--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেপালৰ ক্ৰিকেটাৰ সন্দীপ লামিছানৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে ক্ৰিকেটাৰজনৰ বিৰুদ্ধে দাখিল কৰিছে ধৰ্ষণৰ এজাহাৰ। উক্ত ক্ৰিকেটাৰজনৰ বিৰুদ্ধে জিলা আৰক্ষী ৰেঞ্জে কাঠমাণ্ডুত এজাহাৰ লাভ কৰা বুলি উল্লেখ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ছোৱালীজনীয়ে নিজৰ অভিযোগত উল্লেখ কৰিছে যে ২১ আগষ্টত কাঠমাণ্ডুৰ এখন হোটেলত সন্দীপে ধৰ্ষণ কৰিছিল। লগতে তেওঁৰ বন্ধুৰ জৰিয়তে নেপালৰ অধিনায়কগৰাকীৰ বিষয়ে জানিবলৈ পোৱাৰ লগতে ১৭ আগষ্টত তেওঁ লামিছানেৰ সৈতে নগৰকোটলৈ গৈছিল বুলিও দাবী কৰিছে।

সন্দীপ লামিছানে ২২ আগষ্টত কেনিয়ালৈ ৰাওনা হৈছিল ঘৰুৱা দলৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ আই শৃংখলাত নিজৰ দলটোক নেতৃত্ব দিবলৈ। নেপালে ৩-২ ছিৰিজত জয়লাভ কৰাৰ পাছত  চলিত কেৰিবিয়ান প্ৰিমিয়াৰ লীগত (চিপিএল) খেলিবলৈ ৱেষ্ট ইণ্ডিজলৈ বুলি ৰাওনা হয়।

আৰক্ষীৰ সুৰক্ষাত থকা ছোৱালীজনীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়, ইফালে, ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীৰ সুৰক্ষাত আছে আৰু প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা কৰা হৈছে। উল্লেখযোগ্য যে কাঠমাণ্ডু উপত্যকা আৰক্ষী কাৰ্যালয়ত এআইজি ৰবীন্দ্ৰ সিং ধানুৰ লগত নেপালৰ ডিজিটেল বাতৰি কাকতে  কথা পাতি এই খবৰটো নিশ্চিত কৰে।

এআইজি ৰবীন্দ্ৰ সিং ধানুয়ে কয়,"সন্দীপ লামিছানেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰা হৈছে। এয়া নাবালকৰ অভিযোগ, কাইলৈ ​​এই সন্দৰ্ভত অধিক বিৱৰণ দিম। আজি সন্ধিয়া ভুক্তভোগীৰ স্বাস্থ্য পৰীক্ষাও কৰা হৈছে।" কাঠমাণ্ডু আৰক্ষী ৰেঞ্জ, কাঠমাণ্ডু উপত্যকা আৰক্ষী আৰু নেপাল আৰক্ষী মুখ্য কাৰ্যালয়তো আন কেইবাজনো আৰক্ষী বিষয়াই এই বিষয়ে তদন্ত চলাই আছে।

নেপাল ক্ৰিকেট সন্থাই তেওঁলোকৰ অধিনায়ক সন্দীপ লামিছানেৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া এতিয়া লক্ষণীয় হ’ব। চিপিএলত থকা কাৰ্যকালৰ মাজতে ক্ৰিকেটাৰগৰাকীক থানাত খবৰ দিবলৈ মাতি অনা হয় নে নহয় সেয়াও এতিয়া লক্ষ্যনীয় হ’ব। উত্থাপিত অভিযোগ সন্দৰ্ভতো তেওঁ এতিয়াও কোনো বক্তব্য প্ৰদান কৰা নাই। সন্দীপৰ কথা ক’বলৈ গ’লে, তেওঁৰ চিপিএলৰ দল জামাইকা টালাৱাহছে এতিয়ালৈকে খেলা দুখন মেচত তেওঁ সুযোগ পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু