--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পৰিয়ালৰ সৈতে ঈদৰ আনন্দ ভগাই ল’বলৈ ২২ জন যাত্ৰীয়ে বাছৰ পৰিৱৰ্তে ভাড়া কম হোৱাৰ বাবে (প্ৰায় ১৩০০ টকা কমকৈ দি) ট্ৰাকখনত উঠি যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু সেই যাত্ৰাই তেওঁলোকৰ জীৱনৰ শেষ যাত্ৰা হিচাপে প্ৰমাণিত হ’ল।

ডিজিটেল ডেস্ক: বাংলাদেশৰ ঢাকা-টাংগাইল মহাসড়কৰ কালিহাতীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰ’ড কঢ়িয়াই নিয়া এখন ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত থিতাতে ১৫ গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু ঘটে। জানিব পৰা মতে, নিহত আটাইকেইজন যাত্ৰীয়ে ট্ৰাকখনত উঠি ঈদৰ বাবে উত্তৰ বংগৰ দিশে ঘৰলৈ গৈ আছিল।


সোমবাৰে পুৱা প্ৰায় ৪ বজাত ঢাকা-টাংগাইল মহাসড়কৰ চৰাতৈল দক্ষিণপাৰা নামৰ স্থানত এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। বৰ্তমানলৈকে নিহতসকলৰ নাম আৰু পৰিচয় জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে উদ্ধাৰ অভিযান চলাই আছে।


১৩০০ টকা ৰাহি কৰিবলৈ গৈয়েই শেষ যাত্ৰা!


পৰিয়ালৰ সৈতে ঈদৰ আনন্দ ভগাই ল’বলৈ ২২ জন যাত্ৰীয়ে বাছৰ পৰিৱৰ্তে ভাড়া কম হোৱাৰ বাবে (প্ৰায় ১৩০০ টকা কমকৈ দি) ট্ৰাকখনত উঠি যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু সেই যাত্ৰাই তেওঁলোকৰ জীৱনৰ শেষ যাত্ৰা হিচাপে প্ৰমাণিত হ’ল। মুহূৰ্তৰ ভিতৰতে ১৫ জনকৈ লোকৰ মৃত্যু ঘটাত সমগ্ৰ অঞ্চলটোত ঈদৰ আনন্দ এতিয়া গভীৰ শোক আৰু বিষাদলৈ পৰিণত হৈছে।


কেনেকৈ ঘটিল এই দুৰ্ঘটনা?


কালিহাতী অগ্নিনিৰ্বাপক বাহিনী আৰু চিভিল ডিফেন্স ষ্টেচনৰ ইনচাৰ্জ আতাউৰ ৰহমানে ঘটনাস্থলীৰ পৰা জানিবলৈ দিয়া মতে পুৱা প্ৰায় ৪ বজাত ৰ’ড আৰু যাত্ৰী বোজাই কৰি ট্ৰাকখন ঢাকাৰ পৰা উত্তৰ বংগৰ দিশে গৈ আছিল। পথৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন ৰাস্তাৰ কাষৰ খাল এটাত বাগৰি পৰে।

ট্ৰাকখনত থকা গধুৰ ৰ’ডসমূহৰ তলত চেপা খাই থিতাতে ১৫ জন লোকৰ মৃত্যু হয় আৰু আন ৬ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।


আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি টাংগাইল সদৰ হাস্পতালত ভৰ্তি কৰা হৈছে। দুৰ্ঘটনাস্থলীত দেখিবলৈ পোৱা গৈছে যে মহাসড়কৰ কাষতে ট্ৰাকখন ওলোটাকৈ পৰি আছে আৰু ট্ৰাকত থকা ৰ’ডসমূহ মাটিত সিঁচৰতি হৈ পৰিছে। এই মৰ্মান্তিক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ স্থানীয় ৰাইজৰ মাজত ব্যাপক ভিৰৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ