--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৪ জুলাইত সমাপ্ত হ'ব বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল। সেয়ে দেশৰ ১৬ তম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছে। অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদত কোন অধিষ্ঠিত হ'ব সেইলৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে। শাসক-বিৰোধী কোনো পক্ষই বৰ্তমান পৰ্যন্ত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা নাই কোনো নিৰ্দিষ্ট ব্যক্তিৰ নাম। 

এনে সময়তে শেহতীয়াকৈ চৰ্চিত হৈছিল বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে এন চি পিৰ মুৰব্বী তথা ভাৰতীয় ৰাজনীতিৰ এজন অন্যতম বৰ্ষীয় নেতা শাৰদ পাৱাৰৰ নাম। কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলৰ মাজত অনুষ্ঠিত হোৱা কেইবালানিও বৈঠকৰ উমৈহতীয়া প্ৰাৰ্থিত্বৰ ৰণনীতিত পাৱাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছিল।

কিন্তু শাৰদ পাৱাৰৰ নাম ৰাষ্ট্ৰপতি পদৰ বাবে সন্মুখলৈ আহিছিল যদিও সোমবাৰে নিশা মুম্বাইস্থিত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এনচিপি) এখন সভাত পাৱাৰে এই বাতৰি অস্বীকাৰ কৰে। ৰাষ্ট্ৰপতি পদৰ বিৰোধী প্ৰাৰ্থী হিচাপে তেওঁ অৱতীৰ্ণ নহয় বুলি মন্তব্য কৰে শাৰদ পাৱাৰে।

অৱশ্যে পাৱাৰে এতিয়ালৈকে এই সন্দৰ্ভত আনুষ্ঠানিক অস্বীকাৰৰ বিষয়ে কংগ্ৰেছক অৱগত কৰা নাই। সূত্ৰ অনুসৰি কংগ্ৰেছে ৰাষ্ট্ৰপতিৰ পদৰ বাবে শাৰদ পাৱাৰক সমৰ্থন আগবঢ়াইছিল। জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেই যোৱা বৃহস্পতিবাৰে শৰদ পাৱাৰক সাক্ষাৎ কৰি এই প্ৰস্তাৱ আগবঢ়াইছিল বুলি জানিব পৰা গৈছিল।

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে পাৱাৰৰ নাম চৰ্চিত হোৱাৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এনচিপিৰ এগৰাকী নেতাই কৈছিল যে শাৰদ পাৱাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা নাই। মানুহৰ মাজত থাকি ভালপোৱা নেতাজনে কেতিয়াও নিজকে ৰাষ্ট্ৰপতি ভৱনত সীমাবদ্ধ নকৰে বুলি নেতাগৰাকীয়ে উল্লেখ কৰিছিল। 

উল্লেখ্য যে বিৰোধীৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থীক থিয় কৰোৱাৰ উদ্দেশ্যে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেই পাৱাৰৰ লগতে আপৰ নেতা সঞ্জয় সিঙৰ সৈতেও আলোচনাত মিলিত হৈছিল। তদুপৰি এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতেও জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কথা পাতিছিল।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে মল্লিকাৰ্জুন খৰ্গেক বিৰোধী দলসমূহৰ সৈতে যোগসূত্ৰ স্থাপনৰ বাবে প্ৰধান নেতা হিচাপে প্ৰক্ষেপ কৰিছিল। ইতিমধ্যে খৰ্গেই এই ভূমিকাত যথেষ্ট সফলতা লাভ কৰিছে বুলি বাতৰি প্ৰকাশিত হৈছিল। 

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১৫ জুনত নতুন দিল্লীত বিৰোধী দলৰ নেতাসকলৰ সৈতে এক বৈঠকৰ আহ্বান কৰিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যুটীয়া ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে দিল্লীৰ কনষ্টিটিউচন ক্লাবত বৈঠকৰ আহ্বান জনাই বেনাৰ্জীয়ে ইতিমধ্যে ২২ গৰাকী বিৰোধী দলৰ নেতালৈ পত্ৰ প্ৰেৰণ কৰিছে।

মমতা বেনাৰ্জীয়ে এই বৈঠকত মিলিত হ’বলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, তামিলনাডুৰ এম কে ষ্টালিন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে শেহতীয়াকৈ তৃতীয় মৰ্চা গঠনৰ বাবে বিশেষ উদ্যোগ লৈছিল। সমভাবাপন্ন বিৰোধী দলসমূহৰ সৈতে ইতিপূৰ্বে কেইবাবাৰো বৈঠকত মিলিত হৈছে ৰাও। চন্দ্ৰশেখৰ ৰাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ চৰকাৰৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰত্যাহ্বান থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে বুলিও জানিব পৰা গৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ