--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিৰ সময়ত দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসে চুলিৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। বৰ্তমান সময়ত শিশুৰ পৰা যুৱক-যুৱতীলৈকে সকলো লোক সময়তকৈ চুলি আগতে পকা সমস্যাৰ সৈতে যুঁজি আছে। কিন্তু পকা চুলি পুনৰ ক’লা কৰিব বিচাৰে তেন্তে এই ৬টা ছুপাৰফুড আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

 ১. পালেং শাক:-পালেং শাকত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন-এ, চি আৰু ফ’লেট থাকে, এই সকলোবোৰে উপাদান চুলি সুস্থ আৰু চুলি সৰা ৰোধ কৰে। ইয়াৰ উপৰি ইয়াত চেবাম থাকে, যিটো চুলিৰ বাবে প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে কাম কৰে।

২. কণী:-কণীত প্ৰ’টিন আৰু বায়’টিনসমৃদ্ধ উৎস, যিবোৰ সুস্থ চুলিৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়। ইয়াৰ উপৰি ইয়াত ভিটামিন-বি৫ আৰু বি১২ থাকে, যিয়ে মূৰৰ ছালত ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। কণী সেৱনে চুলি ধূসৰ হোৱাত বাধা সৃষ্টি কৰে।

৩. বাদাম:-বাদাম ভিটামিন-ইৰ উত্তম উৎস, যিয়ে চুলিৰ অকালতে ধূসৰ হোৱাত সহায় কৰে। ভিটামিন-ই এবিধ এন্টিঅক্সিডেন্ট যিয়ে চুলিৰ গুৰিবোৰক ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

৪. ষ্টবেৰী:-ষ্টবেৰী এন্টিঅক্সিডেন্টৰ এক উত্তম উৎস, যিয়ে চুলিৰ গুৰিবোৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে। ষ্টবেৰীত থকা ভিটামিন-চিও প্ৰচুৰ পৰিমাণে থাকে, যিয়ে কলাজেন উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। কলাজেনে চুলি মজবুত আৰু সুস্থ কৰি ৰখাত সহায় কৰে।

৫. মিঠা আলু:-মিঠা আলুত প্ৰচুৰ পৰিমাণে বিটা-কেৰটিন থাকে, যিটো শৰীৰত ভিটামিন-এলৈ ৰূপান্তৰিত হয়। ভিটামিন-এয়ে চুলিক সুস্থ কৰি ৰখাত সহায় কৰে আৰু চেবাম উৎপাদনত সহায় কৰে। ইয়াৰ উপৰি মিঠা আলুৱে চুলি ধূসৰ হোৱাতো ৰোধ কৰে।

৬. মাশ্বৰুমঃ-খাদ্য তালিকাত মাশ্বৰুম অন্তৰ্ভুক্ত কৰি পকা চুলি সমস্যা চিৰদিনৰ বাবে দূৰ কৰিব পাৰি। কাৰণ মাশ্বৰুমত প্ৰচুৰ পৰিমাণে কপাৰ পোৱা যায়, যিয়ে মেলানিন উৎপাদনত বৃদ্ধি কৰে। ইয়াৰ ফলত চুলি পকা ৰোধ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস