--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ নতুন ৰাষ্ট্ৰপতি হিচাপে আজি শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মুৱে। ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দ্ৰৌপদী মুৰ্মুক শপত বাক্য পাঠ কৰোৱায়। দ্ৰৌপদী মুৰ্মুৱে দেশৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। তেওঁ দেশৰ দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি আৰু সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী আদিবাসী মহিলা।

তদুপৰি, দ্ৰৌপদী মুৰ্মু হ’ল স্বাধীনোত্তৰ ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি। দেশৰ সৰ্বোচ্চ সাংবিধানিক পদলৈ নিৰ্বাচিত হোৱা দেশৰ আটাইতকৈ সৰ্বকনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপেও পৰিগণিত হৈছে দ্ৰৌপদী মুৰ্মু৷ 
 
দ্ৰৌপদী মুৰ্মুৱে সংসদৰ কেন্দ্ৰীয় হলত ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথমটো ভাষণ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দ্ৰৌপদীয়ে কয়, “সকলোৰে আশীৰ্বাদত মই দেশৰ ৰাষ্ট্ৰপতি হৈছোঁ। মই এখন প্ৰগতিশীল দেশৰ ৰাষ্ট্ৰপতি হৈছোঁ। মই বহুত সৌভাগ্যৱতী অনুভৱ কৰিছোঁঁ। ”
তেওঁ লগতে কয়, “ভাৰতৰ স্বাধীনতাৰ পিছত জন্ম গ্ৰহণ কৰি দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা মই প্ৰথম ব্যক্তি। ভাৰতৰ নাগৰিকসকলৰ প্ৰতি মোৰ আবেদন হৈছে যে আমি সকলোৱে স্বাধীনতা সংগ্ৰামীসকলৰ আশা পূৰণ কৰিবলৈ একেলগে কাম কৰিব লাগিব।‘’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’ৰাষ্ট্ৰপতি হিচাপে মোৰ পদোন্নতি কেৱল মোৰ নহয়, দেশৰ সকলোৰে বাবে এই কৃতিত্ব। তেওঁলোকে এই পৰ্যায়ত উপণীত হোৱাৰ সপোন দেখিব পাৰে, সেয়াই তেওঁলোকৰ কৃতিত্ব। প্ৰতিজন দৰিদ্ৰ ব্যক্তি, প্ৰতিটো অঞ্চলৰ ব্যক্তিয়ে মোক এই পদক্ষেপেত আশীৰ্বাদ দিছে আৰু মই সন্মানিত অনুভৱ কৰিছোঁ। মই মহিলা আৰু যুৱসকলক আশ্বাস দিব বিচাৰো যে তেওঁলোকৰ স্বাৰ্থ মোৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ।‘’
 
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, ‘’মই সেই আদিবাসী পৰম্পৰাত জন্মগ্ৰহণ কৰিছোঁ, যি হাজাৰ হাজাৰ বছৰ ধৰি প্ৰকৃতিৰ সৈতে সংগতি ৰাখি জীৱন নিৰ্বাহ কৰিছে। মই মোৰ জীৱনকালত অৰণ্য আৰু জলাশয়ৰ গুৰুত্ব উপলব্ধি কৰিছোঁ। আমি প্ৰকৃতিৰ পৰা প্ৰয়োজনীয় সম্পদ লওঁ আৰু সমান শ্ৰদ্ধাৰে প্ৰকৃতিৰ সেৱা কৰোঁ।‘’

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পুনৰ কয়, ‘’সকলো ভাৰতীয়ৰ আশা- আকাংক্ষা আৰু অধিকাৰৰ প্ৰতীক সংসদত থিয় হৈ মই বিনম্ৰতাৰে আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই নতুন দায়িত্ব পালন কৰিবলৈ আপোনালোকৰ বিশ্বাস আৰু সমৰ্থন মোৰ বাবে এক ডাঙৰ শক্তি হ’ব।‘’ 

আজি ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত দ্ৰৌপদী মুৰ্মুক শুভেচ্ছা জনাই বিদায়ী ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, প্ৰধানমন্ত্ৰী মোদীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু