--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পৰা কেন্দ্ৰই সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলুপ্ত কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি ৰায় দান কৰে আদালতে। উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়টোত কয় যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ কেন্দ্ৰৰ সিদ্ধান্ত সাংবিধানিকভাৱে বৈধ আছিল৷ দেশবাসীৰ আগ্ৰহ-উৎকণ্ঠাৰ অৱসান ঘটাই এই ৰায় উচ্চতম ন্যায়ালয়ৰ৷ ৰায়টো ঘোষণা কৰি উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে কয় যে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ ৰাষ্ট্ৰপতিৰ ২০১৯ৰ আদেশ বৈধ। 

সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে অনুচ্ছেদ ৩৭০ বাতিলক প্ৰত্যাহ্বান জনোৱা এক গোটৰ আবেদনৰ ওপৰত সৰ্বসন্মত ৰায় প্ৰদান কৰে৷উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  মোদীয়ে আদালতৰ ৰায়ক আশা, প্ৰগতি আৰু ঐক্যৰ পথত এক বৃহৎ সিদ্ধান্ত বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অনুচ্ছেদ ৩৭০ৰ সাংবিধানিক বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যকো  আদৰণি জনাইছে। মোদীয়ে কয় "কাশ্মীৰ আৰু লাডাখৰ বাবে চৰকাৰে দিয়া সকলো  প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব," । অনুচ্ছেদ ৩৭০ ৰ পৰা বঞ্চিত লোকসকলো এতিয়া অধিক  লাভাৱান্বিত হ'ব। 

ৰায় ঘোষণা হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে এক্স-হেণ্ডেলত  তেওঁৰ  প্ৰতিক্ৰিয়া  ব্যক্ত কৰে।মোদীয়ে কয়  "উচ্চতম ন্যায়ালয়ে ভাৰতৰ সংসদৰ দ্বাৰা লোৱা সিদ্ধান্তক বাহাল ৰাখিছে। আমাৰ কাশ্মীৰী ভাই-ভনীসকলৰ আশা, প্ৰগতি আৰু ঐক্যৰ বাবে এয়া এক উল্লেখযোগ্য সিদ্ধান্ত। ভাৰতীয় হিচাপে আমাৰ পৰিচয় এই ৰায়ত  আলোকপাত কৰা হৈছে। জম্মু আৰু কাশ্মীৰ তথা  লাডাখৰ লোকসকলক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব। অনুচ্ছেদ ৩৭০ ৰূপায়ণৰ ফলত বঞ্চিত হোৱা সকলেও উন্নয়নৰ লাভালাভ অৰ্জন  কৰিব। আজিৰ ৰায়টো কেৱল আইনৰ জয় নহয়, এক ঐক্যবদ্ধ ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিও। ’’

 কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে। শ্বাহে কয় "৫ অক্টোবৰ, ২০১৯ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়াৰে পৰা  কাশ্মীৰ  উপত্যকালৈ শান্তি ঘূৰি আহিছে। পৰ্যটনকে ধৰি বিভিন্ন খণ্ডৰ উন্নতিকে ধৰি  সাধাৰণ মানুহৰ অৰ্থনৈতিক অৱস্থাও উন্নত হৈছে’’। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতায়ো উচ্চতম ন্যায়ালয়ৰ  ৰায়টোক আদৰণি জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক