--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি সদনত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন৷ শেহতীয়াকৈ ৰাজ্যত চৰ্চিত হৈছিল গো-হত্যা আৰু গৰুৰ অবৈধ সৰবৰাহৰ ঘটনা৷ প্ৰতিদিনে সংবাদ শিৰোনাম দখল কৰিছিল অবৈধ গৰুৰ সৰবাহৰ ঘটনাই৷ আৰক্ষীৰ নাকৰ তলেৰেই অবৈধ গৰু সৰবৰাহ কৰিছিল বাংলাদেশলৈ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সৰব হৈছিল গো-সুৰক্ষাৰ ওপৰত৷ অৱশেষত বিধানসভাৰ শীতকালীন অধিবেশনৰ চতুৰ্থ দিনা গৃহিত হয় আইনখন৷

কি আছে এই নতুন গো-সৰক্ষা সংশোধনী আইনত?

  • গো-হত্যা ৰোধ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে৷
  • এই আইনৰ ফলত কৃষকৰ গো-পালন বন্ধ নহয়।
  • বাংলাদেশৰ সীমামূৰীয়া জিলালৈ গো-সৰবৰাহ বন্ধ কৰাৰ উদ্দেশ্যে গৃহীত হৈছে এই আইন।
  • ম’হৰ ক্ষেত্ৰত কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নহয়।
  • অবৈধ গো-সৰবৰাহ কৰা বাহনৰ মালিকেও পাব শাস্তি পাব।
  • জব্দকৃত বাহন নিলাম কৰিব অসম আৰক্ষীয়ে।
  • দুগ্ধ উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব গো-সুৰক্ষা সংশোধনী আইনখনৰ।
  • গৰুৰ প্ৰতি হিংসা কম কৰাৰ উদ্দেশ্যে গৃহীত হৈছে এই আইন।

শেহতীয়াকৈ সদনত প্ৰকাশ কৰা তথ্য অনুসৰি, গৰু সৰবৰাহ সম্পৰ্কত ৪০৬টা গোচৰ ৰুজু হৈছে সমগ্ৰ অসমত৷ তাৰে প্ৰায় ২৪০জনক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বৰ্তমানলৈ ৰাজ্যত অবৈধভাৱে গো-সৰবৰাহ কৰি জব্দ কৰা হৈছে মুঠ ৬৮খন বাহন৷ তাৰ বিপৰীতে উদ্ধাৰ হৈছে ২০০৪টা গৰু৷ ইপিনে আৰক্ষীৰ গুলীত এজন সৰবৰাহকাৰী নিহতও হয়, আনহাতে আহত হয় ৫জনকৈ লোক৷ এই আইনৰ ফলত নেচনেল ডায়েৰী ডেভেলপমেণ্টৰ জৰিয়তে দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য চৰকাৰৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসম কন্যা নিয়ৰ পাৰিজাতলৈ শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান
আজি বিশ্ব হেপাটাইটিছ দিৱস
আদিংগিৰিৰ পাছত কালাপানীতো ঘৰে ঘৰে বিলালে উচ্ছেদৰ জাননী
উৰিয়ামঘাটত সাজু ১০০ বুলড'জাৰ
আদিত্য এল-১ মিছনৰ কৰ্মশালালৈ তেজপুৰৰ ছাত্ৰী
হৰিদ্বাৰত পদপিষ্ট হৈ ৬জনৰ মৃত্যু, ২৯জন আহত