--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কংগ্ৰেছৰ। শুকুৰবাৰে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু ত্ৰিৰংগাক লৈ এক ঐতিহাসিক তথ্য শ্বেয়াৰ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰি লিখিছিল ''আমাৰ ইতিহাসত আজি ২২ জুলাইৰ এক বিশেষ প্ৰাসংগিকতা আছে। ১৯৪৭ চনৰ আজিৰ দিনটোতে আমাৰ ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰা হয়। আজি আমি ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজি থাকোঁতে মুক্ত ভাৰতৰ বাবে এখন পতাকাৰ সপোন দেখা সকলোৰে স্মৃতিসৌধ সাহস আৰু প্ৰচেষ্টাৰ কথা মনত পেলাইছো। তেওঁলোকৰ দৃষ্টিভংগী পূৰণ কৰি তেওঁলোকৰ সপোনৰ ভাৰত গঢ়াৰ বাবে আমি আমাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিছো।'' প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ১৩-১৫ আগষ্টৰ ভিতৰত ভাৰতৰ জনসাধাৰণক ঘৰত ত্ৰিৰংগা উত্তোলন বা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাক লৈ কৰা মন্তব্যক 'ভণ্ডামি' আখ্যা দিয়ে ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে। জয়ৰাম ৰমেশে কয় যে ''ভণ্ডামি জিন্দাবাদ!'' জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে। তেওঁ প্ৰশ্ন কৰে যে নাগপুৰত সংঘৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ ৫২ বছৰ কিয় লাগিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে খাদীৰ পৰা ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰা সকলৰ জীৱিকা নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ দলে। উল্লেখযোগ্য যে দেশত "আজাদী কা অমৃত মহোৎসৱ" অনুষ্ঠিত হোৱাৰ সময়তে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ভাৰতীয়কে নিজৰ ঘৰৰ ওপৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। 

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি জৱাহৰলাল নেহৰু আৰু ত্ৰিৰংগা সম্পৰ্কে এক ঐতিহাসিক তথ্য উপস্থাপন কৰাৰ বাবে ইয়াক “ভণ্ডামি জিন্দাবাদ” বুলি অভিহিত কৰে। কংগ্ৰেছে কয় যে যি ত্ৰিৰংগাৰ বাবে আমাৰ দেশৰ বহু লোক শ্বহীদ হৈছিল, সেই ত্ৰিৰংগা গ্ৰহণ কৰিবলৈ এটা সংগঠনে অস্বীকাৰ কৰিছিল, ৫২ বছৰ ধৰি নাগপুৰস্থিত আৰআৰএছৰ মুখ্য কাৰ্যালয়ত ত্ৰিৰংগা উত্তোলন কৰা নাছিল। অবিৰতভাৱে ত্ৰিৰংগা অপমানিত হৈছিল আৰু আজিও হৈ আছে।" একেটা সংগঠনৰ পৰা ওলাই অহা মানুহে ত্ৰিৰংগাৰ ইতিহাসৰ কথা কৈছে, তেওঁ ‘হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ পৰিকল্পনা কৰাটো হাস্যকৰ। 

জয়ৰাম ৰমেশে কয় যে "৫২ বছৰ ধৰি আৰ এছ এছে নিজৰ মুখ্য কাৰ্যালয়ত ত্ৰিৰংগা উত্তোলন নকৰিলে কিয়? খাদীৰ পৰা জাতীয় পতাকা বনোৱা সকলৰ জীৱিকা কিয় ধ্বংস কৰা হৈছে? কিয় চীনৰ পৰা মেচিনত নিৰ্মিত, পলিষ্টাৰৰ পতাকা আমদানি কৰাৰ অনুমতি দিয়া হৈছিল? তেওঁ কয়, ‘মোদী জী, খাদীৰে নিৰ্মিত ত্ৰিৰংগাই দেশৰ আত্মশক্তিৰ প্ৰতিফলন ঘটায় আৰু লাখ লাখ মানুহৰ জীৱিকা তাৰ লগত সংলগ্ন হৈ আছে। আশাকৰোঁ এই ঐতিহাসিক দিনটোত আপোনালোকে খাদীৰ পৰা পতাকা নিৰ্মাতাসকলৰ কথা শুনি তেওঁলোকৰ দাবীৰ ওপৰত এক স্পৰ্শকাতৰ সিদ্ধান্ত ল'ব। 

উল্লেখ্য যে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিজন ভাৰতীয়ক নিজ নিজ ঘৰত জাতীয় পতাকা উত্তোলন কৰি ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানক শক্তিশালী কৰিবলৈ আহ্বান জনায়। মোদীয়ে টুইটযোগে কয় যে এই অভিযানে ত্ৰিৰংগাৰ সৈতে আমাৰ সম্পৰ্ক গভীৰ কৰি তুলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ