--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ বিচাৰে ব্ৰেড পিটে তেওঁৰ চৰিত্ৰত আত্মজীৱনীত অভিনয় কৰক। এই কামনা পাকিস্তানী ক্ৰিকেটাৰ আহমেদ শ্বেহজাদৰ। শেহতীয়াকৈ দিয়া সাক্ষাৎকাৰত শ্বেহজাদে হলিউডৰ অভিনেতাগৰাকীক এটা প্ৰশ্ন সোধাত তেওঁৰ নাম উল্লেখ কৰে।

সাক্ষাৎকাৰত শ্বেহজাদক সোধা হৈছিল যে তেওঁৰ বায়’পিক নিৰ্মাণ হ’লে কোনো অভিনেতাই তেওঁৰ ভূমিকা পালন কৰিব লাগে নেকি? সময় নষ্ট নকৰাকৈয়ে লগে লগে ব্ৰেডৰ নাম ৰাখিলে। শ্বেহজাদৰ উত্তৰ শুনি সাক্ষাৎকাৰীয়ে হাঁহিলে।

কেৰিয়াৰৰ আৰম্ভণি ভাল হ’লেও শ্বেহজাদে বহুদিন পাকিস্তানৰ জাতীয় দলত স্থান নাপালে। শেষবাৰৰ বাবে ২০১৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিছিল। ইয়াৰ পূৰ্বে শ্বেহজাদেও নিজৰ দলত স্থান নোপোৱাৰ কথা মুকলিকৈ কৈছিল। খেলাৰ সুযোগ নাপালে কেনেকৈ নিজৰ যোগ্যতা প্ৰমাণ কৰিব সেই কথা তেওঁ ক’লে। এটা সুযোগ বিচাৰিছিল। কিন্তু নাপালে।

পাকিস্তানৰ হৈ শ্বেহজাদে ১৩খন টেষ্ট, ৮১খন এদিনীয়া আৰু ৫৯খন টি-২০ মেচ খেলিছিল। টেষ্টত ৯৮২ ৰান, এদিনীয়াত ২৬০৫ ৰান আৰু টি-২০ত ১৪৭১ ৰান সংগ্ৰহ কৰিছে। এসময়ত তেওঁক পাকিস্তান ক্ৰিকেটৰ আটাইতকৈ উজ্জ্বল প্ৰতিভা বুলি অভিহিত কৰা হৈছিল। কিন্তু দুৰ্বল ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰাৰ পিছত তেওঁ আৰু এটা সুযোগ নাপালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক