--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি দেশ তথা বিশ্বত মুদ্ৰাস্ফীতিক লৈ বহু চৰ্চা চলি আহিছে। বহু লোকে এই ক্ষেত্ৰত চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি আছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন চিঠি, যিখন চিঠি এগৰাকী কণমানি ছোৱালীয়ে লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। ইয়াত সেই ছাত্ৰীগৰাকীয়ে মুদ্ৰাস্ফীতিৰ ফলত হোৱা অসুবিধাৰ যন্ত্ৰণা বৰ্ণনা কৰিছে।

এই চিঠিখন লিখিছে উত্তৰ প্ৰদেশৰ কন্নৌজৰ বাসিন্দা ছবছৰীয়া কৃতী ডুবেই। তেওঁ লিখিছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মোৰ নাম কৃতী ডুবে। প্ৰথম শ্ৰেণীত পঢ়ো। মোদীজী, আপুনি বহুত মুদ্ৰাস্ফীতি কৰিছে। আনকি পেঞ্চিল-ৰবৰো ব্যয়বহুল হৈ পৰিছে। মোৰ মেগীৰ দামো বাঢ়িছে। পেঞ্চিল বিচৰাৰ বাবে মায়ে মোক মাৰপিট কৰে। মই কি কৰিম? মোৰ লগৰ ল'ৰা-ছোৱালীয়ে মোৰ পেঞ্চিল চুৰি কৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই চিঠিখন। ছোৱালীজনীৰ পিতৃ বিশাল ডুবে এজন অধিবক্তা। তেওঁ ক’লে যে এয়া মোৰ ছোৱালীৰ ‘মন কী বাত’। শেহতীয়াকৈ মাতৃয়ে কৃতীক খং কৰিছিল স্কুলত পেঞ্চিল হেৰুৱাৰ বাবে। মাতৃয়ে খং কৰাত প্ৰধানমন্ত্ৰীলৈ আক্ষেপেৰে চিঠি লিখে কৃতীয়ে। 

স্থানীয় এছ ডি এম অশোক কুমাৰে জনোৱা মতে, তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে এই কণমানি ছোৱালীজনীৰ চিঠিখনৰ বিষয়ে জানিব পাৰিছিল। এছ ডি এম য়ে কয় যে ব্যক্তিগতভাৱে মই ছোৱালীজনীক সহায় কৰিবলৈ সাজু, লগতে তেওঁৰ চিঠিখন যাতে দায়িত্বশীল কৰ্তৃপক্ষৰ ওচৰলৈ যায় তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম।

সম্প্ৰতি কণমানি ছাত্ৰীগৰাকীৰ এই চিঠিখন মানুহে পঢ়ি হাঁহিছে কাৰণ ছোৱালীজনীয়ে অতি মৰমলগা ধৰণেৰে চিঠিখন লিখিছে। কৃতীৰ মাতৃয়ে কয় যে ছোৱালীজনীয়ে চিঠিখন লিখিছিল আৰু দেউতাকক পোষ্ট কৰিবলৈ কৈছিল। তেওঁ ডাকযোগে প্ৰধানমন্ত্ৰীলৈ এই পত্ৰ প্ৰেৰণ কৰিছে। ছ’চিয়েল মিডিয়াত ধুমুহাগতিত ভাইৰেল হৈ পৰিছে কৃতীৰ এই চিঠিখন। নেটিজনসকলে বহুল ৰূপত কৰিছে শ্বেয়াৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ