ কৰিছিল, কিন্তু সিহঁতৰ বিবাহ আইনগতভাৱে হৈছিল নে নাই সেয়া জানিব পৰা হোৱা নাই। যশক বিয়া কৰাবলৈ নুছৰতে কেতিয়াও ৰাজহুৱাকৈ একো কোৱা নাছিল। কিন্তু বিশেষ বিবাহ আইন ১৯৫৪ অনুসৰি যদি দুজন বেলেগ বেলেগ ধৰ্মৰ লোকে বিবাহ কৰে তেন্তে ভাৰতত ইয়াক বৈধ বুলি গণ্য কৰা হয়।

নিখিলৰ সৈতে বিবাহৰ মাত্ৰ এবছৰৰ পাছতে নুছৰতে সম্পৰ্ক শেষ কৰে। সেই সময়লৈকে তেওঁ যশক চিনি পালে। দুয়ো একেলগে থাকিবলৈ ধৰিলে। নিখিল-নুছৰত বিচ্ছেদৰ বিতৰ্কৰ মাজতে জানিব পৰা গৈছে যে নুছৰত গৰ্ভৱতী। নিখিলে সেই সন্তানৰ পিতৃত্বক অস্বীকাৰ কৰিছিল। অৱশ্যে কঠিন সময়ত যশে নুছৰতৰ কাষত থিয় দিছিল। আজি বিতৰ্কৰ মাজতো দুয়োৰে সন্তানৰ সৈতে সুখৰ সংসাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?