--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত আইনত পৰিণত হ’ল মহিলা সংৰক্ষণ বিধেয়ক৷ লোকসভাৰ বিশেষ অধিৱেশনত উচ্চ সদন আৰু নিম্ন সদনত বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰাৰ পাছতেই আইনত পৰিণত হ’ল বিশেষ বিধেয়কখন৷ 

এই নতুন আইনখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰিব৷ দেশৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে আজি ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতিৰ বাবে প্ৰেৰণ কৰাৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়কখনত স্বাক্ষৰ কৰে। 

এই মাহৰ আৰম্ভণিতে সংসদৰ এক বিশেষ অধিৱেশনৰ সময়ত সংবিধান সংশোধনী বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত সৰ্বসন্মতিৰে গৃহীত হৈছিল। নতুন আইনখন কাৰ্যকৰী হ’বলৈ পৰৱৰ্তী লোকপিয়ল সম্পন্ন হ’ব লাগিব৷ লগতে, পৰৱৰ্তী সীমানিৰ্ধাৰণ (লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ প্ৰত্যাহাৰ)ৰ পাছত মহিলা প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত আসনবোৰ পৰীক্ষা কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজনীতিত মহিলাসকলৰ উপযুক্ত অংশগ্ৰহণ অবিহনে সামগ্ৰিক সমাজ আৰু গণতান্ত্ৰিক একত্ৰীকৰণৰ কথা ক'ব নোৱাৰি।
২৬ ছেপ্টেম্বৰত দিল্লীত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছত বিজেপিৰ এক অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাটো কেৱল গণতন্ত্ৰৰ বাবেই নহয়, দলটোৰ আদৰ্শৰ বাবেও এক জয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান