--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনা মধ্যপ্ৰদেশৰ এটা মন্দিৰৰ কুৱাৰ ছাদ খহি ৩৬ জন লোকৰ মৃত্যু ঘটাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ তামিলনাডুত একেধৰণৰ কৰুণ ঘটনা সংঘটিত হৈছিল। বুধবাৰে চেন্নাইৰ এটা মন্দিৰৰ কাষত থকা পানীৰ টেংকিত পাঁচজন লোক ডুব যায়।

 মন্দিৰত পূজা কৰিবলৈ যোৱাৰ  সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয়। এতিয়ালৈকে পানীৰ টেংকিৰ পৰা পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । দুৰ্ঘটনাটো কিদৰে সংঘটিত হ’ল সেই বিষয়ত আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে। মৃত্যু ঘটা লোকৰ  সংখ্যা আৰু  বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

নাংগানাল্লুৰৰ ধৰ্মলিঙ্গেশ্বৰ মন্দিৰত ভক্তসকলে 'পাঙ্গুনি' উদযাপন কৰিবলৈ মন্দিৰৰ কাষৰ এটা পানীৰ টেংকৰ ওচৰত সমবেতহৈছিল। চেন্নাই আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বহুতে  শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি টেংকিটোত পৰি যায়।  আন বহুতেও  পানীত পৰাসকলক বচাবলৈ টেংকিটোত জাঁপ দিয়ে।   তেওঁলোকো গভীৰ পানীত ডুব যায়।  

পানীৰ তলত  অধিক মৃতদেহ থকাৰ  আশংকা কৰি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ডুবাৰুৰ সহায় লৈছে। তামিলনাডুগ্ৰাম্য উদ্যোগ মন্ত্ৰী টি এম আনবাৰাচানে ঘটনাস্থলী পৰিদৰ্শন কৰি উদ্ধাৰ কাৰ্যৰ বুজ লৈছে। তেওঁ কয়, "যদি আৰক্ষীয়ে তেওঁলোকক নিৰ্দিষ্ট ৰীতি-নীতিৰ (পাঙ্গুনি) বিষয়ে আগতীয়াকৈ অৱগত কৰিলেহেঁতেন  তেন্তে এই শোকাৱহ দুৰ্ঘটনাটো এৰাই চলিব পৰা গ’লহেঁতেন।" 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস