--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ শনিবাৰে তৃতীয়বাৰৰ বাবে শপত ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে মোদী   প্ৰথমগৰাকী  তিনিটা কাৰ্যকালৰ প্ৰধানমন্ত্ৰী পদৰ  নেতা হিচাবে বিবেচিত  হ’ব।  মোদীয়ে বুধবাৰে ৰাষ্ট্ৰপতি ভৱনলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু তেওঁৰ লগতে  তেওঁৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ দাখিল কৰে। ৰাষ্ট্ৰপতিয়ে তেওঁক শপতগ্ৰহণৰ সময়লৈকে নিজৰ দায়িত্ব  অব্যাহত ৰাখিবলৈ কয়।২০১৪ চনত ২৮২ খন আৰু ২০১৯ চনৰ নিৰ্বাচনত ৩০৩ খন আসন লাভ কৰা কৰা  ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ ২৪০ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছে। 

বিজেপিয়ে অকলে লাভ কৰা এই আসনৰ সংখ্যা  ২৭২ সংখ্যাগৰিষ্ঠতাৰ সংখ্যাৰ ৩২ খন  কম। এতিয়া তৃতীয়বাৰৰ বাবে কাৰ্যকাল দৃঢ় কৰিবলৈ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ সদস্যসকলে লাভ কৰা ৫৩খন আসনৰ ওপৰত মোদীয়ে  নিৰ্ভৰ কৰিবলগীয়া হৈছে। মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত লোকসভাৰ আসনখন অক্ষুণ্ণ ৰাখি কংগ্ৰেছৰ অজয় ​​ৰায়ক ১.৫ লাখতকৈও কম ভোটত পৰাস্ত কৰি মন্দিৰ চহৰখনৰ পৰা তিনিবাৰৰ সাংসদ  হৈছে।  

মোদীয়ে বুধবাৰে  কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন বৈঠকত অধ্যক্ষতা কৰে।  ইপিনে এনডিএৰ এখন বৈঠকতো মোদীয়ে অংশগ্ৰহণ কৰে। এনডিএৰ বৈঠকতে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ প্ৰস্তাৱলৈ ৰাষ্ট্ৰপতিৰ কাষলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement