--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্ৰথম ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে পশ্চিম বংগৰ বাণীমন্দিৰ হাইস্কুলৰ শ্যামাক ধেৰুৱাই । প্ৰতিযোগিতাৰ অন্তিম খন খেলত নীলাণাক্ষ্য কাশ্যাপক পৰাজিত কৰি ৰাষ্ট্ৰীয় স্কুল দবাৰ চেম্পিয়ন  হয় ।

 শ্যামাকে প্ৰতিযোগিতাৰ ৯ খন খেলত সংগ্ৰহ কৰে ৯ পইণ্ট ।  প্ৰতিযোগিতা খনত ৮ পইণ্ট সংগ্ৰহৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ সুদৰ্শন পাব্লিক স্কুলৰ মৃন্ময় ৰাজখোৱাই । অসমৰ প্ৰতিভাবান অন্যতম্ কনিষ্ঠ  দবাৰু মৃন্ময়ে শিৱসাগৰৰ অভিনাশ পি গগৈক পৰাজিত কৰে।  প্ৰতিযোগিতাৰ তৃতীয় , চতুৰ্থ স্হান লাভ কৰে গুৱাটীৰ মাৰিয়াছ পাব্লিক স্কুলৰ তন্ময় ৰাজবংশী আৰু অভিজ্ঞান গোস্বামীয়ে । দুয়োয়ে  লাভ কৰে ৭ পইণ্টকৈ ।  গত ১৪ নবেম্বৰ পৰা ১৮ নবেম্বৰ চলা ৰাষ্ট্ৰীয় স্কুল দবা প্ৰতিযোগিতা খনত অসম , বিহাৰ , ৰাজস্থান , পশ্চিম বংগ , ত্ৰিপুৰা , মণিপুৰ, ,ছিক্কিম , মেঘালয় , অৰুণচলৰ বহুকেখন বিদ্যালয়ৰ  ২২৪ গৰাকীয়ে  দবাৰুৱে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খনৰ  শ্ৰেষ্ঠ বিদ্যালয় সন্মান লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ মাৰিয়াছ  পাব্লিক স্কুলে । 


সদৌ অসম দবা সন্থাৰ উদ্যোগত আৰু আসম চৰকাৰৰ  এছ এল এ চি ৰ সহযোগত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ৰেটিং স্কুল দবা প্ৰতিযোগিতা খন পৰিচলানা কৰে ছীফ আৰ্বিটাৰ ড০ চাৰ্ভাকে । ইয়ালে প্ৰতিযোগিতা খনৰ অন্তত বিজয়ী দবাৰুৰ মাজত বঁটা প্ৰদান কৰা হয় । এই বঁটা প্ৰদান অনুষ্ঠানত দবা সন্থাৰ সভাপতি কৰ্ন্দপ কলিতা , কোক্ষাধ্যক্ষ মাধৱ শৰ্মাৰ উপৰি মুখ্য উপদেষ্টা মুকুটা ডেকা উপস্থিত থাকে । প্ৰদান অনুষ্ঠানৰ আঁত ধৰে সাধাৰণ সম্পাদক ৰাজীৱ ধৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা