--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ পৰা কেন্দ্ৰই সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলুপ্ত কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি ৰায় দান কৰে আদালতে। উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়টোত কয় যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ কেন্দ্ৰৰ সিদ্ধান্ত সাংবিধানিকভাৱে বৈধ আছিল৷ দেশবাসীৰ আগ্ৰহ-উৎকণ্ঠাৰ অৱসান ঘটাই এই ৰায় উচ্চতম ন্যায়ালয়ৰ৷ ৰায়টো ঘোষণা কৰি উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে কয় যে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ ৰাষ্ট্ৰপতিৰ ২০১৯ৰ আদেশ বৈধ। 

সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে অনুচ্ছেদ ৩৭০ বাতিলক প্ৰত্যাহ্বান জনোৱা এক গোটৰ আবেদনৰ ওপৰত সৰ্বসন্মত ৰায় প্ৰদান কৰে৷উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  মোদীয়ে আদালতৰ ৰায়ক আশা, প্ৰগতি আৰু ঐক্যৰ পথত এক বৃহৎ সিদ্ধান্ত বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অনুচ্ছেদ ৩৭০ৰ সাংবিধানিক বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যকো  আদৰণি জনাইছে। মোদীয়ে কয় "কাশ্মীৰ আৰু লাডাখৰ বাবে চৰকাৰে দিয়া সকলো  প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব," । অনুচ্ছেদ ৩৭০ ৰ পৰা বঞ্চিত লোকসকলো এতিয়া অধিক  লাভাৱান্বিত হ'ব। 

ৰায় ঘোষণা হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে এক্স-হেণ্ডেলত  তেওঁৰ  প্ৰতিক্ৰিয়া  ব্যক্ত কৰে।মোদীয়ে কয়  "উচ্চতম ন্যায়ালয়ে ভাৰতৰ সংসদৰ দ্বাৰা লোৱা সিদ্ধান্তক বাহাল ৰাখিছে। আমাৰ কাশ্মীৰী ভাই-ভনীসকলৰ আশা, প্ৰগতি আৰু ঐক্যৰ বাবে এয়া এক উল্লেখযোগ্য সিদ্ধান্ত। ভাৰতীয় হিচাপে আমাৰ পৰিচয় এই ৰায়ত  আলোকপাত কৰা হৈছে। জম্মু আৰু কাশ্মীৰ তথা  লাডাখৰ লোকসকলক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব। অনুচ্ছেদ ৩৭০ ৰূপায়ণৰ ফলত বঞ্চিত হোৱা সকলেও উন্নয়নৰ লাভালাভ অৰ্জন  কৰিব। আজিৰ ৰায়টো কেৱল আইনৰ জয় নহয়, এক ঐক্যবদ্ধ ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিও। ’’

 কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে। শ্বাহে কয় "৫ অক্টোবৰ, ২০১৯ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়াৰে পৰা  কাশ্মীৰ  উপত্যকালৈ শান্তি ঘূৰি আহিছে। পৰ্যটনকে ধৰি বিভিন্ন খণ্ডৰ উন্নতিকে ধৰি  সাধাৰণ মানুহৰ অৰ্থনৈতিক অৱস্থাও উন্নত হৈছে’’। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতায়ো উচ্চতম ন্যায়ালয়ৰ  ৰায়টোক আদৰণি জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান