--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ শনিবাৰে তৃতীয়বাৰৰ বাবে শপত ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে মোদী   প্ৰথমগৰাকী  তিনিটা কাৰ্যকালৰ প্ৰধানমন্ত্ৰী পদৰ  নেতা হিচাবে বিবেচিত  হ’ব।  মোদীয়ে বুধবাৰে ৰাষ্ট্ৰপতি ভৱনলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু তেওঁৰ লগতে  তেওঁৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ দাখিল কৰে। ৰাষ্ট্ৰপতিয়ে তেওঁক শপতগ্ৰহণৰ সময়লৈকে নিজৰ দায়িত্ব  অব্যাহত ৰাখিবলৈ কয়।২০১৪ চনত ২৮২ খন আৰু ২০১৯ চনৰ নিৰ্বাচনত ৩০৩ খন আসন লাভ কৰা কৰা  ভাৰতীয় জনতা পাৰ্টিয়ে এইবাৰ ২৪০ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছে। 

বিজেপিয়ে অকলে লাভ কৰা এই আসনৰ সংখ্যা  ২৭২ সংখ্যাগৰিষ্ঠতাৰ সংখ্যাৰ ৩২ খন  কম। এতিয়া তৃতীয়বাৰৰ বাবে কাৰ্যকাল দৃঢ় কৰিবলৈ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ সদস্যসকলে লাভ কৰা ৫৩খন আসনৰ ওপৰত মোদীয়ে  নিৰ্ভৰ কৰিবলগীয়া হৈছে। মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত লোকসভাৰ আসনখন অক্ষুণ্ণ ৰাখি কংগ্ৰেছৰ অজয় ​​ৰায়ক ১.৫ লাখতকৈও কম ভোটত পৰাস্ত কৰি মন্দিৰ চহৰখনৰ পৰা তিনিবাৰৰ সাংসদ  হৈছে।  

মোদীয়ে বুধবাৰে  কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন বৈঠকত অধ্যক্ষতা কৰে।  ইপিনে এনডিএৰ এখন বৈঠকতো মোদীয়ে অংশগ্ৰহণ কৰে। এনডিএৰ বৈঠকতে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ প্ৰস্তাৱলৈ ৰাষ্ট্ৰপতিৰ কাষলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী