--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘হৰ হৰ শম্ভু’ ভজন গোৱাৰ বাবেই মুজাফ্ফৰনগৰৰ কণ্ঠশিল্পী ফৰমানী নাজৰ জীৱনৈ নামি আহিছে বিপদ। ইণ্ডিয়ান আইডল খ্যাত ফৰমানী নাজ বলি হৈছে ধৰ্মান্ধতাৰ। ফৰমানী নাজক পৰামৰ্শ দি এগৰাকী উলেমাই কৈছে যে ''ইছলামত কোনো গীত গোৱা উচিত নহয়, ই ইছলামৰ বিৰোধী। সেয়ে ফৰমানী ইয়াৰ পৰা বিৰত থকা উচিত।'' এই সন্দৰ্ভত ফৰমানীয়ে কয় যে তেওঁ এজন শিল্পী। গতিকে তেওঁ সকলো ধৰণৰ গান গোৱাটো তেওঁৰ ধৰ্ম।''

ফৰমানীৰ মাতৃয়ে কয় যে ''ফৰমানীয়ে কাঁৱৰ যাত্ৰাত গান গাইছিল। মানুহে সদায় আপত্তি কৰে যে এগৰাকী মুছলমান ছোৱালীয়ে গান গোৱাটো উচিত হোৱা নাই। মোৰ ছোৱালীয়ে ভজনো গায়, কাৱালিও গায়। কিন্তু এই কথা আমাৰ ইচলাম সমাজে ভাল নাপায়।''

ফৰমানী নাজে কয় যে ''আমি দুখীয়া মানুহ। মোৰ স্বামীয়ে মোক এৰি দ্বিতীয়বাৰৰ বাবে বিয়া পাতিলে। আমি কেৱল গান গাই পৰিয়ালটো চলাই আছো। ষ্টুডিঅ’ৰ পৰা উলিওৱা হৈছে ‘হৰ হৰ শম্ভু’ গীতটি। আমি কোন ধৰ্মৰ সেই কথা ভাবি আমি কেতিয়াও গান নাগাওঁ। আমি শিল্পী। ইউটিউবতো আমাৰ এটা কাৱালি চেনেল আছে। ভক্তিৰসৰ এটা চেনেলো আছে। আ্মি সকলো ধৰণৰ গান গাওঁ।''

ফৰমানী নাজৰ বিষয়টোৰ সন্দৰ্ভত মুফতি আছাদ কাছমীয়ে কয় যে, ''শ্বৰীয়তৰ ভিতৰত ইছলামত যিকোনো ধৰণৰ গীত গোৱা জায়েজ নহয়। মুছলমান হৈ যদি কোনোবাই গান গায় তেন্তে সেয়া অপৰাধ। যিকোনো ধৰণৰ গীত এৰাই চলিব লাগে। ফৰমানী নাজ নামৰ এগৰাকী ভদ্ৰমহিলাই গান গাইছে। এইটো শ্বৰীয়তৰ বিৰুদ্ধে গৈছে। মুছলমান হৈ হিন্দু ধৰ্মৰ ভক্তিৰ গীত গোৱাটো এক ডাঙৰ অপৰাধ। মহিলাগৰাকী এনে কাম কৰাৰ পৰা বিৰত থাকিব লাগে, তেওঁ এই কথাক লৈ অনুতাপ কৰা উচিত।ফৰমানীয়ে যি কাম কৰিছে সেয়া ইছলামত ‘হাৰাম’।''

উল্লেখ্য যে ২০১৭ চনত মীৰাটৰ ছোটা হাছানপুৰ গাঁৱৰ বাসিন্দা ইমৰানৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ফৰমানী। কিন্তু বিয়াৰ ১ বছৰৰ পাছত পুত্ৰ সন্তান জন্ম দিয়াৰ পিছত ফৰমানীক শহুৰৰ পৰিয়ালে হাৰাশাস্তি কৰিছিল। ফৰমানীৰ পুত্ৰৰ এটা বেমাৰ হৈছিল, যাৰ বাবে শহুৰেকে ফৰমানীক হাৰাশাস্তি কৰিছিল আৰু মাতৃগৃহৰ পৰা টকা আনিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। এই কথাত বিচলিত হৈ ফৰমানীয়ে পুত্ৰৰ সৈতে মাতৃগৃহত থাকিবলৈ আৰম্ভ কৰে।

ফৰমানীৰ মাতৃ ফাতিমাই কয় যে ''ৰাহুল নামৰ গাঁৱৰ এজন যুৱকে তেওঁৰ ঘৰলৈ আহি ভিডিঅ’ বনাইছিল। এদিন তেওঁ ফৰমানীৰ গান শুনিছিল, সেই গান শুনি তেওঁৰ বৰ ভাল লাগিল। ইয়াৰ পিছতে তেওঁ ফৰমানীৰ গীতটো ৰেকৰ্ডিং কৰি ইউটিউব চেনেলত লগাই দিয়ে। ৰাইজে এই গীতৰ অতিশয় শলাগ লয়। সেই সময়তে ফৰমানী ইণ্ডিয়ান আইডললৈও গৈছিল কিন্তু পুত্ৰ সন্তানটিৰ অসুস্থতাৰ বাবে তেওঁ আধাতে উভতি আহিবলগীয়া হৈছিল। তেতিয়াৰ পৰা ফৰমানী নাজে ইউটিউব গায়িকা হিচাপে পৰিচিতি লাভ কৰে।''

উল্লেখ্য যে ইউটিউবত ফৰমানীৰ লাখ লাখ অনুৰাগী আছে। তেওঁৰ চেনেলটোত প্ৰায় ৩৩ লাখ ছাবস্কাইবাৰ আছে। ফৰমানীয়ে তেওঁৰ ওপৰত আৰোপ কৰা অভিযোগ সন্দৰ্ভত কয় যে তেওঁ কট্টৰপন্থীসকলৰ ক্ষোভক বিশেষ গুৰুত্ব নিদিয়ে। এক আছুতীয়া বাৰ্তালাপত নাজে কয় যে শিল্পীৰ কোনো ধৰ্ম নাথাকে। তেওঁ কাৱালি, ভজনকে ধৰি সকলো ধৰণৰ গীত অতি উল্লাসেৰে গায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ