--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সাধাৰণতে মানুহ কৰ আৰু শুল্কক লৈ বিভ্ৰান্ত হয় কাৰণ দুয়োটা শব্দ প্ৰায়ে বিনিময়ত ব্যৱহাৰ কৰা হয়। অৱশ্যে দুয়োটাৰ মাজত পাৰ্থক্য আছে।

ডিজিটেল ডেস্ক : ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰা ৫০ শতাংশ বৃহৎ শুল্ক আজিৰে পৰা কাৰ্যকৰী হৈছে। ইয়াৰ পূৰ্বে আমেৰিকাই ২৫ শতাংশ ভিত্তি শুল্ক আৰোপ কৰিছিল আৰু তাৰ পিছত পিছত ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ক্ষেত্ৰত আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰা হয়। অৰ্থাৎ এতিয়া আমেৰিকাত ভাৰতীয় সামগ্ৰী আমদানিৰ ওপৰত ৫০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰা হ’ব।


সাধাৰণতে মানুহ কৰ আৰু শুল্কক লৈ বিভ্ৰান্ত হয় কাৰণ দুয়োটা শব্দ প্ৰায়ে বিনিময়ত ব্যৱহাৰ কৰা হয়। অৱশ্যে দুয়োটাৰ মাজত পাৰ্থক্য আছে। ইয়াৰ মাজৰ আটাইতকৈ ডাঙৰ পাৰ্থক্যটো হ’ল কোনো ব্যক্তি বা কোম্পানীয়ে তেওঁলোকৰ আয়ৰ ভিত্তিত চৰকাৰক কৰ আদায় দিয়ে, আনহাতে সামগ্ৰীৰ আমদানিৰ ওপৰত শুল্ক আৰোপ কৰা হয়।


কৰ কি?


কোম্পানী, প্ৰতিষ্ঠান বা ব্যক্তিয়ে চৰকাৰক দিয়া আয়ৰ এটা অংশ। বিদ্যালয়, পথ, মেডিকেয়াৰ আদি মৌলিক প্ৰকল্পৰ বাবে বিভিন্ন ধৰণৰ কৰ ব্যৱহাৰ কৰা হয়। আয়কৰত ব্যক্তিয়ে নিজৰ আয়ৰ এটা অংশ কৰ ৰূপত চৰকাৰক আদায় দিয়ে। অধিক আয়ৰ লোকে অধিক আৰু কম আয়ৰ লোকে কম কৰ আদায় দিয়ে। একেদৰে কৰ্পৰেট টেক্সৰ অধীনত কোম্পানীয়ে লাভৰ অনুযায়ী চৰকাৰক কৰ আদায় দিয়ে।


বিভিন্ন দেশ আৰু ৰাজ্যত এই হাৰ বেলেগ বেলেগ। একেদৰে বিক্ৰীৰ সময়ত সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰক বিক্ৰী কৰ বুলি জনা যায়, সম্পত্তিৰ ওপৰত আৰোপ কৰা কৰক সম্পত্তি কৰ বুলি জনা যায়। সামগ্ৰিকভাৱে দেশৰ ভিতৰত কৰা আয় আৰু ক্ৰয়-বিক্ৰয়ৰ ওপৰত কৰ আৰোপ কৰা হয়। কৰ ৰূপত পোৱা ধন চৰকাৰে দেশৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰে।


শুল্ক কি?


এখন দেশৰ পৰা আন এখন দেশলৈ আমদানি কৰা সামগ্ৰী আৰু সেৱাৰ ওপৰত আৰোপ কৰা কৰক শুল্ক বোলা হয়। অৰ্থাৎ বহিঃৰাজ্যৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰক শুল্ক বোলে। ইয়াৰ উদ্দেশ্য হৈছে ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰক উৎসাহিত কৰা। যিহেতু শুল্কই বিদেশী সামগ্ৰী ব্যয়বহুল কৰি তুলিব। এনে পৰিস্থিতিত মানুহে যিমান পাৰে দেশত নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিব। শুল্ক দুবিধ - নিৰ্দিষ্ট শুল্ক আৰু এড-ভেলৰেম শুল্ক।


নিৰ্দিষ্ট শুল্কত প্ৰতিটো ইউনিটৰ ওপৰত (যেনে প্ৰতি কিলোগ্ৰাম, প্ৰতি লিটাৰ) নিৰ্দিষ্ট পৰিমাণৰ কৰ আৰোপ কৰা হয়, যেনে প্ৰতি কিলোগ্ৰাম চাউলত ১০ টকা।


এড-ভেল’ৰেম শুল্কত সামগ্ৰীৰ মুঠ মূল্যৰ শতাংশৰ ভিত্তিত কৰ আৰোপ কৰা হয়, অৰ্থাৎ সামগ্ৰী যিমানেই ব্যয়বহুল হ’ব সিমানেই সেইবোৰৰ ওপৰত শুল্ক বেছি হ’ব।


অৱশ্যে শুল্কৰ উদ্দেশ্য হৈছে আমাৰ দেশৰ উদ্যোগসমূহক সস্তীয়া বিদেশী সামগ্ৰীৰ পৰা ৰক্ষা কৰা। ইয়াৰ উপৰিও শুল্কই চৰকাৰৰ ৰাজহো বৃদ্ধি কৰে। এই সকলোবোৰৰ লগতে কেতিয়াবা আন দেশৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈও শুল্ক ব্যৱহাৰ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ