--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলি থকা প্ৰথম ৰাষ্ট্ৰীয় স্কুল ৰেটিং দবা প্ৰতিযোগিতাৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে পশ্চিম বংগৰ বাণীমন্দিৰ হাইস্কুলৰ শ্যামাক ধেৰুৱাই । প্ৰতিযোগিতাৰ অন্তিম খন খেলত নীলাণাক্ষ্য কাশ্যাপক পৰাজিত কৰি ৰাষ্ট্ৰীয় স্কুল দবাৰ চেম্পিয়ন  হয় ।

 শ্যামাকে প্ৰতিযোগিতাৰ ৯ খন খেলত সংগ্ৰহ কৰে ৯ পইণ্ট ।  প্ৰতিযোগিতা খনত ৮ পইণ্ট সংগ্ৰহৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ সুদৰ্শন পাব্লিক স্কুলৰ মৃন্ময় ৰাজখোৱাই । অসমৰ প্ৰতিভাবান অন্যতম্ কনিষ্ঠ  দবাৰু মৃন্ময়ে শিৱসাগৰৰ অভিনাশ পি গগৈক পৰাজিত কৰে।  প্ৰতিযোগিতাৰ তৃতীয় , চতুৰ্থ স্হান লাভ কৰে গুৱাটীৰ মাৰিয়াছ পাব্লিক স্কুলৰ তন্ময় ৰাজবংশী আৰু অভিজ্ঞান গোস্বামীয়ে । দুয়োয়ে  লাভ কৰে ৭ পইণ্টকৈ ।  গত ১৪ নবেম্বৰ পৰা ১৮ নবেম্বৰ চলা ৰাষ্ট্ৰীয় স্কুল দবা প্ৰতিযোগিতা খনত অসম , বিহাৰ , ৰাজস্থান , পশ্চিম বংগ , ত্ৰিপুৰা , মণিপুৰ, ,ছিক্কিম , মেঘালয় , অৰুণচলৰ বহুকেখন বিদ্যালয়ৰ  ২২৪ গৰাকীয়ে  দবাৰুৱে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতা খনৰ  শ্ৰেষ্ঠ বিদ্যালয় সন্মান লাভ কৰিবলৈ সক্ষম হয় গুৱাহাটীৰ মাৰিয়াছ  পাব্লিক স্কুলে । 


সদৌ অসম দবা সন্থাৰ উদ্যোগত আৰু আসম চৰকাৰৰ  এছ এল এ চি ৰ সহযোগত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ৰেটিং স্কুল দবা প্ৰতিযোগিতা খন পৰিচলানা কৰে ছীফ আৰ্বিটাৰ ড০ চাৰ্ভাকে । ইয়ালে প্ৰতিযোগিতা খনৰ অন্তত বিজয়ী দবাৰুৰ মাজত বঁটা প্ৰদান কৰা হয় । এই বঁটা প্ৰদান অনুষ্ঠানত দবা সন্থাৰ সভাপতি কৰ্ন্দপ কলিতা , কোক্ষাধ্যক্ষ মাধৱ শৰ্মাৰ উপৰি মুখ্য উপদেষ্টা মুকুটা ডেকা উপস্থিত থাকে । প্ৰদান অনুষ্ঠানৰ আঁত ধৰে সাধাৰণ সম্পাদক ৰাজীৱ ধৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক