--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমালয়ালম নিউজ চেনেলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি উচ্চতম ন্যায়ালয়ে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধৃতি দি দেশৰ নাগৰিকৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে মালয়ালম নিউজ চেনেলৰ বিশেষ আবেদনত এই নিৰ্দেশ জাৰি কৰে।

এই চেনেলটো নিষিদ্ধ কৰাৰ আঁৰত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণ জড়িত হৈ আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ যুক্তি নাকচ কৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ হেমা কোহলীৰ বিচাৰপীঠে। আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দাবী বতাহত কৰিব নোৱাৰি, ইয়াৰ সমৰ্থনত সুনিৰ্দিষ্ট প্ৰমাণ থাকিব লাগে।আদালতে নিজৰ সিদ্ধান্তত কয় যে, "চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ আবেদন ব্যৱহাৰ কৰি নাগৰিকৰ অধিকাৰ বঞ্চিত কৰিছে। আইনৰ শাসনৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি ভুল।"

উল্লেখযোগ্য যে,২০২০ চনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দিল্লীৰ হিংসাৰ বাতৰি পৰিৱেশন কৰাত আপত্তি জনাই "কেবল টেলিভিছন নেটৱৰ্ক ৰুলছ ১৯৯৪"ৰ বিধান উলংঘা কৰা বুলি কোৱাৰ পিছত মিডিয়া ৱান টিভিক ৪৮ ঘণ্টাৰ বাবে নিষিদ্ধ কৰা হৈছিল।

২০২২ চনত চেনেলটোৰ অনুজ্ঞাপত্ৰ নবীকৰণ নোহোৱাৰ বাবে এয়াৰ অফ কৰা হৈছিল। চৰকাৰে ‘নিৰাপত্তা’ৰ উদ্বেগ উল্লেখ কৰিছিল যদিও কোনো সবিশেষ তথ্য  প্ৰকাশ কৰা নাছিল। চেনেলটোৰ বহু বিনিয়োগকাৰী জামাত-ই-ইছলামী,কেৰালাৰ সদস্য বুলি অনুমান কৰা হৈছে, যিটো মিডিয়া ৱান টিভিৰ নিষেধাজ্ঞাৰ কাৰণ হিচাপে বিবেচনা কৰিব পাৰি ।চেনেলটোৱে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যিয়ে মন্ত্ৰালয়ৰ নিষেধাজ্ঞাৰ আদেশৰ কাম স্থগিত ৰাখিছিল। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত এজন একক ন্যায়াধীশে মন্ত্ৰালয়ৰ সিদ্ধান্তক সমৰ্থন কৰে। কেৰালা উচ্চ ন্যায়ালয়ে কয় যে,"ছীল কভাৰত কিছু সামগ্ৰী আদালতক গতাই দিয়া হৈছে। সেই সামগ্ৰীবোৰে প্ৰমাণ কৰে যে নিষেধাজ্ঞাৰ যথেষ্ট কাৰণ আছে।"

ইয়াৰ পিছত মিডিয়া ৱান কোম্পানীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক উত্তৰ বিচাৰি উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰিছিল। যাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত হোৱা অধিবক্তাই ছীল কৰা খামত নিজৰ পক্ষ আদালতক প্ৰদান কৰে। ইয়াৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি আদালতে কয় যে ছীল কভাৰত উত্তৰ দিয়াটো ন্যায় বিচৰা আবেদনকাৰীক আন্ধাৰত যুঁজিবলৈ এৰি দিয়াৰ দৰেই আৰু ই প্ৰাকৃতিক ন্যায়ৰ নীতিৰো বিৰোধী।

কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা বাতিল কৰি উচ্চতম ন্যায়ালয়ে কয় যে শক্তিশালী গণতন্ত্ৰৰ বাবে মুক্ত আৰু নিৰ্ভীক সংবাদ মাধ্যম থকাটো অতি প্ৰয়োজনীয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ