--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাওণ মাহৰ শুক্ল পক্ষৰ পঞ্চমদিনা নাগ পঞ্চমী উদযাপন কৰা হয়। সেই দিনটোতে সাপৰ দেৱতাৰ পূজা কৰা হয়। চলিত বৰ্ষৰ ২ আগষ্ট মঙলবাৰে নাগ পঞ্চমী উৎসৱ পালন কৰা হব। দেশ আৰু বিশ্বত সাপৰ সৈতে জড়িত বহুতো তথ্য আছে আৰু ই এনে এক প্ৰজাতিৰ জীৱ, যাৰ বিষয়ে অধিক জনাৰ কৌতুহল সকলোৰে মনত থাকে। এই উপলক্ষে সাপৰ সৈতে জড়িত কিছু তথ্যৰ বিষয়ে জানো আহক।

 সাপৰ বিষয়ে কিছু আকৰ্ষণীয় তথ্য-

 * সাপৰ কণী চাই গম পোৱা যায় যে ই মতা নে মাইকী সাপৰ কণী। যিবোৰ কণী জিলিকি উঠে সেইবোৰ মতা আৰু যিবোৰ কণীৰ ৰেখাযুক্ত সেইবোৰ মাইকী সাপ।

 * সাপে নিজৰ কণীবোৰ ৬মাহলৈকে ইনকিউবেট কৰে আৰু যেতিয়া পোৱালিবোৰ জন্ম হৈ ওলাই আহে তেতিয়া বহু পোৱালি নিজে খাই পেলায়। সাধাৰণতে সেই পোৱালিবোৰহে জীয়াই থাকিবলৈ সক্ষম হয়, যিবোৰ ইফাল-সিফাল হৈ থকা কণীৰ পৰা ওলাই আহে আৰু মাতৃ সাপৰ সেইবোৰত দৃষ্টি নপৰে।

 * বাৰিষা কালতহে সাপে গৰ্ভধাৰণ কৰে আৰু প্ৰায়বোৰ কণী কাতি মাহৰ পৰা ওলায়।

 * কণীৰ পৰা ৭দিন ওলোৱাৰ পাছতহে সাপৰ দাঁতবোৰ বাঢ়ে আৰু ২১দিনৰ পাছত বিষো আহে। যদি সাপটো বিষাক্ত হয় তেন্তে ই জন্মৰ ২৫দিনৰ পাছতহে কাৰোবাৰ প্ৰাণ লবলৈ সক্ষম হৈ পৰে।

 * বৈজ্ঞানিক তথ্য অনুসৰি সাপৰ বয়স ১০০ বছৰতকৈও অধিক। ই সৰ্বাধিক ১২০ বছৰ। কিন্তু অতি কম প্ৰজাতিৰ সাপ ইমানদিন জীয়াই থাকবিলৈ সক্ষম হয়।

 * যদিও সাপৰ ভৰি দেখা নাযায়, কিন্তু সাপৰ ভৰি থাকে।  অতি সৰু হোৱাৰ বাবে দেখা নাযায়। কেৱল খোজ কাঢ়োতেহে সাপৰ ভৰিকেইখন ওলায়, বাকী সময়খিনি ভৰি দুখন ভিতৰত ৰাখে।

 * সাপ আৰু ইয়াৰ বিষৰ বয়স তাৰ জন্মৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় কৰা হয়। অৰ্থাৎ কণীৰ পৰা অকালতে ওলোৱা সাপবোৰৰ বয়স মাত্ৰ ৪০ৰ পৰা ৪৫ বছৰ জীয়াই থাকে। ইয়াৰ উপৰি ইহঁতৰ বিষো লেহেমীয়া আৰু কম ফলপ্ৰসূ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে