--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জী দিল্লীত উপস্থিত হৈয়েই  কংগ্ৰেছ নেতা শ্বাৰদ পাৱাৰক সাক্ষাৎ কৰিছে। তিনিদিনীয়া ভ্ৰমণসূচী লৈ  মঙলবাৰে বংগৰ মুখ্যমন্ত্ৰীগৰাকী দিল্লীত উপস্থিত হৈছে। খবৰ অনুসৰি তেওঁ বিমানবন্দৰৰ পৰা নামি এনচিপি নেতাৰ ঘৰত উপস্থিত হৈছিল। ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ দুয়োজন ৰাজনীতিবিদৰ মাজত দীঘলীয়া আলোচনা হোৱাৰ খবৰ পোৱা গৈছিল। অৱশ্যে, শ্বাৰদ পাৱাৰে ইতিমধ্যে বিৰোধী শিবিৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে। চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে মঙলবাৰে এইকথা স্পষ্ট কৰিছিল।

ইফালে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১৫ জুনত দিল্লীত বিৰোধী শিবিৰৰ সৈতে এখন বৈঠক আহ্বান কৰিছে। বৈঠকখন দিল্লীৰ সংবিধান গৃহত অনুষ্ঠিত হ'ব। য'ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সকলো অ-বিজেপি হেভিৱেট ৰাজনীতিবিদক বৈঠকত থকাৰ আহ্বান জনাইছে।

শ্বাৰদ পাৱাৰে নিজেই টুইটাৰত মমতা বেনাৰ্জীৰ সৈতে হোৱা সাক্ষাতৰ এখন ফটো পোষ্ট কৰিছিল। এনচিপি নেতাজনে লিখিছিল, "মই আজি দেশৰ কেইবাটাও বিষয়ত মমতা বেনাৰ্জীৰ সৈতে বিতং আলোচনা কৰিছিলো। "

ৰাষ্ট্ৰপতি নিৰ্বাচন ১৮ জুলাইত অনুষ্ঠিত হ'ব। শুনা গৈছিল যে বিৰোধীয়ে শ্বাৰদ পাৱাৰৰ ওপৰত বাজি ধৰি আগবাঢ়িব বিচাৰিছিল। কংগ্ৰেছৰ তত্ত্বাৱধায়ক সভাপতি ছোনিয়া গান্ধীয়েও চিকিৎসালয়ত ভৰ্তি হোৱাৰ আগতে উক্ত বিষয়টোৰ ওপৰত আলোচনা কৰিছিল।  অৱশ্যে, এনচিপি ৰ মুৰব্বীগৰাকীয়ে তেওঁৰ স্থিতি স্পষ্ট কৰি দিছিল। এনচিপিৰ মুৰব্বীয়ে স্পষ্ট কৰি দিছে যে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ দৌৰত নাই। চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়েও মঙলবাৰে এই কথা স্পষ্ট কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ