--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আজৱ ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ৷ তামিলনাডু মাৰ্কেন্টাইল বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া এছ কৃষ্ণনে চেন্নাইৰ এজন কেব চালকৰ একাউণ্টত ভুলকৈ ৯ হাজাৰ কোটি টকা জমা দিয়াৰ কিছুদিন পাছতে পদৰ পৰা পদত্যাগ কৰে। পদত্যাগ পত্ৰত কৃষ্ণনে কয় যে তেওঁ “ব্যক্তিগত কাৰণত” পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰিছে।


কৃষ্ণনৰ পদত্যাগ পত্ৰত লিখা আছে, ‘যদিও মোৰ হাতত এতিয়াও মোৰ কাৰ্যকালৰ প্ৰায় ২/৩ ভাগ সময় বাকী আছে, তথাপিও ব্যক্তিগত কাৰণত মই বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো।’


উল্লেখ্য যে, ২০২২ চনৰ ছেপ্টেম্বৰ মাহত কৃষ্ণনে বেংকৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।বৃহস্পতিবাৰে থুথুকুডীস্থিত বেংকটোৰ পৰিচালনা সমিতিৰ বৈঠক অনুষ্ঠিত কৰি তেওঁৰ পদত্যাগৰ পত্ৰ দাখিল কৰি একেখিনি কথা ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰে।


বেংকটোৱে এক বিবৃতিত কয় যে এছ কৃষ্ণনে আৰ বি আইৰ পৰা পোৱা গাইডেন্স/পৰামৰ্শ নোপোৱালৈকে এম ডি আৰু চি ই অ’ হৈ থাকিব৷তামিলনাডু মাৰ্কেন্টাইল বেংকৰ একাউণ্ট হোল্ডাৰ এজন কেব চালকক ভুলকৈ ৯ হাজাৰ কোটি টকা জমা দিয়াৰ এসপ্তাহৰ পাছত এই ঘটনা সংঘটিত হৈছে।প্ৰথম অৱস্থাত ৰাজকুমাৰে ভাবিছিল যে ই এটা সম্ভাৱ্য কেলেংকাৰী হ’ব, আৰু সেইটো পৰীক্ষা কৰিবলৈ তেওঁ বন্ধুক ২১ হাজাৰ টকা ট্ৰেন্সফাৰ কৰিছিল। লেনদেন সুকলমে চলিল।পিছে আধা ঘণ্টাৰ ভিতৰতে বেংকে তেওঁৰ একাউণ্টৰ পৰা বাকী ধন ডেবিট কৰি পেলালে।চলিত বৰ্ষৰ জুন মাহত আয়কৰ বিভাগে বেংকটোৰ ওপৰত পৰীক্ষণ প্ৰক্ৰিয়া চলাইছিল আৰু কিছুমান অনিয়ম কৰা বুলি জানিব পৰা গৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু