--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি সদনত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন৷ শেহতীয়াকৈ ৰাজ্যত চৰ্চিত হৈছিল গো-হত্যা আৰু গৰুৰ অবৈধ সৰবৰাহৰ ঘটনা৷ প্ৰতিদিনে সংবাদ শিৰোনাম দখল কৰিছিল অবৈধ গৰুৰ সৰবাহৰ ঘটনাই৷ আৰক্ষীৰ নাকৰ তলেৰেই অবৈধ গৰু সৰবৰাহ কৰিছিল বাংলাদেশলৈ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সৰব হৈছিল গো-সুৰক্ষাৰ ওপৰত৷ অৱশেষত বিধানসভাৰ শীতকালীন অধিবেশনৰ চতুৰ্থ দিনা গৃহিত হয় আইনখন৷

কি আছে এই নতুন গো-সৰক্ষা সংশোধনী আইনত?

  • গো-হত্যা ৰোধ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে৷
  • এই আইনৰ ফলত কৃষকৰ গো-পালন বন্ধ নহয়।
  • বাংলাদেশৰ সীমামূৰীয়া জিলালৈ গো-সৰবৰাহ বন্ধ কৰাৰ উদ্দেশ্যে গৃহীত হৈছে এই আইন।
  • ম’হৰ ক্ষেত্ৰত কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নহয়।
  • অবৈধ গো-সৰবৰাহ কৰা বাহনৰ মালিকেও পাব শাস্তি পাব।
  • জব্দকৃত বাহন নিলাম কৰিব অসম আৰক্ষীয়ে।
  • দুগ্ধ উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব গো-সুৰক্ষা সংশোধনী আইনখনৰ।
  • গৰুৰ প্ৰতি হিংসা কম কৰাৰ উদ্দেশ্যে গৃহীত হৈছে এই আইন।

শেহতীয়াকৈ সদনত প্ৰকাশ কৰা তথ্য অনুসৰি, গৰু সৰবৰাহ সম্পৰ্কত ৪০৬টা গোচৰ ৰুজু হৈছে সমগ্ৰ অসমত৷ তাৰে প্ৰায় ২৪০জনক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ বৰ্তমানলৈ ৰাজ্যত অবৈধভাৱে গো-সৰবৰাহ কৰি জব্দ কৰা হৈছে মুঠ ৬৮খন বাহন৷ তাৰ বিপৰীতে উদ্ধাৰ হৈছে ২০০৪টা গৰু৷ ইপিনে আৰক্ষীৰ গুলীত এজন সৰবৰাহকাৰী নিহতও হয়, আনহাতে আহত হয় ৫জনকৈ লোক৷ এই আইনৰ ফলত নেচনেল ডায়েৰী ডেভেলপমেণ্টৰ জৰিয়তে দৈনিক ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য চৰকাৰৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ