--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত দেশৰ নিচান উৰ্ধ্বমুখী কৰি ৰাখিছে ভাৰতৰ নাৰী বাহিনীয়ে। কেইবাগৰাকীও মহিলা খেলুৱৈয়ে ভাৰতক পদক উপহাৰ দিয়াৰ পাছত এইবাৰ পদক জয়ৰ আশা সজীৱ কৰি তুলিছে ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱেও। প্ৰথম মেচত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাজয়ৰ পিছত বুধবাৰে ক্ৰমাগত দ্বিতীয় জয়েৰে ছেমিফাইনেলৰ পথ প্ৰশস্ত কৰিছে ভাৰতে। যোৱা নিশা গ্ৰুপৰ তৃতীয়খন মেচত বাৰ্বাডোজক ১০০ ৰানত বিধ্বস্ত কৰি কমনৱেলথ পদক জয়ৰ দিশত আৰু এখোজ আগুৱালে ভাৰত। 

প্ৰতিযোগিতাখনত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি মিডিয়াম পেচাৰ ৰেণুকা সিং পুনৰ এবাৰ উজলি উঠিছে। বাৰ্বাডোজৰ বেটিং ক্ৰমত ধুমুহাৰ সৃষ্টি কৰি ৰেণুকাই পেভিলিয়নৰ পথ দেখুওৱাই শীৰ্ষ ক্ৰমৰ চাৰিগৰাকী বেটাৰক। ৰেণুকাৰ লগতে মেচখনত ভাৰতৰ জয়ত অনন্য ভূমিকা লয় জেমিমা ৰড্ৰিগোৱেজ আৰু শ্বেফালী বাৰ্মাইও। 

মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে জেমিমাৰ ৫৬ ৰানৰ অপৰাজিত অৰ্ধশতকীয় ইনিংছৰ লগতে অপেনাৰ শ্বেফালীৰ ৪৩ ৰানৰ সহায়ত ৪ উইকেটত ১৬২ ৰান সংগ্ৰহ কৰে। এই দুই তাৰকাৰ লগতে অলৰাউণ্ডাৰ দীপ্তি শৰ্মাইও ৩৪ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। অৱশ্যে ব্যৰ্থ হয় স্মৃতি মান্ধানা (৫), অধিনায়ক হৰমনপ্ৰীত কৌৰ (০) আৰু তানিয়া ভাটিয়া (৬)। বাৰ্বাডোজৰ হৈ ছানিকা ব্ৰুছ, হেইলি মেথিউজ আৰু শ্বেকাৰা চেলমেনে এটাকৈ উইকেট দখল কৰে।

আনহাতে ১৬৩ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি বাৰ্বাডোজে ৰেণুকাসহ ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত দিশহাৰা হৈ পৰি মাত্ৰ ৬২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ কিছ’না নাইটে সৰ্বাধিক ১৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শ্বেকাৰা চেলমেনে দ্বিতীয় সৰ্বাধিক ১২ ৰানৰ অবদান আগবঢ়ায়। দলৰ সাতগৰাকী বেটাৰে দহকৰ সংখ্যাও স্পৰ্শ কৰাত ব্যৰ্থ হয়। 

ৰেণুকাই নিজৰ স্পেলত ৪ অভাৰত মাত্ৰ ১০ ৰান খৰচ কৰি চাৰিটাকৈ উইকেট দখল কৰে। তেওঁৰ উপৰি অধিনায়ক হৰমনপ্ৰীত কৌৰ, স্নেহ ৰাণা, মেঘনা সিং আৰু ৰাধা যাদৱে এটাকৈ উইকেট লাভ কৰে।

এই জয়েৰে ভাৰতে গ্ৰুপ এ-ত অষ্ট্ৰেলিয়াৰ পিছতে ৩ খন মেচৰ দুখনত জয়েৰে ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত থাকে আৰু ছেমিৰ পথ প্ৰশস্ত কৰে। ভাৰতে কমনৱেলথ অভিযানৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাজিত হোৱাৰ পিছত দ্বিতীয় মেচত পাকিস্তানক পৰাস্ত কৰিছিল। এতিয়া শনিবাৰে ছেমিফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় দল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ