--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌসিদিনা মধ্যপ্ৰদেশৰ এটা মন্দিৰৰ কুৱাৰ ছাদ খহি ৩৬ জন লোকৰ মৃত্যু ঘটাৰ উত্তেজনা মাৰ নৌযাওঁতেই এইবাৰ তামিলনাডুত একেধৰণৰ কৰুণ ঘটনা সংঘটিত হৈছিল। বুধবাৰে চেন্নাইৰ এটা মন্দিৰৰ কাষত থকা পানীৰ টেংকিত পাঁচজন লোক ডুব যায়।

 মন্দিৰত পূজা কৰিবলৈ যোৱাৰ  সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয়। এতিয়ালৈকে পানীৰ টেংকিৰ পৰা পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । দুৰ্ঘটনাটো কিদৰে সংঘটিত হ’ল সেই বিষয়ত আৰক্ষীয়ে  তদন্ত আৰম্ভ কৰিছে। মৃত্যু ঘটা লোকৰ  সংখ্যা আৰু  বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

নাংগানাল্লুৰৰ ধৰ্মলিঙ্গেশ্বৰ মন্দিৰত ভক্তসকলে 'পাঙ্গুনি' উদযাপন কৰিবলৈ মন্দিৰৰ কাষৰ এটা পানীৰ টেংকৰ ওচৰত সমবেতহৈছিল। চেন্নাই আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বহুতে  শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি টেংকিটোত পৰি যায়।  আন বহুতেও  পানীত পৰাসকলক বচাবলৈ টেংকিটোত জাঁপ দিয়ে।   তেওঁলোকো গভীৰ পানীত ডুব যায়।  

পানীৰ তলত  অধিক মৃতদেহ থকাৰ  আশংকা কৰি আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে ডুবাৰুৰ সহায় লৈছে। তামিলনাডুগ্ৰাম্য উদ্যোগ মন্ত্ৰী টি এম আনবাৰাচানে ঘটনাস্থলী পৰিদৰ্শন কৰি উদ্ধাৰ কাৰ্যৰ বুজ লৈছে। তেওঁ কয়, "যদি আৰক্ষীয়ে তেওঁলোকক নিৰ্দিষ্ট ৰীতি-নীতিৰ (পাঙ্গুনি) বিষয়ে আগতীয়াকৈ অৱগত কৰিলেহেঁতেন  তেন্তে এই শোকাৱহ দুৰ্ঘটনাটো এৰাই চলিব পৰা গ’লহেঁতেন।" 







FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল