--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুৱক জনক ১৮  বছৰ বয়সতে  তেওঁ দুজন কনিষ্টবলক হত্যা  আৰু ৰাইফল লুট কৰি নিয়াৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু যুৱক অমিত চৌধুৰীয়ে কাকো হত্যা নকৰাকৈয়ে এনেদৰে কাৰাবন্দী হোৱাৰ কথাটো মানি ল’ব পৰা নাছিল। কাৰাগাৰৰ পৰা মুক্ত হ’বলৈ তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ আইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব আৰু নিজৰ মুক্তিৰ বাবে আদালতত যুঁজ দিব।  কাৰাগাৰৰ ভিতৰতে তেওঁ আইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল। এটা সময়ত তেওঁ আইনৰ পৰীক্ষা দি উত্তীৰ্ণও হ’ল আৰু নিজৰ মুক্তিৰ বাবে আদালতত যুঁজ দিয়াৰ বাবে যোগ্য হৈ উঠিল। অৱশেষত  ১২ বছৰৰ মূৰত  তেওঁ নিজেই নিজৰ বাবে আদালতত যুক্তি দৰ্শাই  মুক্তি লাভ কৰিবলৈ সক্ষম হ’ল। 

অমিত উত্তৰ প্ৰদেশৰ মিৰাটৰ বাসিন্দা। ২০১১ চনত কনিষ্টবল কৃষ্ণপাল আৰু অমিত কুমাৰক কোনোবাই হত্যা কৰিছিল। তেওঁলোকৰ পৰা ৰাইফলো চুৰি কৰি নিয়া হৈছিল। অভিযোগৰ আঙুলি উঠিছিল  কাইল গেঙৰ বিৰুদ্ধে। ভুলক্ৰমে অমিত চৌধুৰীকো দলটোৰ সদস্য হিচাপে চিহ্নিত কৰা হৈছিল। উত্তৰ প্ৰদেশৰ তদান্তীন মুখ্যমন্ত্ৰী মায়াৱতীয়ে অপৰাধীসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল। অমিত হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সময়ত তেওঁৰ ভগ্নীৰ সৈতে চামলি জিলাত আছিল। কিন্তু আৰক্ষীয়ে সেই কথা শুনা নাছিল। 

আন ১৬  জনৰ সৈতে অমিতকো  অপৰাধী হিচাবে অভিযুক্ত কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ কঠোৰ ধাৰা আৰোপ  কৰা হৈছিল। বাগপতৰ কীৰ্থাল গাঁৱৰ এজন কৃষকৰ পুত্ৰ অমিতৰ  ভৱিষ্যত মুজাফ্ফৰনগৰ কাৰাগাৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ পৰিছিল। 

অমিতে  ২০১৩ চনত কাৰাগাৰৰ পৰা জামিনত মুক্তি লাভ কৰিছিল, কিন্তু অপৰাধৰ কলঙ্ক তেওঁৰ মূৰতে  আছিল। ইয়াৰ মাজতে অমিতে বি.এ., এল.এল.বি., এল.এল.এম. উত্তীৰ্ণ হয়। তেওঁ বাৰ কাউন্সিলৰ পৰীক্ষাতো উত্তীৰ্ণ হয়। নিজকে কলঙ্কৰ পৰা মুক্ত কৰাৰ বাবে তেওঁ আদালতত যুঁজ আৰম্ভ কৰিলে। তেওঁক অভিযুক্ত কৰা আৰক্ষী বিষয়াজনে তেওঁক চিনাক্ত কৰিব নোৱাৰিলে। আৰক্ষীয়ে আদালতত অমিতৰ লগতে আন ১২ জনৰ বিৰুদ্ধে কোনো প্ৰমাণেই দাখিল কৰিব নোৱাৰিলে। অৱশেষত  বিচাৰকে অমিত আৰু আন ১২ জনক নিৰ্দোষী ঘোষণা কৰে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক