--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন তেণ্ডুলকাৰে পূৰ্বে গঢ়ি থোৱা ১০টাকৈ অভিলেখ এইবেলিৰ  বিশ্বকাপত ভংগ হ’ল। বহুতে সেয়ে আলোচনা কৰিছে যে এইবেলিৰ বিশ্বকাপ যেন  শচীন তেণ্ডুলকাৰৰ  অভিলেখ ভংগ কৰাৰ বিশ্বকাপহে! ফাইনেলৰ পূৰ্বেই  শচীনৰ ১০ টাকৈ পূৰ্বৰ অভিলেখ ভংগ হৈছে। শচীনৰ অভিলেখ ভংগ কৰাসকলৰ  তালিকাখনত বিৰাট কোহলী, ৰোহিত শৰ্মা, ডেভিদ ৱাৰ্ণাৰৰ দৰে তাৰকা খেলুৱৈসকল অন্তৰ্ভুক্ত আছে। এই বিশ্বকাপত এতিয়ালৈকে শচীনৰ কি কি অভিলেখ ভংগ হৈছে জানো আহক- 


এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকঃ বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন ছেমি ফাইনেলত শতক অৰ্জন কৰি এদিনীয়া ক্ৰিকেটত ৫০সংখ্যক শতক অৰ্জন কৰে। তেওঁ এনেদৰে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে (৪৯)। বিৰাটে প্ৰায় ১৫০ টা ইনিংছ খেলি শচীনক অতিক্ৰম কৰে। 
বিশ্বকাপৰ ইতিহাসত  শতকঃ ৰোহিত শৰ্মাই আফগানিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে। বিশ্বকাপত শচীনৰ শতকৰ সংখ্যা ছয়। ৰোহিতৰ বৰ্তমান বিশ্বকাপত সাতটা শতক আছে। 

বিশ্বকাপত সৰ্বাধিক স্ক'ৰ: বিৰাট কোহলীয়ে শচীনৰ অভিলেখ ভংগ কৰিছে। ২০১৩  চনৰ বিশ্বকাপত শচীনে ১১  খন মেচত ৬৭৩ ৰাণ সংগ্ৰহ কৰিছিল। বিৰাটে ইতিমধ্যে বিশ্বকাপৰ ফাইনেল বাদ দি ১০ খন খেলত ৭১১ ৰাণ সংগ্ৰহ কৰিছে। 

 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম ২৬,০০০ ৰাণঃ বিৰাটে বাংলাদেশৰ বিৰুদ্ধে শচীনক অতিক্ৰম কৰে। বিৰাটে ১৯ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল। তেওঁ ৫৬৭ টা ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৬,০০০ ৰাণ সম্পূৰ্ণ কৰিছিল। আনহাতে শচীনে ৬০০ ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৬,০০০ ৰাণৰ সীমা অতিক্ৰম কৰিছিল।


বিশ্বকাপত  দ্ৰুততম ১,০০০ ৰাণঃ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম ১,০০০ ৰাণৰ ক্ষেত্ৰত ৰোহিত আৰু ডেভিদ ৱাৰ্ণাৰে শচীনক অতিক্ৰম কৰিছে। শচীনে ২০ টা ইনিংছত ১,০০০ ৰাণৰ সীমা অতিক্ৰম কৰিছিল। ৰোহিত আৰু ৱাৰ্ণাৰে ১৯ টা ইনিংছ সেয়া কৰিবলৈ সক্ষম হৈছে। কেৱল এই কেইটাই নহয়, শচীনৰ আৰু আন কেইবাটাও অভিলেখ ভংগ হৈছে এইবাৰৰ বিশ্বকাপত। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক