--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱধাৰিতভাৱেই ঘটিল সেই ৰাজনৈতিক অঘটন৷ কালি নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত পোহৰলৈ আহিল যে ৰাজ্যৰ বিৰোধী বিধায়কে ভোট দিলে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক৷ ভোটগণনা শেষ হোৱাৰ অন্তত ৰাজ্যৰ মুঠ ২২গৰাকী বিৰোধী দলৰ বিধায়কে এন ডি এ প্ৰাৰ্থীগৰাকীক ভোট দিয়াৰ কথাটো কাৰ্যত: স্পষ্ট হৈ পৰিল৷

এতিয়া প্ৰশ্ন উঠিছে, নিজ দলকে প্ৰতাৰণা কৰা এইসকল কোন দলৰ বিধায়ক? কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল নে চিপিআই(এম)ৰ? অসমত শাসকীয় মিত্ৰজোঁটৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ৭৯জন৷ বিজেপিৰ ৬৩জন, অগপৰ ৯জন আৰু ইউপিপিএলৰ ৭জন বিধায়কৰে মিলি ৰাজ্যত চলি আছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ৷ বিধানসভাৰ মজিয়াত বিজেপি মিত্ৰজোঁটত আছে বিপিএফ৷ বিপিএফৰো তিনিগৰাকী বিধায়কে ভোটদান কৰিছিল এন ডি এৰ প্ৰাৰ্থীগৰাকীকেই৷

সেই অনুসৰি, অসমৰ মুঠ ৮২জন বিধায়কৰ ভোট নিশ্চিতভাৱে লাভ কৰিছে দ্ৰৌপদী মুৰ্মুৱে৷ কিন্তু, ভোটগণনাৰ অন্তত ৰাজ্যভিত্তিক তালিকা প্ৰকাশৰ পাছতেই লাগিল কেণা৷ পোহৰলৈ আহিল ক্ৰছ ভোটিঙৰ প্ৰসংগ৷ ভোটগণনাত মুৰ্মুৱে অসমৰ ১০৪টা ভোট লাভ কৰা দেখা গ’ল৷ ইফালে, বিৰোধী দল কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ২৭গৰাকী৷ ইয়াৰে তিনিজন বিধায়ক নিলম্বিত হৈ আছে৷ এআইইউডিএফৰ আছে ১৫গৰাকী বিধায়ক৷ তাৰেও দুগৰাকীয়ে ভোটদান নকৰিলে৷ একেদৰে, ৰাইজৰ দল আৰু চিপিএমৰো এজনকৈ বিধায়ক আছে বিধানসভাৰ মজিয়াত৷

কিন্তু, কালি ভোটগণনাত প্ৰকাশ পোৱা তথ্যই উন্মোচন কৰিলে বিৰোধীৰ ক্ষমতালোভী ৰাজনীতিৰ এখন জীয়া ছবি৷ বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাই অসমৰ বিৰোধী বিধায়কৰ মাত্ৰ ২০টা ভোটহে পাবলৈ সক্ষম হ’ল৷ বাকী, ২২জন বিৰোধী শিবিৰৰ বিধায়কে ক্ৰছ ভোটিঙৰ জৰিয়তে দ্ৰৌপদী মুৰ্মুৰ বিজয়ত সহায় কৰিলে৷ ক্ৰছ ভোটিং কৰা বিধায়কৰ সংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় কংগ্ৰেছ আৰু এআইইউডিএফৰ বিধায়কে ভোটদান কৰিছে দ্ৰৌপদী মুৰ্মুক৷

উল্লেখযোগ্য কথাটো এয়ে যে নিৰ্বাচনৰ দিনটোতে কেইবাজনো বিজেপিৰ বিধায়কে মুকলিকৈ উল্লেখ কৰিছিল যে তেওঁলোকে কংগ্ৰেছ-এআইইউডিএফৰ পৰা কমেও ২০ৰ পৰা ২২টা ভোট লাভ কৰিব৷ বিজেপি নেতাসকলৰ সেই দাবী কালিৰ ফলাফলে সত্য প্ৰতিপন্ন কৰিলে৷ কেইমাহমানপূৰ্বে ৰাজ্যসভা নিৰ্বাচনৰ সময়তো অসমৰ বিৰোধী বিধায়কে ক্ৰছ ভোটিং কৰি ৰাজ্যৰ বিৰোধী শিবিৰৰ ফোঁপোলা চৰিত্ৰক উন্মোচন কৰিছিল৷ কালি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছতো সেয়া পুনৰ এবাৰ প্ৰতিপন্ন হ’ল৷ 

আনহাতে, ক্ৰছ ভোটিঙৰ প্ৰসংগত আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ খুলিছে৷ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ১৫-১৬গৰাকী আৰু এআইইউডিএফৰ ৫-৬গৰাকী বিধায়কে দ্ৰৌপদী মুৰ্মুৰ পক্ষত ভোটদান কৰা বুলি মন্তব্য কৰে৷ 

এতিয়া প্ৰশ্ন হ’ল, ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত কোনোবা বিৰোধী বিধায়কে এন ডি এৰ প্ৰাৰ্থীগৰাকীক যেনিবা ভোটদান কৰিলেই, পিছে এই কাৰ্যই ৰাজ্যৰ সামগ্ৰিক ৰাজনৈতিক পৰিৱেশটোত ৰাষ্ট্ৰীয় স্তৰত কি ধৰণে প্ৰতিষ্ঠা কৰিলে? ঘোঁৰা কিনা-বেচাৰ দৰে অসংস্কৃত ৰাজনৈতিক পৰম্পৰাৰ ধাৰাবাহিকতা অন্তত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত কৰা নহ’ব বুলি ৰাজ্যৰ সচেতন মহলে আশা প্ৰকাশ কৰিছিল৷

কিন্তু সেই আশাক নস্যাৎ কৰি ৰাজনীতিৰ পাশা খেলৰ অংশ কৰি তোলা হ’ল ৰাষ্ট্ৰপতি নিৰ্বাচনটোকো৷ দেশৰ সৰ্বোচ্চ সাংবিধানিক পদবীত অধিষ্ঠিত মহামহিম ৰাষ্ট্ৰপতিগৰাকীক নিৰ্বাচনৰ ক্ষেত্ৰতো প্ৰয়োজন আছিলনে এনে অশোভনীয় ৰাজনৈতিক কাৰচাজিৰ? এই প্ৰশ্ন এতিয়া অসমৰ সচেতন নাগৰিকৰ৷ কিয়নো, এনে কাৰ্যই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ঐতিহাসিক গৰিমাৰ প্ৰতি অসন্মানীয় কাৰ্য হিচাপে বিবেচিত হৈছে৷ একেদৰে, সুস্থ গণতান্ত্ৰিক পৰম্পৰাৰ প্ৰতিও অশুভ বাৰ্তাবাহক হিচাপে পৰিগণিত হৈছে অসমৰ এইধৰণৰ ৰাজনৈতিক কাৰচাজিবোৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ