--°C
Loading...
Listen to Article
2 min read
80%
কাইলৈ অনুষ্ঠিত হ’ব দেশৰ ৰাষ্ট্রপতি নিৰ্বাচন। নিৰ্বাচনক লৈ বিৰোধী বিধায়কৰ ঘৰে ঘৰে ভোটভিক্ষা বিজেপিৰ। নিৰ্বাচনৰ এদিন পূৰ্বে AIUDFৰ ভোট বিচাৰি বিধায়কৰ দুৱাৰে দুৱাৰে বিজেপিৰ মন্ত্ৰী-বিধায়ক। বিজেপিৰ ভোট ভিক্ষাক লৈ দিছপুৰত সৰৱ চৰ্চা।

বিজেপি দলৰ নেতৃত্বই চল পালেই কৰ্টাক্ষ আৰু সমালোচনা কৰে এইআইইউডিএফক। আনকু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইআইইউডিএফৰ মুৰব্বী বদৰউদ্দিন আজমল অথবা দলটোক মোগলৰ লগত তুলনা কৰি অহা আমি সকলোৱে দেখি আহিছো। নিৰ্বাচন আহিলেই শৰাইঘাট যুদ্ধৰ কথা, যাক লৈ ভোট আদায় কৰি আহিছে বিজেপিয়ে। নিৰ্বাচন আহিলেই মিয়াৰ ভোট, এইআইইউডিএফৰ ভোট নালাগে বুলি দাংকোব মাৰে বিজেপিয়ে। আনকি হৈ যোৱা ৰাজ্যসভাৰ নিৰ্বাচনতো বিজেপি দলৰ একাংশ নেতা-কৰ্মীৰ লগতে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল এইআইইউডিএফৰ ভোট নালাগে বুলি। কিন্তু বিজেপিয়ে মুকলিকৈ ৰাজ্যসভাৰ নিৰ্বাচনত এইআইইউডিএফৰ ভোট নিবিচাৰিলেও হৈছিল ক্ৰছ ভোটিং, যাৰ ফলত সংখ্যা নাথাকিলেও ৰাজ্যসভাৰ নিৰ্বাচনত বিজয়ী হৈছিল বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী।

এইবাৰো ৰাষ্ট্ৰপতি নিৰ্বাচনত তাৰেই যেন পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা অধিক। কিয়নো কালি এনডিএ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰুোপদী মূমুৰ হৈ ভোট বিছাৰি বদৰুদ্দিন আজমলৰ শৰণাপন্ন হয় খোদ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সঞ্জয় কিষাণ, ৰূপজ্যোতি কুৰ্মীৰ লগতে ভোটভিক্ষা একাংশ মন্ত্ৰী-বিধায়কৰ। তেওঁলোকে আজমলক গামোচা পিন্ধাই ভোট ভিক্ষা খুজিলৈ বিজেপি প্ৰাৰ্থী গৰাকীৰ সপক্ষে ভোট দিবলৈ। ইফালে আজমলে কয় যে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীক ভোট প্ৰদান কৰিব এইআইইউডিএফে  

ভোট নালাগে বুলি কিয় এইআইইউডিএফৰ শৰাণাপন্ন হল বিজেপি

নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত শাসকীয় দলৰ এনে গতি-বিধি চাই, এইবাৰো ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিংঙৰ আশংকা অধিক ঘনীভূত হৈছে। পুনৰ হয়তো এইবাৰো ৰাষ্ট্ৰপতি নিৰ্বাচনত এইআইইউডিএফৰ প্ৰাৰ্থীসকলে ভোট প্ৰদান কৰিব বিজেপি ৰাষ্ট্ৰপতি প্ৰাৰ্থীগৰাকীৰ সপক্ষে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য