--°C
Loading...
Listen to Article
2 min read
80%
কাইলৈ অনুষ্ঠিত হ’ব দেশৰ ৰাষ্ট্রপতি নিৰ্বাচন। নিৰ্বাচনক লৈ বিৰোধী বিধায়কৰ ঘৰে ঘৰে ভোটভিক্ষা বিজেপিৰ। নিৰ্বাচনৰ এদিন পূৰ্বে AIUDFৰ ভোট বিচাৰি বিধায়কৰ দুৱাৰে দুৱাৰে বিজেপিৰ মন্ত্ৰী-বিধায়ক। বিজেপিৰ ভোট ভিক্ষাক লৈ দিছপুৰত সৰৱ চৰ্চা।

বিজেপি দলৰ নেতৃত্বই চল পালেই কৰ্টাক্ষ আৰু সমালোচনা কৰে এইআইইউডিএফক। আনকু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইআইইউডিএফৰ মুৰব্বী বদৰউদ্দিন আজমল অথবা দলটোক মোগলৰ লগত তুলনা কৰি অহা আমি সকলোৱে দেখি আহিছো। নিৰ্বাচন আহিলেই শৰাইঘাট যুদ্ধৰ কথা, যাক লৈ ভোট আদায় কৰি আহিছে বিজেপিয়ে। নিৰ্বাচন আহিলেই মিয়াৰ ভোট, এইআইইউডিএফৰ ভোট নালাগে বুলি দাংকোব মাৰে বিজেপিয়ে। আনকি হৈ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনতো বিজেপি দলৰ একাংশ নেতা-কৰ্মীৰ লগতে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল এইআইইউডিএফৰ ভোট নালাগে বুলি। কিন্তু বিজেপিয়ে মুকলিকৈ ৰাজ্যসভাৰ নিৰ্বাচনত এইআইইউডিএফৰ ভোট নিবিচাৰিলেও হৈছিল ক্ৰছ ভোটিং, যাৰ ফলত সংখ্যা নাথাকিলেও ৰাজ্যসভাৰ নিৰ্বাচনত বিজয়ী হৈছিল বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী।

এইবাৰো ৰাষ্ট্ৰপতি নিৰ্বাচনত তাৰেই যেন পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা অধিক। কিয়নো কালি এনডিএ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰুোপদী মূমুৰ হৈ ভোট বিছাৰি বদৰুদ্দিন আজমলৰ শৰণাপন্ন হয় খোদ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সঞ্জয় কিষাণ, ৰূপজ্যোতি কুৰ্মীৰ লগতে ভোটভিক্ষা একাংশ মন্ত্ৰী-বিধায়কৰ। তেওঁলোকে আজমলক গামোচা পিন্ধাই ভোট ভিক্ষা খুজিলৈ বিজেপি প্ৰাৰ্থী গৰাকীৰ সপক্ষে ভোট দিবলৈ। ইফালে আজমলে কয় যে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীক ভোট প্ৰদান কৰিব এইআইইউডিএফে  

ভোট নালাগে বুলি কিয় এইআইইউডিএফৰ শৰাণাপন্ন হল বিজেপি

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত শাসকীয় দলৰ এনে গতি-বিধি চাই, এইবাৰো ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিংঙৰ আশংকা অধিক ঘনীভূত হৈছে। পুনৰ হয়তো এইবাৰো ৰাষ্ট্ৰপতি নিৰ্বাচনত এইআইইউডিএফৰ প্ৰাৰ্থীসকলে ভোট প্ৰদান কৰিব বিজেপি ৰাষ্ট্ৰপতি প্ৰাৰ্থীগৰাকীৰ সপক্ষে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে