--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱক জনক ১৮  বছৰ বয়সতে  তেওঁ দুজন কনিষ্টবলক হত্যা  আৰু ৰাইফল লুট কৰি নিয়াৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু যুৱক অমিত চৌধুৰীয়ে কাকো হত্যা নকৰাকৈয়ে এনেদৰে কাৰাবন্দী হোৱাৰ কথাটো মানি ল’ব পৰা নাছিল। কাৰাগাৰৰ পৰা মুক্ত হ’বলৈ তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ আইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব আৰু নিজৰ মুক্তিৰ বাবে আদালতত যুঁজ দিব।  কাৰাগাৰৰ ভিতৰতে তেওঁ আইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল। এটা সময়ত তেওঁ আইনৰ পৰীক্ষা দি উত্তীৰ্ণও হ’ল আৰু নিজৰ মুক্তিৰ বাবে আদালতত যুঁজ দিয়াৰ বাবে যোগ্য হৈ উঠিল। অৱশেষত  ১২ বছৰৰ মূৰত  তেওঁ নিজেই নিজৰ বাবে আদালতত যুক্তি দৰ্শাই  মুক্তি লাভ কৰিবলৈ সক্ষম হ’ল। 

অমিত উত্তৰ প্ৰদেশৰ মিৰাটৰ বাসিন্দা। ২০১১ চনত কনিষ্টবল কৃষ্ণপাল আৰু অমিত কুমাৰক কোনোবাই হত্যা কৰিছিল। তেওঁলোকৰ পৰা ৰাইফলো চুৰি কৰি নিয়া হৈছিল। অভিযোগৰ আঙুলি উঠিছিল  কাইল গেঙৰ বিৰুদ্ধে। ভুলক্ৰমে অমিত চৌধুৰীকো দলটোৰ সদস্য হিচাপে চিহ্নিত কৰা হৈছিল। উত্তৰ প্ৰদেশৰ তদান্তীন মুখ্যমন্ত্ৰী মায়াৱতীয়ে অপৰাধীসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল। অমিত হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সময়ত তেওঁৰ ভগ্নীৰ সৈতে চামলি জিলাত আছিল। কিন্তু আৰক্ষীয়ে সেই কথা শুনা নাছিল। 

আন ১৬  জনৰ সৈতে অমিতকো  অপৰাধী হিচাবে অভিযুক্ত কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ কঠোৰ ধাৰা আৰোপ  কৰা হৈছিল। বাগপতৰ কীৰ্থাল গাঁৱৰ এজন কৃষকৰ পুত্ৰ অমিতৰ  ভৱিষ্যত মুজাফ্ফৰনগৰ কাৰাগাৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ পৰিছিল। 

অমিতে  ২০১৩ চনত কাৰাগাৰৰ পৰা জামিনত মুক্তি লাভ কৰিছিল, কিন্তু অপৰাধৰ কলঙ্ক তেওঁৰ মূৰতে  আছিল। ইয়াৰ মাজতে অমিতে বি.এ., এল.এল.বি., এল.এল.এম. উত্তীৰ্ণ হয়। তেওঁ বাৰ কাউন্সিলৰ পৰীক্ষাতো উত্তীৰ্ণ হয়। নিজকে কলঙ্কৰ পৰা মুক্ত কৰাৰ বাবে তেওঁ আদালতত যুঁজ আৰম্ভ কৰিলে। তেওঁক অভিযুক্ত কৰা আৰক্ষী বিষয়াজনে তেওঁক চিনাক্ত কৰিব নোৱাৰিলে। আৰক্ষীয়ে আদালতত অমিতৰ লগতে আন ১২ জনৰ বিৰুদ্ধে কোনো প্ৰমাণেই দাখিল কৰিব নোৱাৰিলে। অৱশেষত  বিচাৰকে অমিত আৰু আন ১২ জনক নিৰ্দোষী ঘোষণা কৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক