--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত ধৰ্মীয় মেৰু বিভাজন শক্তিশালী হৈ উঠাৰ সময়তে মুছলমান মহিলাৰ হূদয় জয় কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে  ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এন ডি এ) সাংসদসকলক মুছলমান মহিলাসকলৰ ওচৰলৈ যাবলৈ কৈছে, বিশেষকৈ ৰক্ষা বন্ধন উৎসৱৰ সময়ত এনডিএৰ সাংসদসকলক মুছলমান মহিলাৰ সৈতে ৰক্ষা বন্ধন উদযাপন কৰিবলৈ মোদীয়ে সাংসদসকলক পৰামৰ্শ দিছে।  

এয়া হ’ব  তিনি তালাকৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰাৰ তেওঁৰ চৰকাৰৰ সিদ্ধান্তৰ সৈতে সম্পৰ্কিত এক প্ৰচাৰ। যি সিদ্ধান্তই  মুছলমান মহিলাসকলৰ মাজত নিৰাপত্তাৰ ভাব  জাগ্ৰত কৰিছে। মোদীয়ে  ওড়িশা, পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ এন ডি এ সাংসদসকলৰ এখন বৈঠকত এই মন্তব্য কৰে । 

২০২৪ চনৰ লোকসভাৰ প্ৰাকমুহূৰ্তত মিত্ৰজোঁটৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্যৰে এনডিৰ  বৈঠক  অনুষ্ঠিত কৰা হৈছে। এনডিএত  এতিয়া ৩৮ টা দল অন্তৰ্ভুক্ত হৈছে।  প্ৰধানমন্ত্ৰী মোদীয়ে  সমাজৰ সকলো শ্ৰেণীৰ সৈতে সংযোগ স্থাপনৰ প্ৰয়োজনীয়তা আছে বুলি কোৱাৰ বিষয়ে উল্লেখ কৰে বৈঠকত উপস্থিত থকা এজন সাংসদে। যোৱা সপ্তাহত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ (এএমইউ) প্ৰাক্তন উপাচাৰ্য তাৰিক মনচুৰক বিজেপিৰ  ৰাষ্ট্ৰীয় উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। 

 মোদীয়ে বিজেপি নেতাসকলক আগন্তুক ৰাখী বন্ধন উৎসৱৰ সময়ত মুছলমান মহিলাসকলৰ  ওচৰলৈ গৈ ভগ্নীক সাক্ষাৎ কৰিবলৈ কৈছে৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূবে বিজেপিয়ে মুছলমান লোকসকলৰ হূদয় জয় কৰিবলৈ নানা ধৰণে চেষ্টা চলোৱা বুলিও বিভিন্ন জনে আলোচনা কৰিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ