--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ তাৰকা ক্ৰিকেটাৰ মহম্মদ ছামীক অৰ্জুন বঁটাৰে সন্মানিত কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। বিশ্বকাপত নিজৰ উৎকৃষ্ট বলিঙেৰে আলোড়নৰ সৃষ্টি কৰা ছামীৰ গাঁওবাসী এই কথাত অত্যন্ত সুখী। বঁটা প্ৰদান অনুষ্ঠানত মাতৃক অংশগ্ৰহণ কৰা দেখি পৰিয়ালৰ লোকৰ সুখ চাৰিগুণ বৃদ্ধি পালে। ছামীৰ অনুৰাগীসকলে তেওঁক মিঠাই খুৱাই সুখ প্ৰকাশ কৰে।

অৰ্জুন বঁটা লাভ কৰাত উত্তৰ প্ৰদেশৰ আমৰোহাৰ বাসিন্দা ক্ৰিকেটাৰ মহম্মদ ছামীৰ গাঁৱত আনন্দৰ পৰিৱেশ বিৰাজ কৰিছে। বিশ্বকাপত তেওঁৰ উৎকৃষ্ট বলিঙৰ বাবে এই বঁটা লাভ কৰিছে। ভাতৃ মহম্মদ হাবিবে কয় যে এয়া সকলোৰে বাবে গৌৰৱৰ বিষয়।

ভাৰতীয় বেগী বলাৰ ছামীয়ে বিশ্বকাপৰ ৭খন মেচত মুঠ ২৪টা উইকেট দখল কৰে। বিশ্বকাপত ভাৰতৰ পৰা সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপেও পৰিচিত ছামী। মঙলবাৰে ছামীয়ে বঁটা লাভ কৰাৰ লগে লগে তেওঁৰ পৰিয়ালৰ লোক আনন্দত জপিয়াই পৰিল।

ইজনে সিজনক মিঠাই খুৱাই সুখ প্ৰকাশ কৰিলে। মহম্মদ ছামীৰ অনুৰাগীসকলেও সুখ প্ৰকাশ কৰে। অনুৰাগীসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত তেওঁক অভিনন্দন জনাবলৈ আৰম্ভ কৰে। ক্ৰিকেটাৰ মহম্মদ শ্বামীৰ জ্যেষ্ঠ ভাতৃ মহম্মদ হাছিবে ফোনযোগে কয় যে এইটো এটা অতি সুখৰ মুহূৰ্ত।

মাতৃয়ে কয় যে সকলোৰে আশীৰ্বাদ আৰু প্ৰাৰ্থনাৰ বাবে এয়া সম্ভৱ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু