--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা ক্ৰিকেটাৰ মহম্মদ ছামীক অৰ্জুন বঁটাৰে সন্মানিত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। বিশ্বকাপত নিজৰ উৎকৃষ্ট বলিঙেৰে আলোড়নৰ সৃষ্টি কৰা ছামীৰ গাঁওবাসী এই কথাত অত্যন্ত সুখী। বঁটা প্ৰদান অনুষ্ঠানত মাতৃক অংশগ্ৰহণ কৰা দেখি পৰিয়ালৰ লোকৰ সুখ চাৰিগুণ বৃদ্ধি পালে। ছামীৰ অনুৰাগীসকলে তেওঁক মিঠাই খুৱাই সুখ প্ৰকাশ কৰে।

অৰ্জুন বঁটা লাভ কৰাত উত্তৰ প্ৰদেশৰ আমৰোহাৰ বাসিন্দা ক্ৰিকেটাৰ মহম্মদ ছামীৰ গাঁৱত আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে। বিশ্বকাপত তেওঁৰ উৎকৃষ্ট বলিঙৰ বাবে এই বঁটা লাভ কৰিছে। ভাতৃ মহম্মদ হাবিবে কয় যে এয়া সকলোৰে বাবে গৌৰৱৰ বিষয়।

ভাৰতীয় বেগী বলাৰ ছামীয়ে বিশ্বকাপৰ ৭খন মেচত মুঠ ২৪টা উইকেট দখল কৰে। বিশ্বকাপত ভাৰতৰ পৰা সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপেও পৰিচিত ছামী। মঙলবাৰে ছামীয়ে বঁটা লাভ কৰাৰ লগে লগে তেওঁৰ পৰিয়ালৰ লোক আনন্দত জপিয়াই পৰিল।

ইজনে সিজনক মিঠাই খুৱাই সুখ প্ৰকাশ কৰিলে। মহম্মদ ছামীৰ অনুৰাগীসকলেও সুখ প্ৰকাশ কৰে। অনুৰাগীসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত তেওঁক অভিনন্দন জনাবলৈ আৰম্ভ কৰে। ক্ৰিকেটাৰ মহম্মদ শ্বামীৰ জ্যেষ্ঠ ভাতৃ মহম্মদ হাছিবে ফোনযোগে কয় যে এইটো এটা অতি সুখৰ মুহূৰ্ত।

মাতৃয়ে কয় যে সকলোৰে আশীৰ্বাদ আৰু প্ৰাৰ্থনাৰ বাবে এয়া সম্ভৱ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক