--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা কেইমাহমানৰ পৰা বলীউডৰ বহু চিনেমাই বক্স অফিচত বহু বেয়াকৈ ফ্লপ হৈছে। বহু প্ৰযোজকে ছবি এখন ফ্লপ হোৱাৰ আশংকাত ছবিগৃহত মুক্তি দিবলৈ ভয় কৰে। বহু অভিনেতাই নিজৰ মতামত ব্যক্ত কৰি বলীউডৰ চিনেমা ইখনৰ পিছত সিখনকৈ ফ্লপ হৈ পৰাৰ কথা উল্লেখ কৰিছে। ইয়াৰ পূৰ্বে পৰিচালক প্ৰকাশ ঝাকো বলীউডৰ প্ৰতি ক্ষুব্ধ হোৱা দেখা গৈছিল। তেওঁ পোনপটীয়াকৈ কয় যে যদি এটা ভাল কাহিনী দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব নোৱাৰি যদি ছবি নিৰ্মাণ বন্ধ কৰিব লাগে। আমিৰ খানৰ লাল সিং চদ্দাৰ পৰা তেওঁ বলীউডক টাৰ্গেট কৰিছিল। এতিয়া আকৌ এবাৰ তেওঁৰ বক্তব্য চৰ্চালৈ আহিছে।

শেহতীয়াকৈ প্ৰকাশ ঝাই এক সাক্ষাৎকাৰত ফ্লপ হোৱা ছবি আৰু বলীউডৰ তাৰকাক লৈ মন্তব্য আগবঢ়াইছে তেওঁ কয়  “চলচ্চিত্ৰ শিল্পীয়ে এতিয়া পান-গুটখা বিক্ৰী কৰে আৰু আজৰি সময় পালে ছেকেণ্ড হেণ্ড ছবি এখন পুনৰ নিৰ্মাণ কৰে। তেওঁৰ পাঁচ-ছয়খন ছবি ফ্লপ হ’লেও কোনো কথা নাই৷ সেইবাবেই তেওঁৰ ছবিবোৰ ফ্লপ হৈছিল।"

প্ৰকাশ ঝাই পুনৰ কয়, "এতিয়া চলচ্চিত্ৰ নিৰ্মাতা আৰু চিত্ৰনাট্যকাৰ সকলেও অনুভৱ কৰে যে ডাঙৰ ডাঙৰ তাৰকাৰ বাবেই তেওঁলোকৰ ছবি হিট কৰিব পাৰে।" তেওঁ আৰু কয় যে এই বিষয়ে চলচ্চিত্ৰ জগত আৰু তাৰকা দুয়োটাই গুৰুত্বসহকাৰে চিন্তা কৰাটো প্ৰয়োজন। তেওঁলোকে নিশ্চয় ভাবিব যে তেওঁলোকক ইমান উচ্চ শিখৰত উপনীত কৰাইছে কৰোৱা মানুহবোৰে তেওঁলোকক ডুবাই পেলাবও পাৰে।

তেওঁ লগতে অভিযোগ কৰে যে আজিৰ বলীউডৰ অভিনেতাসকলে ছবিত ভেৰাইটি ব্যৱহাৰ নকৰে। "বলিউডৰ মানুহে জানে তেওঁলোকে কি ভাবে আৰু কিহৰ সহায়ত কন্টেন্ট লিখে।" এতিয়া তেওঁলোকে কেৱল ডাঙৰ ডাঙৰ তাৰকা আৰু আৰু ছবিসমূহৰ পুনৰ নিৰ্মাণৰ জৰিয়তেহে দৰ্শকক কন্টেন্ট সেৱা আগবঢ়াইছে,আনহাতে দক্ষিণৰ মানুহে ভাল কাহিনী উলিয়াই নতুন নতুন পৰীক্ষা-নিৰীক্ষা কৰি আছে, সেইবাবেই তেওঁলোকৰ চিনেমা চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি