--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত আইনত পৰিণত হ’ল মহিলা সংৰক্ষণ বিধেয়ক৷ লোকসভাৰ বিশেষ অধিৱেশনত উচ্চ সদন আৰু নিম্ন সদনত বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰাৰ পাছতেই আইনত পৰিণত হ’ল বিশেষ বিধেয়কখন৷ 

এই নতুন আইনখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰিব৷ দেশৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে আজি ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতিৰ বাবে প্ৰেৰণ কৰাৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়কখনত স্বাক্ষৰ কৰে। 

এই মাহৰ আৰম্ভণিতে সংসদৰ এক বিশেষ অধিৱেশনৰ সময়ত সংবিধান সংশোধনী বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত সৰ্বসন্মতিৰে গৃহীত হৈছিল। নতুন আইনখন কাৰ্যকৰী হ’বলৈ পৰৱৰ্তী লোকপিয়ল সম্পন্ন হ’ব লাগিব৷ লগতে, পৰৱৰ্তী সীমানিৰ্ধাৰণ (লোকসভা আৰু বিধানসভা সমষ্টি পুনৰ প্ৰত্যাহাৰ)ৰ পাছত মহিলা প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত আসনবোৰ পৰীক্ষা কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজনীতিত মহিলাসকলৰ উপযুক্ত অংশগ্ৰহণ অবিহনে সামগ্ৰিক সমাজ আৰু গণতান্ত্ৰিক একত্ৰীকৰণৰ কথা ক'ব নোৱাৰি।
২৬ ছেপ্টেম্বৰত দিল্লীত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছত বিজেপিৰ এক অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাটো কেৱল গণতন্ত্ৰৰ বাবেই নহয়, দলটোৰ আদৰ্শৰ বাবেও এক জয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু