--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেপালৰ ক্ৰিকেটাৰ সন্দীপ লামিছানৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে ক্ৰিকেটাৰজনৰ বিৰুদ্ধে দাখিল কৰিছে ধৰ্ষণৰ এজাহাৰ। উক্ত ক্ৰিকেটাৰজনৰ বিৰুদ্ধে জিলা আৰক্ষী ৰেঞ্জে কাঠমাণ্ডুত এজাহাৰ লাভ কৰা বুলি উল্লেখ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ছোৱালীজনীয়ে নিজৰ অভিযোগত উল্লেখ কৰিছে যে ২১ আগষ্টত কাঠমাণ্ডুৰ এখন হোটেলত সন্দীপে ধৰ্ষণ কৰিছিল। লগতে তেওঁৰ বন্ধুৰ জৰিয়তে নেপালৰ অধিনায়কগৰাকীৰ বিষয়ে জানিবলৈ পোৱাৰ লগতে ১৭ আগষ্টত তেওঁ লামিছানেৰ সৈতে নগৰকোটলৈ গৈছিল বুলিও দাবী কৰিছে।

সন্দীপ লামিছানে ২২ আগষ্টত কেনিয়ালৈ ৰাওনা হৈছিল ঘৰুৱা দলৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ আই শৃংখলাত নিজৰ দলটোক নেতৃত্ব দিবলৈ। নেপালে ৩-২ ছিৰিজত জয়লাভ কৰাৰ পাছত  চলিত কেৰিবিয়ান প্ৰিমিয়াৰ লীগত (চিপিএল) খেলিবলৈ ৱেষ্ট ইণ্ডিজলৈ বুলি ৰাওনা হয়।

আৰক্ষীৰ সুৰক্ষাত থকা ছোৱালীজনীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়, ইফালে, ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীৰ সুৰক্ষাত আছে আৰু প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰা হৈছে। উল্লেখযোগ্য যে কাঠমাণ্ডু উপত্যকা আৰক্ষী কাৰ্যালয়ত এআইজি ৰবীন্দ্ৰ সিং ধানুৰ লগত নেপালৰ ডিজিটেল বাতৰি কাকতে  কথা পাতি এই খবৰটো নিশ্চিত কৰে।

এআইজি ৰবীন্দ্ৰ সিং ধানুয়ে কয়,"সন্দীপ লামিছানেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰা হৈছে। এয়া নাবালকৰ অভিযোগ, কাইলৈ ​​এই সন্দৰ্ভত অধিক বিৱৰণ দিম। আজি সন্ধিয়া ভুক্তভোগীৰ স্বাস্থ্য পৰীক্ষাও কৰা হৈছে।" কাঠমাণ্ডু আৰক্ষী ৰেঞ্জ, কাঠমাণ্ডু উপত্যকা আৰক্ষী আৰু নেপাল আৰক্ষী মুখ্য কাৰ্যালয়তো আন কেইবাজনো আৰক্ষী বিষয়াই এই বিষয়ে তদন্ত চলাই আছে।

নেপাল ক্ৰিকেট সন্থাই তেওঁলোকৰ অধিনায়ক সন্দীপ লামিছানেৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া এতিয়া লক্ষণীয় হ’ব। চিপিএলত থকা কাৰ্যকালৰ মাজতে ক্ৰিকেটাৰগৰাকীক থানাত খবৰ দিবলৈ মাতি অনা হয় নে নহয় সেয়াও এতিয়া লক্ষ্যনীয় হ’ব। উত্থাপিত অভিযোগ সন্দৰ্ভতো তেওঁ এতিয়াও কোনো বক্তব্য প্ৰদান কৰা নাই। সন্দীপৰ কথা ক’বলৈ গ’লে, তেওঁৰ চিপিএলৰ দল জামাইকা টালাৱাহছে এতিয়ালৈকে খেলা দুখন মেচত তেওঁ সুযোগ পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী