--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোন হ'ব দেশৰ ১৬ তম ৰাষ্ট্ৰপতি! সেই লৈ এতিয়া দেশৰ ৰাজনৈতিক মহলত সৰস চৰ্চা। ইতিমধ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী উভয় পক্ষই আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। অৱশ্যে কোনো এটা পক্ষই এতিয়ালৈকে ঘোষণা কৰা নাই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। অৱশ্যে নিৰ্বাচনৰ বাবে বিৰোধী পক্ষৰ মাজত চলি থকা আলোচনাৰ মাজতে পোৱা গৈছে এক নতুন খবৰ। প্ৰকাশিত খবৰ অনুসৰি বিৰোধী দলসমূহে এইবাৰ ৰাষ্ট্ৰপতি পদৰ বাবে এন চি পিৰ মুৰব্বী তথা ভাৰতীয় ৰাজনীতিৰ এজন অন্যতম বৰ্ষীয় নেতা শাৰদ পাৱাৰক থিয় কৰাব পাৰে। কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলৰ মাজত অনুষ্ঠিত হোৱা কেইবালানিও বৈঠকৰ উমৈহতীয়া প্ৰাৰ্থিত্বৰ ৰণনীতিত পাৱাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আছে। 

সূত্ৰ অনুসৰি কংগ্ৰেছে ইতিমধ্যে ৰাষ্ট্ৰপতিৰ পদৰ বাবে শাৰদ পাৱাৰক সমৰ্থন আগবঢ়াইছে। উল্লেখ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেই যোৱা বৃহস্পতিবাৰে শৰদ পাৱাৰক সাক্ষাৎ কৰিছিল। খৰ্গেই লগতে আপৰ নেতা সঞ্জয় সিঙৰ সৈতে আলোচনাত মিলিত হৈছে। তদুপৰি এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতেও জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কথা পাতিছে।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে মল্লিকাৰ্জুন খৰ্গেক বিৰোধী দলসমূহৰ সৈতে যোগসূত্ৰ স্থাপনৰ বাবে প্ৰধান নেতা হিচাপে প্ৰক্ষেপ কৰিছিল। ইতিমধ্যে খৰ্গেই এই ভূমিকাত যথেষ্ট সফলতা লাভ কৰিছে বুলি জানিব পৰা গৈছে। 

ইফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ১৫ জুনত নতুন দিল্লীত বিৰোধী দলৰ নেতাসকলৰ সৈতে এক বৈঠকৰ আহ্বান কৰিছে। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যুটীয়া ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে দিল্লীৰ কনষ্টিটিউচন ক্লাবত বৈঠকৰ আহ্বান জনাই বেনাৰ্জীয়ে ইতিমধ্যে ২২ গৰাকী বিৰোধী দলৰ নেতালৈ পত্ৰ প্ৰেৰণ কৰিছে।

মমতা বেনাৰ্জীয়ে এই বৈঠকত মিলিত হ’বলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, তামিলনাডুৰ এম কে ষ্টালিন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে শেহতীয়াকৈ তৃতীয় মৰ্চা গঠনৰ বাবে বিশেষ উদ্যোগ লৈছিল। সমভাবাপন্ন বিৰোধী দলসমূহৰ সৈতে ইতিপূৰ্বে কেইবাবাৰো বৈঠকত মিলিত হৈছে ৰাও। চন্দ্ৰশেখৰ ৰাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ চৰকাৰৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰত্যাহ্বান থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে বুলিও জানিব পৰা গৈছে। 

অৱশ্যে ৰাষ্ট্ৰপতি পদৰ বাবে শাৰদ পাৱাৰৰ নাম এতিয়া বিশেষভাৱে চৰ্চালৈ আহিলেও পাৱাৰে এতিয়ালৈকে সন্মতি জনোৱা নাই বুলি জানিব পৰা গৈছে। ভাৰতীয় ৰাজনীতিৰ অন্যতম বৰ্ষীয়ান নেতাগৰাকীৰ নাম দেশৰ ৰাজনীতিত চৰকাৰ ভঙা-পতাৰ ক্ষেত্ৰত প্ৰায়ে চৰ্চিত হৈ আহিছে। অতি শেহতীয়াকৈ তেওঁ মহাৰাষ্ট্ৰৰ শাসকীয় মিত্ৰজোঁট তৈয়াৰ কৰাৰ ক্ষেত্ৰত এক উল্লেখনীয় ভূমিকা লৈছিল। বিজেপিক পৰাভূত কৰিবলৈ আদৰ্শগতভাৱে বিৰোধী দল শিৱসেনা, এনচিপি আৰু কংগ্ৰেছক একত্ৰিত কৰিছিল পাৱাৰে।

উল্লেখ্য যে দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অহা ২৪ জুলাইত সমাপ্ত হ’ব। ইতিমধ্যে ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। আৰু প্ৰয়োজন হ'লে তিনিদিন পিছতে ভোটগণনা অনুষ্ঠিত হ'ব বুলি ইতিমধ্যে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান