--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে ক্ৰিকেটৰ ক্ষেত্ৰ খনো। শেহতীয়াকৈ এখন দেশৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক, আই পি এল খেলুৱৈ ক্ৰিকেটাৰৰ বিৰুদ্ধে উঠিছে কিশোৰীক   বলাৎকাৰ কৰাৰ অভিযোগ। ধৰ্ষণৰ অভিযোগ উঠা খেলুৱৈ জনে  আই পি এলত দিল্লী কেপিটেলছৰ হৈ খেলিছিল। ভাৰতৰ উপৰি তেওঁ আন বহু দেশৰ ফ্ৰেঞ্চাইজি ক্ৰিকেট লীগত খেলিছে। তেওঁৰ বিৰুদ্ধে এগৰাকী ১৭ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক সন্দীপ লামিছানেৰ বিৰুদ্ধে এগৰাকী কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। লামিছানে ভাৰততো পৰকিচিত খেলুৱৈ । তেওঁ আই পি এলত দিল্লী কেপিটেলছৰ হৈ খেলিছিল। ধৰ্ষণৰ অভিযোগ পোৱাৰ পিছত নেপাল আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।  ঘটনাটো কাঠমাণ্ডুৰ ওচৰৰ এটা অঞ্চলত সংঘটিত হৈছিল। ছোৱালীজনীৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ ওচৰত এই বিষয়ত এটা অভিযোগ দাখিল কৰিছে। ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে যদিও খেলুৱৈ জনৰ এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। এই বিষয়ত ক্ৰিকেটাৰজনৰ পৰাও তাৎক্ষণিকভাৱে কোনো মন্তব্য পোৱা হোৱা নাই।

২০১৬ চনত লামিছান নেপালৰ অনুৰ্ধ-১৯ দলৰ অধিনায়ক আছিল। তেওঁ ২০১৮ চনত নেপালৰ ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ পাইছিল। সেই বছৰ আই পি এলত তেওঁক দিল্লী কেপিটেলছে ক্ৰয় কৰিছিল। আই পি এলত খেলা একমাত্ৰ নেপালী ক্ৰিকেটাৰ হৈছে লামিছান। তেওঁ দিল্লীৰ হৈ বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০১৮ চনত দিল্লীৰ হৈ তিনিখন খেলত পাঁচটা উইকেট দখল কৰিছিল। লামিছানে পৰৱৰ্তী বছৰত দিল্লীৰ হৈ ছয়খন খেল খেলিছিল। তেওঁ আঠটা উইকেট লৈছিল। তেওঁক ২০২০ চনত দিল্লীয়ে বিদায় দিছিল। তাৰ পিছত, লামিছানে আই পি এলত খেলিবলৈ সুযোগ নাপালে।

২০২১ চনত  নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক জ্ঞানেন্দ্ৰ মাল্লাক অনুশাসন ভংগৰ অভিযোগত দলৰ পৰা বাদ দিয়া হৈছিল। লামিছানক তেওঁৰ সেই ঠাইত দলটোৰ অধিনায়ক কৰা হৈছিল। নেপাল ক্ৰিকেট ব'ৰ্ডে (এনচিবি) তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য দিয়া নাই।
সোঁহতীয়া স্পিনাৰ জনে কেৰিবিয়ান প্ৰিমিয়াৰ লীগত বাৰ্বাডোছ ট্ৰাইডেণ্টছ, জামাইকা টালাৱাহছ আৰু ছেইণ্ট কিটছ এণ্ড নেভিছ পেট্ৰিয়টছ, হোবাৰ্ট হাৰিকেনছ আৰু মেলবৰ্ণ ষ্টাৰ্ছৰ হৈ বিগ বেছত, চিলেট ছিক্সাৰছৰ হৈ বাংলাদেশ প্ৰিমিয়াৰ লীগত আৰু লাহোৰ কালান্দাৰছৰ হৈ খেলিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী