--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আজৱ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ৷ তামিলনাডু মাৰ্কেন্টাইল বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া এছ কৃষ্ণনে চেন্নাইৰ এজন কেব চালকৰ একাউণ্টত ভুলকৈ ৯ হাজাৰ কোটি টকা জমা দিয়াৰ কিছুদিন পাছতে পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰত কৃষ্ণনে কয় যে তেওঁ “ব্যক্তিগত কাৰণত” পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰিছে।


কৃষ্ণনৰ পদত্যাগ পত্ৰত লিখা আছে, ‘যদিও মোৰ হাতত এতিয়াও মোৰ কাৰ্যকালৰ প্ৰায় ২/৩ ভাগ সময় বাকী আছে, তথাপিও ব্যক্তিগত কাৰণত মই বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো।’


উল্লেখ্য যে, ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কৃষ্ণনে বেংকৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।বৃহস্পতিবাৰে থুথুকুডীস্থিত বেংকটোৰ পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত কৰি তেওঁৰ পদত্যাগৰ পত্ৰ দাখিল কৰি একেখিনি কথা ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰে।


বেংকটোৱে এক বিবৃতিত কয় যে এছ কৃষ্ণনে আৰ বি আইৰ পৰা পোৱা গাইডেন্স/পৰামৰ্শ নোপোৱালৈকে এম ডি আৰু চি ই অ’ হৈ থাকিব৷তামিলনাডু মাৰ্কেন্টাইল বেংকৰ একাউণ্ট হোল্ডাৰ এজন কেব চালকক ভুলকৈ ৯ হাজাৰ কোটি টকা জমা দিয়াৰ এসপ্তাহৰ পাছত এই ঘটনা সংঘটিত হৈছে।প্ৰথম অৱস্থাত ৰাজকুমাৰে ভাবিছিল যে ই এটা সম্ভাৱ্য কেলেংকাৰী হ’ব, আৰু সেইটো পৰীক্ষা কৰিবলৈ তেওঁ বন্ধুক ২১ হাজাৰ টকা ট্ৰেন্সফাৰ কৰিছিল। লেনদেন সুকলমে চলিল।পিছে আধা ঘণ্টাৰ ভিতৰতে বেংকে তেওঁৰ একাউণ্টৰ পৰা বাকী ধন ডেবিট কৰি পেলালে।চলিত বৰ্ষৰ জুন মাহত আয়কৰ বিভাগে বেংকটোৰ ওপৰত পৰীক্ষণ প্ৰক্ৰিয়া চলাইছিল আৰু কিছুমান অনিয়ম কৰা বুলি জানিব পৰা গৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ