--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ কনিষ্ঠতম তথা প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি শপত গ্ৰহণ কৰিব৷ নিৰ্বাচিত ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি ভাৰতৰ দেশৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। কাৰ্যভাৰ গ্ৰহণৰ অনুষ্ঠান সংসদৰ কেন্দ্ৰীয় হলত অনুষ্ঠিত হ’ব।

দ্ৰৌপদী মুৰ্মুক শপত বাক্য পাঠ কৰোৱাব ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই৷ দ্ৰৌপদী মুৰ্মুৱে পুৱা ৮.১৫ বজাত উমা শংকৰ দীক্ষিত লেনস্থিত তেওঁৰ অস্থায়ী বাসগৃহৰ পৰা ৰাজঘাটলৈ ৰাওনা হৈছে৷ তেওঁ পুৱা প্ৰায় ০৮.৩০ বজাত ৰাজঘাটত উপস্থিত হোৱাৰ কথা আছে।

আৰু তাৰ পাছতে দ্ৰৌপদী মুৰ্মুৱে পুৱা ০৯:২২ বজাত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব। দ্ৰৌপদী মুৰ্মুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেন্দ্ৰীয় হললৈ লৈ যাব। দ্ৰৌপদী মুৰ্মু তাত উপস্থিত হোৱাৰ পিছত, চেণ্ট্ৰেল হলত ৰাষ্ট্ৰীয় সংগীত বজোৱা হ’ব। শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ’ব পুৱা ১০.১৫ বজাত৷ শপত গ্ৰহণ কৰাৰ পিছত তেওঁ শপত পঞ্জীত স্বাক্ষৰ কৰিব।

আৰু পুৱা ১০:২৩ বজাত ভাৰতৰ ১৫সংখ্যক ৰাষ্ট্ৰপতিগৰাকীয়ে চেণ্ট্ৰেল হলৰ পৰা তেওঁৰ প্ৰথমটো ভাষণ প্ৰদান কৰিব। দ্ৰৌপদী মুৰ্মুৱে পুৱা ১০:৫৭ বজাৰ ভিতৰত এক আনুষ্ঠানিক শোভাযাত্ৰাৰে ৰাষ্ট্ৰপতি ভৱনলৈ উভতি আহিব।

২১ জুলাইত ৬৪ বছৰীয়া ঐতিহ্যত নতুন ইতিহাস ৰচি দেশৰ সৰ্বোচ্চ সাংবিধানিক পদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী জনজাতীয় নেতা হিচাপে পৰিগণিত হৈছে দ্ৰৌপদী মুৰ্মু৷ মুৰ্মু স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হ’ব আৰু শীৰ্ষ পদত অধিষ্ঠিত হোৱা আটাইতকৈ কনিষ্ঠতম ৰাষ্ট্ৰপতি হিচাপে চিহ্নিত হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু