--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰতৰ কনিষ্ঠতম তথা প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি শপত গ্ৰহণ কৰিব৷ নিৰ্বাচিত ৰাষ্ট্ৰপতি মুৰ্মুৱে আজি ভাৰতৰ দেশৰ ১৫সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। কাৰ্যভাৰ গ্ৰহণৰ অনুষ্ঠান সংসদৰ কেন্দ্ৰীয় হলত অনুষ্ঠিত হব।

দ্ৰৌপদী মুৰ্মুক শপত বাক্য পাঠ কৰোৱাব ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই৷ দ্ৰৌপদী মুৰ্মুৱে পুৱা ৮.১৫ বজাত উমা শংকৰ দীক্ষিত লেনস্থিত তেওঁৰ অস্থায়ী বাসগৃহৰ পৰা ৰাজঘাটলৈ ৰাওনা হৈছে৷ তেওঁ পুৱা প্ৰায় ০৮.৩০ বজাত ৰাজঘাটত উপস্থিত হোৱাৰ কথা আছে।

আৰু তাৰ পাছতে দ্ৰৌপদী মুৰ্মুৱে পুৱা ০৯:২২ বজাত ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হব। দ্ৰৌপদী মুৰ্মুক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কেন্দ্ৰীয় হললৈ লৈ যাব। দ্ৰৌপদী মুৰ্মু তাত উপস্থিত হোৱাৰ পিছত, চেণ্ট্ৰেল হলত ৰাষ্ট্ৰীয় সংগীত বজোৱা হব। শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হব পুৱা ১০.১৫ বজাত৷ শপত গ্ৰহণ কৰাৰ পিছত তেওঁ শপত পঞ্জীত স্বাক্ষৰ কৰিব।

আৰু পুৱা ১০:২৩ বজাত ভাৰতৰ ১৫সংখ্যক ৰাষ্ট্ৰপতিগৰাকীয়ে চেণ্ট্ৰেল হলৰ পৰা তেওঁৰ প্ৰথমটো ভাষণ প্ৰদান কৰিব। দ্ৰৌপদী মুৰ্মুৱে পুৱা ১০:৫৭ বজাৰ ভিতৰত এক আনুষ্ঠানিক শোভাযাত্ৰাৰে ৰাষ্ট্ৰপতি ভৱনলৈ উভতি আহিব।

২১ জুলাইত ৬৪ বছৰীয়া ঐতিহ্যত নতুন ইতিহাস ৰচি দেশৰ সৰ্বোচ্চ সাংবিধানিক পদলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী জনজাতীয় নেতা হিচাপে পৰিগণিত হৈছে দ্ৰৌপদী মুৰ্মু৷ মুৰ্মু স্বাধীনতাৰ পিছত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি হব আৰু শীৰ্ষ পদত অধিষ্ঠিত হোৱা আটাইতকৈ কনিষ্ঠতম ৰাষ্ট্ৰপতি হিচাপে চিহ্নিত হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ