--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হিচাপে আজি শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দ্ৰৌপদী মুৰ্মুক শপত বাক্য পাঠ কৰোৱায়। দ্ৰৌপদী মুৰ্মুৱে দেশৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তেওঁ দেশৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী আদিবাসী মহিলা।

তদুপৰি, দ্ৰৌপদী মুৰ্মু হ’ল স্বাধীনোত্তৰ ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। দেশৰ সৰ্বোচ্চ সাংবিধানিক পদলৈ নিৰ্বাচিত হোৱা দেশৰ আটাইতকৈ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপেও পৰিগণিত হৈছে দ্ৰৌপদী মুৰ্মু৷ 
 
দ্ৰৌপদী মুৰ্মুৱে সংসদৰ কেন্দ্ৰীয় হলত ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথমটো ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দ্ৰৌপদীয়ে কয়, “সকলোৰে আশীৰ্বাদত মই দেশৰ ৰাষ্ট্ৰপতি হৈছোঁ। মই এখন প্ৰগতিশীল দেশৰ ৰাষ্ট্ৰপতি হৈছোঁ। মই বহুত সৌভাগ্যৱতী অনুভৱ কৰিছোঁঁ। ”
তেওঁ লগতে কয়, “ভাৰতৰ স্বাধীনতাৰ পিছত জন্ম গ্ৰহণ কৰি দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা মই প্ৰথম ব্যক্তি। ভাৰতৰ নাগৰিকসকলৰ প্ৰতি মোৰ আবেদন হৈছে যে আমি সকলোৱে স্বাধীনতা সংগ্ৰামীসকলৰ আশা পূৰণ কৰিবলৈ একেলগে কাম কৰিব লাগিব।‘’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’ৰাষ্ট্ৰপতি হিচাপে মোৰ পদোন্নতি কেৱল মোৰ নহয়, দেশৰ সকলোৰে বাবে এই কৃতিত্ব। তেওঁলোকে এই পৰ্যায়ত উপণীত হোৱাৰ সপোন দেখিব পাৰে, সেয়াই তেওঁলোকৰ কৃতিত্ব। প্ৰতিজন দৰিদ্ৰ ব্যক্তি, প্ৰতিটো অঞ্চলৰ ব্যক্তিয়ে মোক এই পদক্ষেপেত আশীৰ্বাদ দিছে আৰু মই সন্মানিত অনুভৱ কৰিছোঁ। মই মহিলা আৰু যুৱসকলক আশ্বাস দিব বিচাৰো যে তেওঁলোকৰ স্বাৰ্থ মোৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ।‘’
 
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’মই সেই আদিবাসী পৰম্পৰাত জন্মগ্ৰহণ কৰিছোঁ, যি হাজাৰ হাজাৰ বছৰ ধৰি প্ৰকৃতিৰ সৈতে সংগতি ৰাখি জীৱন নিৰ্বাহ কৰিছে। মই মোৰ জীৱনকালত অৰণ্য আৰু জলাশয়ৰ গুৰুত্ব উপলব্ধি কৰিছোঁ। আমি প্ৰকৃতিৰ পৰা প্ৰয়োজনীয় সম্পদ লওঁ আৰু সমান শ্ৰদ্ধাৰে প্ৰকৃতিৰ সেৱা কৰোঁ।‘’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পুনৰ কয়, ‘’সকলো ভাৰতীয়ৰ আশা- আকাংক্ষা আৰু অধিকাৰৰ প্ৰতীক সংসদত থিয় হৈ মই বিনম্ৰতাৰে আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই নতুন দায়িত্ব পালন কৰিবলৈ আপোনালোকৰ বিশ্বাস আৰু সমৰ্থন মোৰ বাবে এক ডাঙৰ শক্তি হ’ব।‘’ 

আজি ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত দ্ৰৌপদী মুৰ্মুক শুভেচ্ছা জনাই বিদায়ী ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, প্ৰধানমন্ত্ৰী মোদীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ