--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমালয়ালম নিউজ চেনেলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি উচ্চতম ন্যায়ালয়ে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধৃতি দি দেশৰ নাগৰিকৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে মালয়ালম নিউজ চেনেলৰ বিশেষ আবেদনত এই নিৰ্দেশ জাৰি কৰে।

এই চেনেলটো নিষিদ্ধ কৰাৰ আঁৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণ জড়িত হৈ আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ যুক্তি নাকচ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ হেমা কোহলীৰ বিচাৰপীঠে। আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দাবী বতাহত কৰিব নোৱাৰি, ইয়াৰ সমৰ্থনত সুনিৰ্দিষ্ট প্ৰমাণ থাকিব লাগে।আদালতে নিজৰ সিদ্ধান্তত কয় যে, "চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ আবেদন ব্যৱহাৰ কৰি নাগৰিকৰ অধিকাৰ বঞ্চিত কৰিছে। আইনৰ শাসনৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি ভুল।"

উল্লেখযোগ্য যে,২০২০ চনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দিল্লীৰ হিংসাৰ বাতৰি পৰিৱেশন কৰাত আপত্তি জনাই "কেবল টেলিভিছন নেটৱৰ্ক ৰুলছ ১৯৯৪"ৰ বিধান উলংঘা কৰা বুলি কোৱাৰ পিছত মিডিয়া ৱান টিভিক ৪৮ ঘণ্টাৰ বাবে নিষিদ্ধ কৰা হৈছিল।

২০২২ চনত চেনেলটোৰ অনুজ্ঞাপত্ৰ নবীকৰণ নোহোৱাৰ বাবে এয়াৰ অফ কৰা হৈছিল। চৰকাৰে ‘নিৰাপত্তা’ৰ উদ্বেগ উল্লেখ কৰিছিল যদিও কোনো সবিশেষ তথ্য  প্ৰকাশ কৰা নাছিল। চেনেলটোৰ বহু বিনিয়োগকাৰী জামাত-ই-ইছলামী,কেৰালাৰ সদস্য বুলি অনুমান কৰা হৈছে, যিটো মিডিয়া ৱান টিভিৰ নিষেধাজ্ঞাৰ কাৰণ হিচাপে বিবেচনা কৰিব পাৰি ।চেনেলটোৱে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যিয়ে মন্ত্ৰালয়ৰ নিষেধাজ্ঞাৰ আদেশৰ কাম স্থগিত ৰাখিছিল। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত এজন একক ন্যায়াধীশে মন্ত্ৰালয়ৰ সিদ্ধান্তক সমৰ্থন কৰে। কেৰালা উচ্চ ন্যায়ালয়ে কয় যে,"ছীল কভাৰত কিছু সামগ্ৰী আদালতক গতাই দিয়া হৈছে। সেই সামগ্ৰীবোৰে প্ৰমাণ কৰে যে নিষেধাজ্ঞাৰ যথেষ্ট কাৰণ আছে।"

ইয়াৰ পিছত মিডিয়া ৱান কোম্পানীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক উত্তৰ বিচাৰি উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছিল। যাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত হোৱা অধিবক্তাই ছীল কৰা খামত নিজৰ পক্ষ আদালতক প্ৰদান কৰে। ইয়াৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি আদালতে কয় যে ছীল কভাৰত উত্তৰ দিয়াটো ন্যায় বিচৰা আবেদনকাৰীক আন্ধাৰত যুঁজিবলৈ এৰি দিয়াৰ দৰেই আৰু ই প্ৰাকৃতিক ন্যায়ৰ নীতিৰো বিৰোধী।

কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা বাতিল কৰি উচ্চতম ন্যায়ালয়ে কয় যে শক্তিশালী গণতন্ত্ৰৰ বাবে মুক্ত আৰু নিৰ্ভীক সংবাদ মাধ্যম থকাটো অতি প্ৰয়োজনীয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল