--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সংজ্ঞাত বাৰে বাৰে ৰজনীগন্ধা ফুলৰ উল্লেখ থকা দেখা যায়। চিনেমাৰ পৰ্দাৰ পৰা সাহিত্যৰ পৃষ্ঠালৈকে কেতিয়াবা গীতৰ কলিত, কেতিয়াবা কবিতাৰ শাৰীত এই ফুলৰ উদাহৰণ বহুবাৰ দেখা গৈছে।

সেইবাবেই প্ৰেমৰ পৰা আৰম্ভ কৰি বিবাহিত জীৱনৰ লগত ৰজনীগন্ধাৰ প্ৰভাৱ আৰম্ভণিৰে পৰাই থাকে। বিয়াৰ অনুষ্ঠান তথা ফুলশয্যাত ৰজনীগন্ধা ফুল ব্যৱহাৰ কৰা হয়। কিন্তু কেৱল বিয়াৰ সময়ত নহয়; বাস্তুশাস্ত্ৰই কৈছে, ৰজনীগন্ধা এনেকুৱা ফুল, যিয়ে আমাৰ বৈবাহিক সুখত প্ৰভাৱ পেলায়।  ৰজনীগন্ধাই স্বামী-স্ত্ৰীৰ সম্পৰ্কৰ গভীৰতা প্ৰতিষ্ঠা কৰে।

বাস্তুশাস্ত্ৰই কয়, ঘৰত এজোপা ৰজনীগন্ধা গছ ৰাখিলে সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব পাৰে। ঘৰৰ উত্তৰ বা পূব দিশত এজোপা ৰজনীগন্ধা গছ ৰোপণ কৰিব লাগে। ফলত সেই ঘৰত মা লক্ষ্মীৰ আশীৰ্বাদৰ বৰষুণ পৰে।

ৰজনীগন্ধা ফুলে স্বামী-স্ত্ৰীৰ শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে প্ৰভাৱ পেলায়। ৰজনীগন্ধাৰ মৰমলগা গোন্ধে শৰীৰ-মন সতেজ কৰি তোলে।

বাস্তু শাস্ত্ৰৰ মতে, ৰজনীগন্ধাৰ সুন্দৰ গোন্ধৰ দ্বাৰা ঘৰৰ পৰা সকলো ঋণাত্মক শক্তি আঁতৰি যায়। পৰিয়ালত সুখ, শান্তি, ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰচুৰভাৱে থাকে। ইয়াৰ বাহিৰেও এই গোন্ধে বিবাহিত জীৱনত মধুৰতা বৃদ্ধি কৰে। বাস্তু বিশেষজ্ঞসকলে কয় যে শোৱনি কোঠাত ৰজনীগন্ধাক ফুলৰ টাবত ৰাখিলে স্বামী-স্ত্ৰীৰ সম্পৰ্কত থকা তিক্ততা নাইকিয়া হৈ যায়। ইয়াৰ ফলস্বৰূপে গোটেই পৰিয়ালটোত সুখ আৰু শান্তিৰ ৰাজত্ব হয়। ৰজনীগন্ধা ফুলৰ সকলো ঋণাত্মক শক্তি শোষণ কৰাৰ ক্ষমতা থাকে।

ইয়াৰ উপৰিও বাস্তু বিশেষজ্ঞসকলে কৈছে যে ৰজনীগন্ধাৰ শুভ প্ৰভাৱৰ বাবে আৰ্থিক সমস্যাও নাইকিয়া হয়। কেৱল বাস্তুশাস্ত্ৰই নহয়, ফুলৰ গোন্ধই মনৰ ওপৰত প্ৰভাৱ পেলোৱা কথাটো বিজ্ঞানেও মানি চলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস