--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা কেইমাহমানৰ পৰা বলীউডৰ বহু চিনেমাই বক্স অফিচত বহু বেয়াকৈ ফ্লপ হৈছে। বহু প্ৰযোজকে ছবি এখন ফ্লপ হোৱাৰ আশংকাত ছবিগৃহত মুক্তি দিবলৈ ভয় কৰে। বহু অভিনেতাই নিজৰ মতামত ব্যক্ত কৰি বলীউডৰ চিনেমা ইখনৰ পিছত সিখনকৈ ফ্লপ হৈ পৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ পূৰ্বে পৰিচালক প্ৰকাশ ঝাকো বলীউডৰ প্ৰতি ক্ষুব্ধ হোৱা দেখা গৈছিল। তেওঁ পোনপটীয়াকৈ কয় যে যদি এটা ভাল কাহিনী দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব নোৱাৰি যদি ছবি নিৰ্মাণ বন্ধ কৰিব লাগে। আমিৰ খানৰ লাল সিং চদ্দাৰ পৰা তেওঁ বলীউডক টাৰ্গেট কৰিছিল। এতিয়া আকৌ এবাৰ তেওঁৰ বক্তব্য চৰ্চালৈ আহিছে।

শেহতীয়াকৈ প্ৰকাশ ঝাই এক সাক্ষাৎকাৰত ফ্লপ হোৱা ছবি আৰু বলীউডৰ তাৰকাক লৈ মন্তব্য আগবঢ়াইছে তেওঁ কয়  “চলচ্চিত্ৰ শিল্পীয়ে এতিয়া পান-গুটখা বিক্ৰী কৰে আৰু আজৰি সময় পালে ছেকেণ্ড হেণ্ড ছবি এখন পুনৰ নিৰ্মাণ কৰে। তেওঁৰ পাঁচ-ছয়খন ছবি ফ্লপ হ’লেও কোনো কথা নাই৷ সেইবাবেই তেওঁৰ ছবিবোৰ ফ্লপ হৈছিল।"

প্ৰকাশ ঝাই পুনৰ কয়, "এতিয়া চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ সকলেও অনুভৱ কৰে যে ডাঙৰ ডাঙৰ তাৰকাৰ বাবেই তেওঁলোকৰ ছবি হিট কৰিব পাৰে।" তেওঁ আৰু কয় যে এই বিষয়ে চলচ্চিত্ৰ জগত আৰু তাৰকা দুয়োটাই গুৰুত্বসহকাৰে চিন্তা কৰাটো প্ৰয়োজন। তেওঁলোকে নিশ্চয় ভাবিব যে তেওঁলোকক ইমান উচ্চ শিখৰত উপনীত কৰাইছে কৰোৱা মানুহবোৰে তেওঁলোকক ডুবাই পেলাবও পাৰে।

তেওঁ লগতে অভিযোগ কৰে যে আজিৰ বলীউডৰ অভিনেতাসকলে ছবিত ভেৰাইটি ব্যৱহাৰ নকৰে। "বলিউডৰ মানুহে জানে তেওঁলোকে কি ভাবে আৰু কিহৰ সহায়ত কন্টেন্ট লিখে।" এতিয়া তেওঁলোকে কেৱল ডাঙৰ ডাঙৰ তাৰকা আৰু আৰু ছবিসমূহৰ পুনৰ নিৰ্মাণৰ জৰিয়তেহে দৰ্শকক কন্টেন্ট সেৱা আগবঢ়াইছে,আনহাতে দক্ষিণৰ মানুহে ভাল কাহিনী উলিয়াই নতুন নতুন পৰীক্ষা-নিৰীক্ষা কৰি আছে, সেইবাবেই তেওঁলোকৰ চিনেমা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?