--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত দেশৰ নিচান উৰ্ধ্বমুখী কৰি ৰাখিছে ভাৰতৰ নাৰী বাহিনীয়ে। কেইবাগৰাকীও মহিলা খেলুৱৈয়ে ভাৰতক পদক উপহাৰ দিয়াৰ পাছত এইবাৰ পদক জয়ৰ আশা সজীৱ কৰি তুলিছে ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱেও। প্ৰথম মেচত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাজয়ৰ পিছত বুধবাৰে ক্ৰমাগত দ্বিতীয় জয়েৰে ছেমিফাইনেলৰ পথ প্ৰশস্ত কৰিছে ভাৰতে। যোৱা নিশা গ্ৰুপৰ তৃতীয়খন মেচত বাৰ্বাডোজক ১০০ ৰানত বিধ্বস্ত কৰি কমনৱেলথ পদক জয়ৰ দিশত আৰু এখোজ আগুৱালে ভাৰত। 

প্ৰতিযোগিতাখনত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি মিডিয়াম পেচাৰ ৰেণুকা সিং পুনৰ এবাৰ উজলি উঠিছে। বাৰ্বাডোজৰ বেটিং ক্ৰমত ধুমুহাৰ সৃষ্টি কৰি ৰেণুকাই পেভিলিয়নৰ পথ দেখুওৱাই শীৰ্ষ ক্ৰমৰ চাৰিগৰাকী বেটাৰক। ৰেণুকাৰ লগতে মেচখনত ভাৰতৰ জয়ত অনন্য ভূমিকা লয় জেমিমা ৰড্ৰিগোৱেজ আৰু শ্বেফালী বাৰ্মাইও। 

মেচখনত প্ৰথমে বেটিং কৰি ভাৰতে জেমিমাৰ ৫৬ ৰানৰ অপৰাজিত অৰ্ধশতকীয় ইনিংছৰ লগতে অপেনাৰ শ্বেফালীৰ ৪৩ ৰানৰ সহায়ত ৪ উইকেটত ১৬২ ৰান সংগ্ৰহ কৰে। এই দুই তাৰকাৰ লগতে অলৰাউণ্ডাৰ দীপ্তি শৰ্মাইও ৩৪ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে। অৱশ্যে ব্যৰ্থ হয় স্মৃতি মান্ধানা (৫), অধিনায়ক হৰমনপ্ৰীত কৌৰ (০) আৰু তানিয়া ভাটিয়া (৬)। বাৰ্বাডোজৰ হৈ ছানিকা ব্ৰুছ, হেইলি মেথিউজ আৰু শ্বেকাৰা চেলমেনে এটাকৈ উইকেট দখল কৰে।

আনহাতে ১৬৩ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি বাৰ্বাডোজে ৰেণুকাসহ ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত দিশহাৰা হৈ পৰি মাত্ৰ ৬২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ কিছ’না নাইটে সৰ্বাধিক ১৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শ্বেকাৰা চেলমেনে দ্বিতীয় সৰ্বাধিক ১২ ৰানৰ অবদান আগবঢ়ায়। দলৰ সাতগৰাকী বেটাৰে দহকৰ সংখ্যাও স্পৰ্শ কৰাত ব্যৰ্থ হয়। 

ৰেণুকাই নিজৰ স্পেলত ৪ অভাৰত মাত্ৰ ১০ ৰান খৰচ কৰি চাৰিটাকৈ উইকেট দখল কৰে। তেওঁৰ উপৰি অধিনায়ক হৰমনপ্ৰীত কৌৰ, স্নেহ ৰাণা, মেঘনা সিং আৰু ৰাধা যাদৱে এটাকৈ উইকেট লাভ কৰে।

এই জয়েৰে ভাৰতে গ্ৰুপ এ-ত অষ্ট্ৰেলিয়াৰ পিছতে ৩ খন মেচৰ দুখনত জয়েৰে ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থানত থাকে আৰু ছেমিৰ পথ প্ৰশস্ত কৰে। ভাৰতে কমনৱেলথ অভিযানৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাজিত হোৱাৰ পিছত দ্বিতীয় মেচত পাকিস্তানক পৰাস্ত কৰিছিল। এতিয়া শনিবাৰে ছেমিফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় দল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু