--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি দেশ তথা বিশ্বত মুদ্ৰাস্ফীতিক লৈ বহু চৰ্চা চলি আহিছে। বহু লোকে এই ক্ষেত্ৰত চৰকাৰক কঠোৰভাৱে সমালোচনা কৰি আছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন চিঠি, যিখন চিঠি এগৰাকী কণমানি ছোৱালীয়ে লিখিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। ইয়াত সেই ছাত্ৰীগৰাকীয়ে মুদ্ৰাস্ফীতিৰ ফলত হোৱা অসুবিধাৰ যন্ত্ৰণা বৰ্ণনা কৰিছে।

এই চিঠিখন লিখিছে উত্তৰ প্ৰদেশৰ কন্নৌজৰ বাসিন্দা ছবছৰীয়া কৃতী ডুবেই। তেওঁ লিখিছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, মোৰ নাম কৃতী ডুবে। প্ৰথম শ্ৰেণীত পঢ়ো। মোদীজী, আপুনি বহুত মুদ্ৰাস্ফীতি কৰিছে। আনকি পেঞ্চিল-ৰবৰো ব্যয়বহুল হৈ পৰিছে। মোৰ মেগীৰ দামো বাঢ়িছে। পেঞ্চিল বিচৰাৰ বাবে মায়ে মোক মাৰপিট কৰে। মই কি কৰিম? মোৰ লগৰ ল'ৰা-ছোৱালীয়ে মোৰ পেঞ্চিল চুৰি কৰে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই চিঠিখন। ছোৱালীজনীৰ পিতৃ বিশাল ডুবে এজন অধিবক্তা। তেওঁ ক’লে যে এয়া মোৰ ছোৱালীৰ ‘মন কী বাত’। শেহতীয়াকৈ মাতৃয়ে কৃতীক খং কৰিছিল স্কুলত পেঞ্চিল হেৰুৱাৰ বাবে। মাতৃয়ে খং কৰাত প্ৰধানমন্ত্ৰীলৈ আক্ষেপেৰে চিঠি লিখে কৃতীয়ে। 

স্থানীয় এছ ডি এম অশোক কুমাৰে জনোৱা মতে, তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে এই কণমানি ছোৱালীজনীৰ চিঠিখনৰ বিষয়ে জানিব পাৰিছিল। এছ ডি এম য়ে কয় যে ব্যক্তিগতভাৱে মই ছোৱালীজনীক সহায় কৰিবলৈ সাজু, লগতে তেওঁৰ চিঠিখন যাতে দায়িত্বশীল কৰ্তৃপক্ষৰ ওচৰলৈ যায় তাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম।

সম্প্ৰতি কণমানি ছাত্ৰীগৰাকীৰ এই চিঠিখন মানুহে পঢ়ি হাঁহিছে কাৰণ ছোৱালীজনীয়ে অতি মৰমলগা ধৰণেৰে চিঠিখন লিখিছে। কৃতীৰ মাতৃয়ে কয় যে ছোৱালীজনীয়ে চিঠিখন লিখিছিল আৰু দেউতাকক পোষ্ট কৰিবলৈ কৈছিল। তেওঁ ডাকযোগে প্ৰধানমন্ত্ৰীলৈ এই পত্ৰ প্ৰেৰণ কৰিছে। ছ’চিয়েল মিডিয়াত ধুমুহাগতিত ভাইৰেল হৈ পৰিছে কৃতীৰ এই চিঠিখন। নেটিজনসকলে বহুল ৰূপত কৰিছে শ্বেয়াৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু