--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিখাত জাৰিন। ভাৰতীয় বক্সিং কিংবদন্তী মেৰীকমৰ পাছতে তেওঁৰ উত্তৰাধিকাৰী হিচাপে চৰ্চিত হৈছে নিখাত জাৰিন নাম। ৰিঙত ক্ষীপ্ৰ গতি আৰু আক্ৰমণাত্মক শৈলীৰ বাবে জাৰিনে শেহতীয়াকৈ কেৰিয়াৰত চমকপ্ৰদ উত্থান ঘটাইছে। এই প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখি জাৰিন চলিত বাৰ্মিংহাম কমনৱেলথ গেমছৰ ছেমিত উপনীত হৈছে। ছেমি ফাইনেললৈ অগ্ৰসৰ হোৱাৰ লগে লগে জাৰিনে ভাৰতৰ কমনৱেলথ অভিযানত আন এক পদক নিশ্চিত কৰে। 

দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই জাৰিনে বুধবাৰে ৫০ কিলোগ্ৰাম লাইট ফ্লাইৱেট শাখাত কোৱাৰ্টাৰ ফাইনেলত ৱেলছৰ হেলেন জোনছক ৫-০ ব্যৱধানত ধৰাশয়ী কৰি ছেমিৰ পথ প্ৰশস্ত কৰে। মেচখনত জয়ৰ পিছতে ৰিঙৰ পৰা নামি অহাৰ সময়তে নিখাতে নিজ মাতৃক জন্মদিনৰ শুভেচ্ছা জনায়। 

ৰিঙৰ পৰা বিজয়ৰ হাঁহি মাৰি নামি আহোতে নিখাতে কেমেৰাৰ সন্মুখলৈ আগুৱাই আহি মাতৃক জন্মদিনৰ শুভেচ্ছা জনাই কয়, "শুভ জন্মদিন আম্মী। মই তোমাক ভাল পাওঁ, ভগৱানে আপোনাক সুখী কৰি ৰাখক।" বক্সাৰগৰাকীয়ে মাতৃক শুভেচ্ছা জনোৱা এই ভিডিঅ'টো সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই দৃশ্যই মন মুহিছে নিখাতৰ প্ৰতিগৰাকী অনুৰাগীৰ।

উল্লেখ্য যে নিজৰ ব্যক্তিত্বৰ বাবে নিখাতে ইয়াৰ পূৰ্বেও জনমানসত যথেষ্ট প্ৰশংসিত হৈছিল। যোৱা মে’ মাহত নিখাতে মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰি তুলিছিল এইগৰাকী তাৰকা বক্সাৰে। প্ৰতিযোগিতাখনৰ ইতিহাসত সোণৰ পদক অৰ্জন কৰা দেশৰ পঞ্চম গৰাকী ভাৰতীয় মহিলা বক্সাৰ ৰূপে পৰিগণিত হৈছিল জাৰিন।  

প্ৰতিযোগিতাখনৰ পিছতে তেলেংগানা ৰাজ্যত এক অনুষ্ঠানত অংশ লৈছিল নিখাত জাৰিনে। অনুষ্ঠানটোত জাৰিনে কৈছিল, “এজন খেলুৱৈ হিচাপে মই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিবলৈ আহিছো। মই কোনো সম্প্ৰদায়ৰ হৈ নহয়, মোৰ দেশকহে প্ৰতিনিধিত্ব কৰো।” 

তাৰ পূৰ্বেও বিশ্ব চেম্পিয়নশ্বিপত শ্ৰেষ্ঠত্ব অৰ্জনৰ পিছত পুৰণি বিবাদ একাষৰীয়া কৰি বক্সিং কিংবদন্তী মেৰীকমৰ সৈতে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি তেওঁক আদৰ্শ হিচাপে অভিহিত কৰি মেৰীকমৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰিছিল। ফটোখনত নিখাতে মেৰীকমক আদৰ্শ বুলি উল্লেখ কৰি লিখিছিল, “আদৰ্শৰ আশীৰ্বাদ অবিহনে কোনো বিজয় সম্পূৰ্ণ নহয়।”নিখাতৰ এনে ব্যক্তিত্বই ক্ৰীড়াপ্ৰেমীৰ মাজত তেওঁৰ প্ৰতি থকা সন্মান আৰু শ্ৰদ্ধা বঢ়াই তুলিছিল।

উল্লেখ্য যে নিখাতৰ লগতে প্ৰতিযোগিতাখনত আন দুগৰাকী বক্সাৰেও পদক নিশ্চিত কৰিছে। নিতু গাংহাছে ৪৮ কিলোগ্ৰাম শাখাত আৰু মহম্মদ হুচামুদিনে পুৰুষৰ ৫৭ কিলোগ্ৰাম শাখাত ইতিমধ্যে ছেমিত প্ৰৱেশ কৰিছে। অৱশ্যে আন এগৰাকী সম্ভাব্য পদক বিজয়ী হিচাপে চৰ্চিত হৈ থকা অলিম্পিক ব্ৰঞ্জ বিজয়ী অসম তনয়া লভলীনা বৰগোহাঁয়ে কোৱাৰ্টাৰতে নিজৰ অভিযান সমাপ্ত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান