--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে ক্ৰিকেটৰ ক্ষেত্ৰ খনো। শেহতীয়াকৈ এখন দেশৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক, আই পি এল খেলুৱৈ ক্ৰিকেটাৰৰ বিৰুদ্ধে উঠিছে কিশোৰীক   বলাৎকাৰ কৰাৰ অভিযোগ। ধৰ্ষণৰ অভিযোগ উঠা খেলুৱৈ জনে  আই পি এলত দিল্লী কেপিটেলছৰ হৈ খেলিছিল। ভাৰতৰ উপৰি তেওঁ আন বহু দেশৰ ফ্ৰেঞ্চাইজি ক্ৰিকেট লীগত খেলিছে। তেওঁৰ বিৰুদ্ধে এগৰাকী ১৭ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক সন্দীপ লামিছানেৰ বিৰুদ্ধে এগৰাকী কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। লামিছানে ভাৰততো পৰকিচিত খেলুৱৈ । তেওঁ আই পি এলত দিল্লী কেপিটেলছৰ হৈ খেলিছিল। ধৰ্ষণৰ অভিযোগ পোৱাৰ পিছত নেপাল আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।  ঘটনাটো কাঠমাণ্ডুৰ ওচৰৰ এটা অঞ্চলত সংঘটিত হৈছিল। ছোৱালীজনীৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ ওচৰত এই বিষয়ত এটা অভিযোগ দাখিল কৰিছে। ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে যদিও খেলুৱৈ জনৰ এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। এই বিষয়ত ক্ৰিকেটাৰজনৰ পৰাও তাৎক্ষণিকভাৱে কোনো মন্তব্য পোৱা হোৱা নাই।

২০১৬ চনত লামিছান নেপালৰ অনুৰ্ধ-১৯ দলৰ অধিনায়ক আছিল। তেওঁ ২০১৮ চনত নেপালৰ ৰাষ্ট্ৰীয় দলত খেলাৰ সুযোগ পাইছিল। সেই বছৰ আই পি এলত তেওঁক দিল্লী কেপিটেলছে ক্ৰয় কৰিছিল। আই পি এলত খেলা একমাত্ৰ নেপালী ক্ৰিকেটাৰ হৈছে লামিছান। তেওঁ দিল্লীৰ হৈ বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে আত্মপ্ৰকাশ কৰিছিল। তেওঁ ২০১৮ চনত দিল্লীৰ হৈ তিনিখন খেলত পাঁচটা উইকেট দখল কৰিছিল। লামিছানে পৰৱৰ্তী বছৰত দিল্লীৰ হৈ ছয়খন খেল খেলিছিল। তেওঁ আঠটা উইকেট লৈছিল। তেওঁক ২০২০ চনত দিল্লীয়ে বিদায় দিছিল। তাৰ পিছত, লামিছানে আই পি এলত খেলিবলৈ সুযোগ নাপালে।

২০২১ চনত  নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক জ্ঞানেন্দ্ৰ মাল্লাক অনুশাসন ভংগৰ অভিযোগত দলৰ পৰা বাদ দিয়া হৈছিল। লামিছানক তেওঁৰ সেই ঠাইত দলটোৰ অধিনায়ক কৰা হৈছিল। নেপাল ক্ৰিকেট ব'ৰ্ডে (এনচিবি) তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ সন্দৰ্ভত এতিয়াও কোনো মন্তব্য দিয়া নাই।
সোঁহতীয়া স্পিনাৰ জনে কেৰিবিয়ান প্ৰিমিয়াৰ লীগত বাৰ্বাডোছ ট্ৰাইডেণ্টছ, জামাইকা টালাৱাহছ আৰু ছেইণ্ট কিটছ এণ্ড নেভিছ পেট্ৰিয়টছ, হোবাৰ্ট হাৰিকেনছ আৰু মেলবৰ্ণ ষ্টাৰ্ছৰ হৈ বিগ বেছত, চিলেট ছিক্সাৰছৰ হৈ বাংলাদেশ প্ৰিমিয়াৰ লীগত আৰু লাহোৰ কালান্দাৰছৰ হৈ খেলিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু