--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অহা বৰ্ষত উত্তৰ প্ৰদেশৰ সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ দেশত আগ্ৰহ আৰু উৎকণ্ঠা বৃদ্ধি পাবলৈ ধৰিছে৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন জয়ৰ বাবে শাসক-বিৰোধী উভয় পক্ষই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি৷ ৪০৩ গৰাকী সদস্যৰে উত্তৰ প্ৰদেশ বিধানসভাই দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ ৰাজনৈতিক বিশ্লেষকসকলে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফলকে ২০২৪ চনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ‘ছেমি ফাইনেল’ বুলি অভিহিত কৰিছে৷ এনে আগ্ৰহ আৰু উৎকণ্ঠাৰ মাজতেই দেশৰ অন্যতম ৰাজনৈতিক শক্তি শিৱসেনাৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটৰ এক সাক্ষাৎকাৰে উত্তৰ প্ৰদেশৰ ৰাজনীতিত এক নতুন ‘টুইষ্ট’ দিব বুলি ভবা হৈছে৷ কিয়নো, ৰাউটে তেওঁৰ সাক্ষাৎকাৰত শিৱসেনাই উত্তৰ প্ৰদেশৰ নিৰ্বাচনত সংযুক্ত প্ৰগতিশীল মৰ্চা (UPA)ৰ অংশীদাৰ হ’ব পাৰে বুলি ইংগিত প্ৰদান কৰিছে৷ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত সঞ্জয় ৰাউতে কৰা কেতবোৰ মন্তব্যই দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ ইংগিত বহন কৰিছে৷

কিয়নো, কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ছোনিয়া গান্ধীক সাক্ষাৎ নকৰাকৈ এনচিপি নেতা শাৰদ পাৱাৰক সাক্ষাৎ কৰিছিল৷ সাক্ষাৎকালত কংগ্ৰেছৰ বিৰুদ্ধে মুখৰ হৈ পৰিছিল মমতা বেনাৰ্জী৷ সেই সাক্ষাতকালত মমতা বেনাৰ্জীয়ে কংগ্ৰেছক বাদ দি বিৰোধী বিকল্প গঢ়াৰ বিষয়ে মন্তব্য কৰিছিল৷ শেহতীয়াকৈ সঞ্জয় ৰাউটে এখন বৈঠকত ৰাহুল গান্ধীক ২০০৪-১৪ বৰ্ষত দেশখন শাসন কৰা কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁট ইউপিএক পুনৰুজ্জীৱিত কৰা উচিত বুলি পৰামৰ্শ আগবঢ়োৱা বুলি সাক্ষাৎকাৰটোত উল্লেখ কৰে৷ তেওঁ আনকি শিৱসেনায়ো ইউপিএত যোগদান কৰিব পাৰে বুলি ইংগিত দিছিল। মহাৰাষ্ট্ৰত কংগ্ৰেছ আৰু শাৰদ পাৱাৰৰ নেশ্যনলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সৈতে মিত্ৰজোঁটৰ অংশীদাৰ হৈ আছে শিৱসেনা৷ ‘‘আমি উদ্ধৱ ঠাকৰেৰ নেতৃত্বত মহাৰাষ্ট্ৰত এখন ‘মিনি ইউপিএ’ চলাই আছোঁ। গতিকে, কেন্দ্ৰীয় পৰ্যায়ত আমাৰ একে ধৰণৰ ব্যৱস্থা থকা উচিত’’ বুলি মন্তব্য কৰিছে শিৱসেনাৰ নেতাজনে৷ শিৱসেনাই ইউপিএত যোগদান কৰিব নেকি বুলি সোধাত এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, মই ৰাহুল গান্ধীক কৈছিলোঁ, সকলোকে আমন্ত্ৰণ জনাইছোঁ।

মানুহে কেৱল আহি যোগদান নকৰে। যদি বিয়া বা অনুষ্ঠান হয়, তেন্তে আমি নিমন্ত্ৰণ পঠিয়াব লাগিব। আমন্ত্ৰণটো আহিবলৈ দিয়ক, তাৰ পিছত আমি ইয়াৰ বিষয়ে চিন্তা কৰিম। মই শিৱসেনাৰ মুৰব্বী উদ্ধৱ ঠাকৰেক ইতিমধ্যে এই কথা জনাইছোঁ৷ ৰাহুল গান্ধীক উচ্চ প্ৰশংসা কৰি মানুহে ৰাহুল গান্ধীক যিদৰে ভাবে সেয়া সঠিক নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাউটে৷ মমতা বেনাৰ্জীৰ বিৰোধী ঐক্য গঢ়াৰ প্ৰচেষ্টাৰ সময়তে মহাৰাষ্ট্ৰৰ এনচিপিৰ সহযোগী দল শিৱসেনাৰ এই নেতাগৰাকীৰ মন্তব্যই সমগ্ৰ ৰাজনৈতিক পৰিক্ৰমাটোকে যে নতুন গতি দিব, সেয়া নিশ্চিত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু