--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন তেণ্ডুলকাৰে পূৰ্বে গঢ়ি থোৱা ১০টাকৈ অভিলেখ এইবেলিৰ  বিশ্বকাপত ভংগ হ’ল। বহুতে সেয়ে আলোচনা কৰিছে যে এইবেলিৰ বিশ্বকাপ যেন  শচীন তেণ্ডুলকাৰৰ  অভিলেখ ভংগ কৰাৰ বিশ্বকাপহে! ফাইনেলৰ পূৰ্বেই  শচীনৰ ১০ টাকৈ পূৰ্বৰ অভিলেখ ভংগ হৈছে। শচীনৰ অভিলেখ ভংগ কৰাসকলৰ  তালিকাখনত বিৰাট কোহলী, ৰোহিত শৰ্মা, ডেভিদ ৱাৰ্ণাৰৰ দৰে তাৰকা খেলুৱৈসকল অন্তৰ্ভুক্ত আছে। এই বিশ্বকাপত এতিয়ালৈকে শচীনৰ কি কি অভিলেখ ভংগ হৈছে জানো আহক- 


এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকঃ বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন ছেমি ফাইনেলত শতক অৰ্জন কৰি এদিনীয়া ক্ৰিকেটত ৫০সংখ্যক শতক অৰ্জন কৰে। তেওঁ এনেদৰে শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে (৪৯)। বিৰাটে প্ৰায় ১৫০ টা ইনিংছ খেলি শচীনক অতিক্ৰম কৰে। 
বিশ্বকাপৰ ইতিহাসত  শতকঃ ৰোহিত শৰ্মাই আফগানিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে। বিশ্বকাপত শচীনৰ শতকৰ সংখ্যা ছয়। ৰোহিতৰ বৰ্তমান বিশ্বকাপত সাতটা শতক আছে। 

বিশ্বকাপত সৰ্বাধিক স্ক'ৰ: বিৰাট কোহলীয়ে শচীনৰ অভিলেখ ভংগ কৰিছে। ২০১৩  চনৰ বিশ্বকাপত শচীনে ১১  খন মেচত ৬৭৩ ৰাণ সংগ্ৰহ কৰিছিল। বিৰাটে ইতিমধ্যে বিশ্বকাপৰ ফাইনেল বাদ দি ১০ খন খেলত ৭১১ ৰাণ সংগ্ৰহ কৰিছে। 

 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম ২৬,০০০ ৰাণঃ বিৰাটে বাংলাদেশৰ বিৰুদ্ধে শচীনক অতিক্ৰম কৰে। বিৰাটে ১৯ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল। তেওঁ ৫৬৭ টা ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৬,০০০ ৰাণ সম্পূৰ্ণ কৰিছিল। আনহাতে শচীনে ৬০০ ইনিংছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৬,০০০ ৰাণৰ সীমা অতিক্ৰম কৰিছিল।


বিশ্বকাপত  দ্ৰুততম ১,০০০ ৰাণঃ বিশ্বকাপৰ ইতিহাসত দ্ৰুততম ১,০০০ ৰাণৰ ক্ষেত্ৰত ৰোহিত আৰু ডেভিদ ৱাৰ্ণাৰে শচীনক অতিক্ৰম কৰিছে। শচীনে ২০ টা ইনিংছত ১,০০০ ৰাণৰ সীমা অতিক্ৰম কৰিছিল। ৰোহিত আৰু ৱাৰ্ণাৰে ১৯ টা ইনিংছ সেয়া কৰিবলৈ সক্ষম হৈছে। কেৱল এই কেইটাই নহয়, শচীনৰ আৰু আন কেইবাটাও অভিলেখ ভংগ হৈছে এইবাৰৰ বিশ্বকাপত। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক