--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত ধৰ্মীয় মেৰু বিভাজন শক্তিশালী হৈ উঠাৰ সময়তে মুছলমান মহিলাৰ হূদয় জয় কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে  ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) সাংসদসকলক মুছলমান মহিলাসকলৰ ওচৰলৈ যাবলৈ কৈছে, বিশেষকৈ ৰক্ষা বন্ধন উৎসৱৰ সময়ত এনডিএৰ সাংসদসকলক মুছলমান মহিলাৰ সৈতে ৰক্ষা বন্ধন উদযাপন কৰিবলৈ মোদীয়ে সাংসদসকলক পৰামৰ্শ দিছে।  

এয়া হ’ব  তিনি তালাকৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ তেওঁৰ চৰকাৰৰ সিদ্ধান্তৰ সৈতে সম্পৰ্কিত এক প্ৰচাৰ। যি সিদ্ধান্তই  মুছলমান মহিলাসকলৰ মাজত নিৰাপত্তাৰ ভাব  জাগ্ৰত কৰিছে। মোদীয়ে  ওড়িশা, পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ এন ডি এ সাংসদসকলৰ এখন বৈঠকত এই মন্তব্য কৰে । 

২০২৪ চনৰ লোকসভাৰ প্ৰাকমুহূৰ্তত মিত্ৰজোঁটৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্যৰে এনডিৰ  বৈঠক  অনুষ্ঠিত কৰা হৈছে। এনডিএত  এতিয়া ৩৮ টা দল অন্তৰ্ভুক্ত হৈছে।  প্ৰধানমন্ত্ৰী মোদীয়ে  সমাজৰ সকলো শ্ৰেণীৰ সৈতে সংযোগ স্থাপনৰ প্ৰয়োজনীয়তা আছে বুলি কোৱাৰ বিষয়ে উল্লেখ কৰে বৈঠকত উপস্থিত থকা এজন সাংসদে। যোৱা সপ্তাহত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ (এএমইউ) প্ৰাক্তন উপাচাৰ্য তাৰিক মনচুৰক বিজেপিৰ  ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। 

 মোদীয়ে বিজেপি নেতাসকলক আগন্তুক ৰাখী বন্ধন উৎসৱৰ সময়ত মুছলমান মহিলাসকলৰ  ওচৰলৈ গৈ ভগ্নীক সাক্ষাৎ কৰিবলৈ কৈছে৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূবে বিজেপিয়ে মুছলমান লোকসকলৰ হূদয় জয় কৰিবলৈ নানা ধৰণে চেষ্টা চলোৱা বুলিও বিভিন্ন জনে আলোচনা কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ